দেহত ৯টা বুলেট লৈ অলিম্পিকত সোণ আজুঁৰি অনা ভাৰতৰ মুৰুলী...

দেহত ৯টা বুলেট লৈ অলিম্পিকত সোণ আজুঁৰি অনা ভাৰতৰ মুৰুলী...

ভাৰতৰ এগৰাকী ৰিয়েল হিৰোৰ কাহিনী এয়া। নাম মুৰুলীকান্ত। পাক সেনাৰ ৯টা বুলেট দেহত লৈও কিদৰে সপোন দেখি ভাল পোৱা মুৰুলীকান্তে অলিম্পিকৰ সোণৰ পদক আজুৰি আনিছিল, তাৰে কিছু উত্থান-পতনৰ কাহিনীৰে ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

সেই সময়ত আজিৰ দৰে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ নাছিল। যদি থাকিলেতেহেন তেওঁক লৈ হয়তো লাইক, কমেন্ট, শ্বেয়াৰৰ বৰষুণ হ’লহেতেন । সীমান্তত শত্ৰু ৰাষ্ট্ৰৰ ৯টা গুলী খাই মৃত্যু মুখৰ পৰা বাচি আহি ভাৰতৰ বাবে অলিম্পিকত সোণৰ মেডেল আজুৰি অনা এই ৰিয়েল হিৰোজনৰ বিষয়ে আজি কিছু কথা জানো আহক।

চন ১৯৪৪চনৰ ১নৱেম্বৰ। মহাৰাষ্ট্ৰৰ সাংগলী জিলাৰ এটা দৰিদ্ৰ পৰিয়ালত জন্ম হৈছিল এটি শিশুৰ। পিতৃ-মাতৃয়ে তেওঁৰ নাম দিলে মুৰুলীকান্ত। সৰুৰে পৰাই পঢ়া-শুনাতকৈ খেলৰ প্ৰতিহে বেছি আগ্ৰহ আছিল মুৰুলীৰ। কিন্তু দেউতাকে এইবোৰৰ পৰা আতঁৰাই কঠোৰ অনুশাসনত ৰাখিবলৈ সদায়ে চেষ্টা কৰিছিল।

পঢ়া-শুনাত মন নাছিল বাবেই মুৰুলীয়ে দশম শ্ৰেণীৰ দেওনা পাৰ নহওঁতেই কেইবাবাৰো ফেইল কৰিছিল। ইয়াৰ প্ৰধান কাৰন আছিল খেলা-ধূলাত অধিক ৰাপ। স্কুলৰ পৰা পলাই আহি কেতিয়াবা মুৰুলীয়ে গাঁৱত পাৰম্পৰিকভাৱে কুস্তি (ভাৰোত্তোলন/বক্সিং) শিকোৱা স্কুলত বহি থাকেহি।

প্ৰায়ে স্কুলৰ পৰা পলাই আহি এনেদৰে বেলেগে কুস্তি খেলা চাই থকা মুৰুলীক এদিন গাঁৱৰ প্ৰশিক্ষকজনে সুধিলে- এনেদৰে স্কুলৰ পৰা পলাই আহিলে জীৱন বৰবাদ হব। তোৰ জীৱনৰ লক্ষ্য কি? মুৰুলীয়ে তেতিয়া উত্তৰ দিলে যে, দেশৰ কাৰন অলিম্পিক খেলা।

প্ৰশিক্ষকজনে হাঁহি মাৰি সুধিলে- অলিম্পিক খেলিবি? তই জাননে অলিম্পিকত কেইটা পদক থাকে? মুৰুলীয়ে কিবা এটা ভাৱি মূৰটো খজুৱাই উত্তৰ দিলে- অলিম্পিকত কেইটা পদক থাকে? প্ৰশিক্ষকজনে কলে- তিনিটা। সোণ, ৰূপ আৰু বঞ্জৰ। মুৰুলীয়ে আকৌ সুধিলে- ভাল খেলিলে কোনটো পদ দিয়ে? প্ৰশিক্ষকজনে মুৰুলীৰ মূৰত হাত ফুৰাই কলে- আটাইতকৈ ভাল খেলাজনক সোণৰ পদক দিয়ে। মুৰুলীয়ে তেতিয়া কলে- তেনেহলে মই সেইটোৱে জিকিম। হাঁহি মাৰি প্ৰশিক্ষকজন আঁতৰি গল।

