/asomiyapratidin/media/media_files/2025/11/19/whatsapp-image-2025-11-19-17-42-42.jpeg)
ডিজিটেল সংবাদ,বাক্সাঃ Assam Science Technology and Environment Council ৰ নিৰ্দ্দেশ মৰ্মে আজি বাক্সাৰ মুছলপুৰত থকা
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সৌজন্যত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক মডেল, আৰ্ট,আকস্মিক বক্তৃতা আৰু আইডিয়া প্ৰতিযোগিতা সম্পন্ন হয়।
প্ৰাণিধানযোগ্য যে, কাৰ্যসূচীৰ প্ৰথমতে আৰ্যভট্টৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি মাল্যাৰ্পণ কৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নিৰুপমা হালৈ আৰু মডেল প্ৰতিযোগিতাৰ মুখ্যদ্বাৰ মুকলি কৰে বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মহম্মদ জেহিৰুল ইছলামে।
তাৰোপৰি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মুছলপুৰ ব্লকৰ কো-অৰ্ডিনেটৰ ফুংখা বসুমতাৰীয়ে জানিবলৈ দিয়া মতে- এই কাৰ্যসূচীত মুঠ ১৪ খন বিদ্যালয়ৰ পৰা মুঠ ২৫ টা বিভিন্ন মডেলেৰে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বিভিন্ন প্ৰতিযোগিতাত ১৫০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
আনফালে কাৰ্যসূচীৰ মুকলি সভাত অংশগ্ৰহণ কৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত কলিতা, নিকাচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বদ্ৰিনাথ গুৰাগাই আৰু বিভিন্ন বিদ্যালয়ৰ গাইড শিক্ষকসকলে। মুকলি সভাৰ জৰিয়তে পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us