নাতিয়েকৰ চোকা অস্ত্ৰৰ প্ৰহাৰত প্ৰাণ গ''ল আশী বছৰীয়া আইতাকৰ

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত দুই নং বাশবাৰী খাত্ৰিবাৰী গাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে

author-image
Asomiya Pratidin
New Update
47

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত দুই নং বাশবাৰী খাত্ৰিবাৰী গাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। নাতিয়েকৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছে এগৰাকী ৮০ বছৰীয়া বৃদ্ধা আইতাই।

Advertisment

মৃত বৃদ্ধা আইতাগৰাকীৰ নাম জবা হেমব্ৰম (৮০) আৰু হত্যাকাৰী নাতিয়েকজনৰ নাম থোমা টুডু (৩৫) বুলি জানিব পৰা গৈছে । ৰুণীখাতা থানাৰ আৰক্ষীয়ে ইতিমধ্যেই হত্যাকাণ্ড সংঘটিত কৰা থোমা টুডু (৩৫) গ্ৰেপ্তাৰ কৰিছে ।

কি কাৰণত এনে জঘন্য কাণ্ড সংঘটিত হ'বলৈ পালে সেই সন্দৰ্ভত আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে দুই নং বাশবাৰী খাত্ৰিবাৰী গাঁৱৰ বাসিন্দা ৰোছেন টুডুৰ ঘৰত আজি পুৱাই তেখেতৰ পুত্ৰ থোমা টুডু (৩৫) কুকুৰাৰ মঙহ খাব বুলি ঘৰৰ এটা কুকুৰা মাৰিব কৈছিল। কিন্তু পিতৃয়ে কৈছিল ঘৰৰ কুকুৰাবিলাক বেলেগৰ কুকুৰা তই এইবোৰ মাৰিব নেলাগে মই সন্ধিয়া বজাৰৰ পৰা কুকুৰাৰ মঙহ কিনি আনি খুৱাম বুলি কোৱাত পুতেকজনে ঘৰত হুলুস্থুল পৰিৱেশৰ সৃষ্টি কৰে ।

সেই সময়ত আইতা জবা হেমব্ৰমে নাতিয়েকজনক হুলুস্থুল নকৰিবলৈ কৈছিল । ইখিনি কথাতে খঙত অগ্নিশৰ্মা হৈ থোমা টুডুয়ে কোৰেৰে বৃদ্ধা আইতাৰ মূৰত আঘাত কৰাত গুৰুতৰভাৱে আহত হয়। পিছত পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত সংকটজনক অৱস্থাত জবা হেমব্ৰমক এম্বুলেন্সযোগে কাজলগাঁৱস্থিত জেএচবি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও কৰ্তব্যৰত চিকিৎসকে বৃদ্ধা মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে ।

Assam police crime