সেইসময়ত মুৰুলীৰ সেই কথা হাঁহি মাৰি সকলোৱে উৰুৱাই দিলেও এদিন সচাঁকৈয়ে মুৰুলীয়ে দেশৰ বাবে আজুৰি আনিলে অলিম্পিকৰ সোণৰ পদক। ব্যক্তিগত শিতানত এইটোৱে আছিল অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদক। মুৰুলীকান্তৰ এই সোণালী যাত্ৰাত কিমান যে ঘাত প্ৰতিঘাত, তাৰো সীমা সংখ্যা নাছিল।

মুৰুলীকান্তৰ এই যাত্ৰাৰ বিষয়ে জানিবলৈ আমি আকৌ উভতিব লাগিব ১৯৫৬চনলৈ। মুৰুলীকান্তৰ বয়স তেতিয়া ১২বছৰ। তেতিয়ালৈকে মুৰুলীয়ে স্কুলৰ বাহিৰেও কুস্তিৰ প্ৰশিক্ষণশালালৈ নিয়মীয়াকৈ গৈ আছিল। নিয়মীয়াকৈ গৈছিল যদিও মুৰুলীক প্ৰশিক্ষণশালাটোৰ কোনেও বৰ বেছি গুৰুত্ব দিয়া নাছিল।

এদিন প্ৰশিক্ষকগৰাকীয়ে কলে যে গাঁৱৰ গাওবুঢ়াৰ পুতেকৰ সৈতে এখন কুস্তি খেল খেলিব লাগে। কিন্তু আঁচল কথাটো হল, সেই খেলখনত গাওবুঢ়াৰ পুতেকৰ লগত জিকিবলৈ নহয়, হাৰিবলৈহে খেলিব লাগিব। গাওবুঢ়াৰ প্ৰতিপত্তি যাতে আৰু অধিক বৃদ্ধি পায় তাৰ বাবে দুই নম্বৰী কৰি এই খেলখন অনুষ্ঠিত কৰা হৈছিল। সকলো কুস্তি খেলুৱৈয়ে এই খেলখন খেলিবলৈ অমান্তি হৈছিল। তেতিয়াই প্ৰশিক্ষকগৰাকীয়ে মুৰুলীক উক্ত খেলখনৰ বাবে নিৰ্বাচন কৰিছিল। মুৰুলীক কিন্তু কোৱা নাছিল যে, সেই খেলখনত জিকাৰ সলনি হাৰিবহে লাগে।

সকলোৱে ভাৱিছিল কুস্তিৰ বৰ বিশেষ কিটিপ নজনা মুৰুলীক গাওবুঢ়াৰ পুতেকে সহজেই হৰুৱাব পাৰিব। কিন্তু খেলত তাৰ বিপৰীতটোহে হৈছিল। গাওঁবুঢ়াৰ পুতেকক দাঙি খেলপথাৰৰ বাহিৰত পেলাই দিছিল মুৰুলীয়ে। মুৰুলীৰ খেল দেখি প্ৰশিক্ষকো আচৰিত হল। কুস্তিৰ একো এটা কিটিপ ভালকৈ নিশিকোৱা মুৰুলীয়ে ইমান ভাল কেনেকৈ খেলিব পাৰিলে।

খেল শেষ হোৱাৰ পাছতে গাওবুঢ়াই মাতি নি প্ৰশিক্ষকক জবাবদিহি কৰিলে। প্ৰশিক্ষকে গাওবুঢ়া কলে যে, মুৰুলীয়ে ইমান ভাল খেলে বুলি তেওঁ নিজেও জনা নাছিল।  পুতেকৰ পৰাজিত কৰাৰ পিছতে গাওবুঢ়াই গুণ্ডা লগাই মুৰুলীৰ পৰিয়ালৰ ওপৰত অত্যাচাৰ কৰোৱালে। মুৰুলীক প্ৰাণে মৰাৰ বাবেও পৰিকল্পনা ৰচিলে। এই সকলোবোৰ ষড়যন্ত্ৰৰ কথা গম পাই এদিন ৰাতি মুৰুলীয়ে গাওঁ এৰি পলায়ন কৰিলে।

