ডিজিটেল সংবাদ,নাগালেণ্ডঃ অপহৰণকাণ্ডক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি পাইছে অসম-নাগালেণ্ড সীমান্তত। মুছলেক আলী নামৰ এজন অসমৰ ব্যৱসায়ীক নগা বিদ্ৰোহী সংগঠনে অপহৰণ কৰা লৈ সীমান্তত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই ঘটনাৰ বিৰোধিতা কৰি চৰাইদেউৰ নামতোলাত ব্যৱসায়ী সন্থাৰ সহযোগত বিভিন্ন সংগঠনে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
জানিব পৰা মতে, মুছলেক আলীৰ অপহৰণকাণ্ডৰ বহু দিন পাৰ হ'ল যদিও অসম আৰক্ষীয়ে আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীয়ে। সেয়ে শুকুৰবাৰে পুৱা ৫ বজাৰ পৰাই নামতোলাত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰে ব্যৱসায়ী তথা সংগঠনসমূহে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অপহৰণৰ পাছতে দুৰ্বৃত্তই এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল। মুছলেক আলীয়ে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি নগা সমাজ ধ্বংস কৰাৰ অভিযোগতে মুছলেক আলীক অপহৰণ কৰা বুলি নগা দুৰ্বৃত্তই প্ৰকাশ কৰিছিল। তাৰ পিছত পুনৰ আন এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি মুছলেক আলীৰ মুক্তিৰ বাবে ২৫ লাখ টকাৰ দাবী কৰিছে অপহৰণকাৰীয়ে।
২৫ লাখ টকা দিলেহে অপহৃত মুছলেক আলীক মুকলি কৰি দিয়া হ'ব বুলি ভিডিঅ'টোত জনাইছে মুছলেকে। ঘৰ মাটি বন্ধকত দি হ'লেও ২৫ লাখ যোগাৰ কৰি তেওঁক মোকোলাবলৈ ভিডিঅ'টোৰ জৰিয়তে পৰিয়ালক কাতৰ আহ্বান জনাইছে মুছলেক আলীয়ে।
ইফালে প্ৰতিবাদস্থলীত ইতিমধ্যে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। উল্লেখ্য যে, ২৫ নৱেম্বৰ, সোমবাৰে সন্ধিয়া চৰাইদেউৰ নামতোলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থকা সময়তে নগা দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল মুছলেক আলীক। সমগ্ৰ ঘটনাক লৈ অসম-নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা দেখা গৈছে।