/asomiyapratidin/media/media_files/2025/09/20/whatsapp-image-2025-09-20-12-08-17.jpeg)
ডিজিটেল ডেস্কঃ সংগীতৰ পৃথিৱীখনত কেতিয়াবা জন্ম হয় অদ্ভুত প্ৰতিভাধৰৰ। কম দিনৰ ভিতৰতে প্ৰতিভাৰ জৰিয়তে নক্ষত্ৰ দৰে উজলি উঠে। অনুৰাগীৰ হৃদয়ত সাজি লয় একো একো ঘৰ। তেওঁলোকৰ সৃষ্টি যেন হৈ পৰে জীৱনৰ অভিন্ন অংগ। পিছে খুব কমদিনৰ বাবে আহি জীৱনৰ বাবে সাঁচ বহোৱাই থৈ নেদেখা দেশলৈ আঁতৰি যায় প্ৰিয় শিল্পী। অনুৰাগীৰ চকুৰ পানী, মনৰ বিষাদ শূন্যতাৰ সৈতে মিলি যায়।
মাইকেল জেকছন, কেকে, মুকেশ, কিশোৰ কুমাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, জয়ন্ত হাজৰিকাৰ দৰে শিল্পীয়ে খুব কম সময়ৰ বাবে আহি দি থৈ গল বহুত কিবা-কিবি। শেহতীয়াকৈ এই তালিকাত নাম সাঙোৰ খালে আপোন শিল্পী জুবিন গাৰ্গৰো।
১৫০ বছৰ জীয়াই থকাৰ সপোন দেখিছিল পপ তাৰকা মাইকেল জেকচনে। লগত প্ৰতি মুহুৰ্ততে ৰাখিছিল চিকিতসকৰ দল। সাজু কৰি ৰাখিছিল অৰ্গেন ডনাৰ। প্ৰতিদিনে খাদ্য পৰীক্ষা কৰাৰ পাছতহে গ্ৰহণ কৰিছিল মাইকেলে। কিন্তু ইমানবোৰ সাৱধানতাৰ পাছতো কম বয়সতে আঁতৰি গৈছিল মাইকেল জেকচন। লছ এঞ্জেলেছৰ নিজা বাসগৃহত ২০০৯ চনৰ ২৫ জুনত তেওঁৰ মৃত্যু হৈছিল।
এদিন এনেকৈয়ে ৪৮ বছৰ বয়সত আতঁৰি গৈছিল জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া কথাছবিৰ বাটনিৰ্মাতা জ্যোতিপ্ৰসাদে ৰচনা কৰিছিল কেইবাটাও সুমধুৰ গীত। আনকি অসমীয়া গীতৰ সুৰৰ ক্ষেত্ৰত কৰিছিল নতুন নতুন সম্পৰীক্ষা। অসমীয়া গীতত প্ৰথমবাৰৰ বাবে লোকগীত, বিয়ানামৰ সুৰ ব্যৱহাৰ কৰিছিল জ্যোতিপ্ৰসাদে। পিছে, কম বয়সতে মৃত্যু হৈছিল জ্যোতিপ্ৰসাদৰো। ১৯৫১ চনত ১৭ জানুৱাৰীত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ কম বয়সতে জ্যোতিপ্ৰসাদৰ মৃত্যু হৈছিল।
তাতোকৈয়ো কম সময়ৰ বাবে আমাৰ সৈতে আছিল জয়ন্ত হাজৰিকা। যাৰ গীতে আজিও আৱৰি ৰাখে প্ৰতিজন অসমীয়াক। প্ৰতিটো প্ৰজন্মই আকোৱালি লয় তেওঁৰ গান। জয়ন্ত হাজৰিকাই গান গোৱা, সুৰ দিয়াৰ উপৰিও কেইবাবিধো বাদ্য যন্ত্ৰ বজোৱাত সিদ্ধহস্ত আছিল। তেখেতে গীটাৰ, ডুম্ৰা, মেণ্ডোলিন, এক'ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেইবাবিধো বাদ্যযন্ত্ৰ বজাব জানিছিল। কিন্তু এইগৰাকী প্ৰতিভাৱান শিল্পীয়ে মাত্ৰ ৩৪ বছৰ বয়সত ১৯৭৭ চনৰ ১৫ অক্টোবৰত সাৱটি লৈছিল অকাল মৃত্যুক।
ভাৰতীয় সংগীত জগতৰ কিংবদন্তি শিল্পী আছিল কিশোৰ কুমাৰ। সংগীত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপে কিশোৰ কুমাৰে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সাজিছিল সুকীয়া ঘৰ। আজিও প্ৰতিজন সংগীতপ্ৰেমীয়ে গুণগুণাই কিশোৰ কুমাৰৰ অমৰ সৃষ্টি। পিছে আকস্মিকভাৱে এদিন হেৰাই গৈছিল প্ৰিয় শিল্পীগৰাকী। ১৯৮৭ চনৰ ১৩ অক্টোবৰত ৫৮ বছৰ বয়সত মৃত্যু হৈছিল কিশোৰ কুমাৰৰ।
'কহী দূৰ কয়ি দিন ধল যায়ে', 'দৌস্ত দৌস্ত না ৰাহা', 'জীনা য়াহা মৰণা য়াহা' আদি গীতৰ জৰিয়তে সকলোৰে হৃদয়ত ঠাই লৈছিল জনপ্ৰিয় কণ্ঠশিল্পী মুকেশে। কিন্তু এইগৰাকী শিল্পীয়েও সাৱটি লৈছিল অকাল মৃত্যুক। হেৰাই গৈছিল এটা সুৰীয়া কণ্ঠ। ১৯৭৬ চনৰ ২৭ আগষ্টত মাত্ৰ ৫৩ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল কণ্ঠশিল্পীগৰাকীৰ।
কলকাতাৰ নাজৰুল মঞ্চত গীত গাই থাকোতেই অসুস্থ হৈ পৰিছিল কেকে। আৰু তাৰ পাছতে হাজাৰ হাজাৰ অনুৰাগীক কন্দোৱাই গুচি গৈছিল নেদেখা দেশলৈ। এটা প্ৰজন্মক সংগীতৰ মায়াজালে মোহাচন্ন কৰি ৰাখিছিল কেকেয়ে। ২০২২ চনৰ ৩১ মে’ত মাত্ৰ ৫৩ বছৰ বয়সত কেকেৰ মৃত্যু হৈছিল।
এনেকৈয়ে কম বয়সত আঁতৰি গল অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। প্ৰতিজন অনুৰাগীক কন্দোৱাই কমবয়সতে কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গল জুবিন। কেতিয়াও নভবা, কেতিয়াও মানি লব নোৱাৰা এক নিষ্ঠুৰ সত্যৰ সৈতে এতিয়া মুখামুখি হৈছে প্ৰতিজন অসমীয়া।