গৰু গাড়ীত উঠি মুৰুলীয়ে চহৰ পালেহি। কি কৰিব, কি নকৰিব একো তলকিবই পৰা নাছিল গাঁৱৰ সহজ-সৰল মুৰুলীয়ে। খেলা-ধুলাত থকা ৰাপৰ বাবেই দশম মান শ্ৰেণী নৌ পাওতেই ফেইল কৰিছিল মুৰুলীয়ে। চহৰত ইফাল সিফাল কৰি থাকোতেই মুৰুলীয়ে লগ পালে পাঞ্জাৱৰ এগৰাকী যুৱকক। ভাৰতীয় সেনাত ভৰ্তি হবলৈ অহা এই পাঞ্জাৱৰ যুৱকগৰাকীয়ে মুৰুলীকো সেনাত ভৰ্তি হবলৈ কলে।

সেনাত ভৰ্তি হবলৈ বন্ধুজনে পৰামৰ্শ দিছিল যদিও মুৰুলীয়ে সি সৰুৰে পৰা মনত পুহিঁ ৰখা অলিম্পিক খেলাৰ সপোনটোৰ কথা কলে। বন্ধুজনে কলে যে, ভাৰতীয় সেনাত যোগদান কৰাৰ পাছত অলিম্পিকৰ এই যাত্ৰা এতিয়াতকৈ অধিক সহজ হব। বন্ধুৰ পৰামৰ্শ মানিয়েই ভাৰতীয় সেনাৰ প্ৰাৰম্ভিক পৰীক্ষা দি উৰ্ত্তীণ হৈ প্ৰশিক্ষণৰ বাবে মুৰুলীক পঠোৱা হল নাইনীতাললৈ।

সেনাৰ প্ৰশিক্ষণৰ সময়চোৱাতে এদিন এগৰাকী অফিচাৰক মুৰুলীয়ে তাৰ সপোনটোৰ কথা কৈছিল। অফিচাৰ গৰাকীয়ে মুৰুলীক বক্সিং প্ৰশিক্ষণৰ বাবে সেনাৰ চাউনীত থকা ক্ৰীড়া বিভাগৰ সৈতে কথা পাতি দিছিল। গাঁৱৰ কুস্তি খেল আৰু বক্সিং খেলৰ মাজত কিছু সাদৃশ্য থাকিলেও, বক্সিঙৰ বহু কিটিপ নাজানিছিল মুৰুলীয়ে। কিন্তু কঠিন প্ৰশিক্ষণ, নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে কম সময়ৰ ভিতৰতে এগৰাকী ভাল বক্সাৰ হৈ উঠিছিল মুৰুলী।

চন ১৯৬৪। মুৰুলীৰ বয়স তেতিয়া ২০বছৰ। ভাৰতীয় সেনাৰ বহু প্ৰতিযোগিতা মেডেল জয় কৰিছিল মুৰুলীয়ে।  ১৯৬৪চনত টকিঅত অনুষ্ঠিত হোৱা আন্তঃজাৰ্তিক সেনা বাহিনী প্ৰতিযোগিতাত মুৰুলীকে ধৰি আন কেইবাগৰাকীও খেলুৱৈয়ে ভাৰতৰ হৈ যোগদান কৰিছিল। কিন্তু সেই প্ৰতিযোগিতা দক্ষিণ আফ্ৰিকাৰ এগৰাকী খেলুৱৈৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় মুৰুলী। যদিহে উক্ত খেলত মুৰুলীয়ে সোণৰ পদক আজুৰি আনিব পাৰিলেহেতেন, তেতিয়া মুৰুলীৰ পৰৱৰ্তী খোজ আছিল অলিম্পিক। কিন্তু সপোনৰ দুৱাৰদলি পায়ো নিৰাশমনেৰে সেইবাৰ উভতি আহিব লগা হয় মুৰুলী।

