সফলতাৰে সম্পন্ন মিউজিকেবিলিটি ২.০ ব্যতিক্ৰমী সংগীতানুষ্ঠান...

নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰৰ দ্য ষ্টেইন অডিটৰিয়ামত মিউজিকেবিলিটি ২.০ এক ব্যতিক্ৰমী সংগীতানুষ্ঠান সফলতাৰে সম্পন্ন হয়।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰৰ দ্য ষ্টেইন অডিটৰিয়ামত মিউজিকেবিলিটি ২.০ এক ব্যতিক্ৰমী সংগীতানুষ্ঠান সফলতাৰে সম্পন্ন হয়। এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ব্যতিক্ৰমী শিল্পীসকল একত্ৰিত হয়। ইপিনে অনুষ্ঠানৰ সন্ধিয়াত ডিব্ৰুগড়ৰ নিউৰ’ডাইভাৰ্জেণ্ট পিয়ানোবাদক দেৱাংগ বিদ্ৰুম কলিতা, গাৰো হিলছৰ দৃষ্টিহীন গায়ক-গীটাৰিষ্ট ৰকমান মৰাক আৰু মেঘালয়ৰ দৃষ্টিহীন কিবৰ্ডবাদক ডাকামেই মাৰ্বানিয়াঙে অংশগ্ৰহণ কৰে। 

উল্লেখ্য যে, এই অনুষ্ঠানত উত্তৰ -পূৱৰ বিশিষ্ট শিল্পী ল' মাজাউয়ে গীত পৰিৱেশন কৰি উৎসাহিত কৰে বিশেষভাৱে সক্ষম শিল্পী সকলক ৷ মেবান লিংডোহ, ঘন কান্ত ডেকা আৰু ৰূপম তালুকদাৰৰ সহযোগত এই অনুষ্ঠানত অসম আৰু মেঘালয়ৰ লোকগীত পৰিৱেশন কৰে ৷

দিল্লী