মুছলপুৰত সম্পন্ন বিশাল হিন্দু সন্মিলন...

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত বিশাল হিন্দু সন্মিলনৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
RWRTR6Y

ডিজিটেল সংবাদ,মুছলপুৰঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত বিশাল হিন্দু সন্মিলনৰ আয়োজন কৰা হয়। মুছলপুৰ নগৰ হিন্দু সন্মিলন আয়োজক সমিতিৰ সভাপতি বানেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সন্মিলনত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ অসম প্ৰান্তৰ ধৰ্ম প্ৰচাৰ প্ৰমুখ অনুপ দাস আৰু বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা উত্তৰ অসম প্ৰান্তৰ মহিলা সমন্বয় সহ সংযোজিকা অনুপমা দেৱীয়ে উপস্থিত থাকি সমবেত ৰাইজক বৌদ্ধিক প্ৰদানেৰে উদ্বুদ্ধ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে ধৰ্মধ্বজা উত্তোলন কৰে মুছলপুৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি গৌতম খাকলাৰীয়ে, বন্তি প্ৰজ্বলন কৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুঞ্জ লহকৰে আৰু ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বাক্সা বন সংমণ্ডল মুছলপুৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত বীট অফিচাৰ কনক কুমাৰ কলিতাই। তাৰপাছতে গো-পূজন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

মুছলপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা আৰু সহস্ৰাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত থিয়নাম আৰু সংকীৰ্তনৰ লগতে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুছলপুৰ নগৰৰ সংঘচালক নিতুল ব্ৰহ্ম, কাৰ্যবাহ সঞ্জয় দাস, বাক্সা জিলা পৰ্যাবৰণ প্ৰমুখ সুবল কলিতা, আয়োজক সমিতিৰ সম্পাদক গৌতম কলিতা আদিও উপস্থিত থাকে।

মুছলপুৰ