চন ১৯৬৫। মাহ আছিল ছেপ্তেম্বৰ। টকিঅৰ পৰা উভতি অহাৰ পাছত মুৰুলীক এইবাৰ পোষ্টিং দিয়া হল শিয়ালকোটত। দুপৰীয়া সকলো জোৱানে খাদ্য গ্ৰহণ কৰি উঠাৰ পাছতে শিয়ালকোটৰ সেনা চাউনীত পাকিস্তানৰ এয়াৰ ষ্টাইক চলিল। উক্ত এয়াৰ ষ্টাইকত মৃত্যু হল মুৰুলীৰ পাঞ্জাৱৰ সেই বন্ধুগৰাকী। আচৰিত কথাটো হ’ল- মুৰুলীৰ ভৰি পৰা বুকুৰ লৈকে পাক সেনাৰ ৯টা বুলেটে ভেদি গল।

কিন্তু ভগৱানৰ আৰ্শীবাদ আছিল, ৯টা বুলেটে ভেদি যোৱাৰ পাছতো মৃত্যুলে হৰুৱাব নোৱাৰিলে মুৰুলীক। কিন্তু দুখৰ কথাটো হল ককালৰ পৰা তলৰ অংশ কাম নোহোৱা হৈছিল মুৰুলীৰ। প্ৰায় দুবছৰ ধৰি অৱচেতন অৱস্থাত শিয়ালকোটৰ আৰ্মি হস্পিতালৰ বিচনাতে পৰি আছিল মুৰুলী। প্ৰায় দুবছৰৰ পাছত মুৰুলীক আই এন এইচ এছ অশ্বিনী নেভী হস্পাতাললৈ উন্নত চিকিতসাৰ বাবে প্ৰেৰণ কৰা হয়। তাতো মুৰুলীৰ ককাল অংশত থকা গুলী চিকিতসকে উলিয়াব নোৱাৰিলে। ইয়াৰ পিছতে খেলা-ধূলা ভাল পোৱা মুৰুলীৰ বাবে সংগী হৈ পৰিছিল হুইল ছেয়াৰখন।

মনত থকা অদম্য শক্তিৰ বাবে হুইল ছেয়াৰত থাকিও অলিম্পিকৰ সপোন পাহৰা নাছিল মুৰুলীয়ে। ১৯৬৭চনত ভাৰতীয় সেনাৰ পৰা অৱসৰ লৈ মুৰুলীয়ে টাটা গ্ৰ্ৰুপতো কাম কৰিছিল। কিন্তু প্ৰতিটো ৰাতিৰ পিছত আন্ধাৰ ভেদি পুৱাৰ পোহৰ অহাৰ লেখীয়াকৈ মুৰুলীৰ জীৱনত আকৌ আহিল এটা টাৰ্নিং পইন্ট।

চন ১৯৭২। মুৰুলীৰ সংঘৰ্ষময় জীৱন আৰু মুৰুলীৰ সপোনৰ বিষয়ে গম পালে প্ৰাক্তন ভাৰতীয়  ক্ৰিকেটাৰ বিজয় মৰ্ছেটে। তেওঁ এটা এন জি অ চলাই আছিল। বিকলাংগ লোকসকলক লৈ এই এন জি অ টোৱে যথেষ্ট কাম কৰি আছিল। এই এন জি অটোৱে মুৰুলীকান্তক কলে যে, ১৯৭২চনত জাৰ্মানীত হব লগা পেৰা অলিম্পিকৰ বাবে তেওঁলোকে সকলো সহায় কৰিব।

ককালৰ পৰা তলৰ অংশই কাম নকৰা মুৰুলীয়ে এতিয়া বক্সিং খেলিব নোৱাৰে। সেয়েহে তেওঁ সাতুঁৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে। দিনে ৰাতিয়ে তেওঁ সাতুৰ প্ৰশিক্ষণৰ অন্তত ভাৰতীয় অলিম্পিক সংস্থাৰ সৈতে কথা পাতিলে। সকলোবোৰ কথা পতাৰ অন্তত ১৯৭২চনত জাৰ্মানীত অনুষ্ঠিত হোৱা পেৰা অলিম্পিক পালেগৈ মুৰুলীকান্ত।

ফ্ৰী ষ্টাইল ৫০মিটাৰ সাতুৰ প্ৰতিযোগিতাত অংশ ললে মুৰুলীয়ে। কোনেও কেতিয়া কল্পনা নকৰা মুৰুলীয়ে সকলোকে আচৰিত কৰি পেৰা অলিম্পিকত আজুৰি আনিলে সোণৰ পদক। ব্যক্তিগত শিতানত এইটোৱে আছিল অলিম্পিকত ভাৰতে অৰ্জন কৰা প্ৰথমটো সোণৰ পদক। কেৱল পদকেই নহয়, পূৰ্বৰ সকলো ৰেকৰ্ডো ভংগ কৰিছিল মুৰুলীকান্তে।

ইয়াৰ পিছতে মুৰুলীকান্ত মহাৰাষ্ট্ৰৰ নিজা গাঁৱলৈ উভতি আহিছিল।  চন- ১৯৮২। মুৰুলীকান্তে ভাৰত চৰকাৰলৈ এখন পত্ৰ লিখিলে। পত্ৰত তেওঁ আক্ষেপেৰে জনালে যে, ভাৰতলৈ ব্যক্তিগত শিতানত প্ৰথমটো পেৰা অলিম্পিকৰ সোণৰ পদক আঁজুৰি অনাৰ পাছতো তেওঁক উচিত সন্মান দিয়া হোৱা নাই। তেওঁ অৰ্জুন পুৰস্কাৰৰ যোগ্য বুলি পত্ৰত উল্লেখ কৰিলে।

উক্ত পত্ৰখন সেই সময়ৰ ক্ৰীড়া মন্ত্ৰালয়ে গ্ৰহন নকৰিলে আৰু যুক্তি দৰ্শালে যে বিকলাংগ খেলুৱৈক এনে পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা নহয়। সেই কথাত অতিকৈ দুখ পালে মুৰুলীয়ে আৰু সিদ্ধান্ত ললে যে, জীৱনত ৰজাঘৰীয়ালৈ আৰু কোনো আহ্বান তেওঁ নকৰে আৰু কোনো পত্ৰ তেওঁ জীৱিত কালত কেতিয়াও নিলিখে।

২০১৮চনৰ ২৫জানুৱাৰী। মুৰুলীকান্তলৈ আহিল ক্ৰীড়া মন্ত্ৰালয়ৰ এটা ফোন। তেওঁক জনোৱা হল যে, তেওঁক পদ্মশ্ৰী পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে। ভাৰতৰ ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বটাঁ তেওঁক প্ৰদান কৰাৰ কথা জনোৱা হল। প্ৰথমে তেওঁ এই বটাঁ লোৱাৰ বাবে অস্বীকাৰ কৰিছিল যদিও অৱশেষত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা মুৰুলীকান্তে গ্ৰহণ কৰিছি পদ্মশ্ৰী।

এয়াই আছিল মুৰুলীকান্তৰ কাহিনী। কেতিয়াও হাৰ মানিব নোখোজা এখন গাঁৱৰ এটা সাধাৰণ লৰাৰ কাহিনী। উদ্যম আৰু কষ্টৰ যোগেদি বহুতে সেই সময়ত অসম্ভৱ বুলি ভৱা এটা কামকো সম্ভৱ বুলি প্ৰমাণ কৰি দিছিল মুৰুলীয়ে। অলীক কল্পনা কৰা বুলি হহাঁ সকলোবোৰৰ মুখ কামেৰে বন্ধ কৰি দিছিল মুৰুলীয়ে। সচাঁকৈয়ে, লক্ষ্য যদি স্থিৰ হয়, সাহস যদি প্ৰৱল হয়, বাধা দিব পাৰে কোনে! চেল্যুট মুৰুলীকান্ত পাটেকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in