বঢ়মপুৰত মূৰ্চ্চনা নৃত্য মঞ্জৰী সঙ্গীত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা গীত মাত,তবলা বাদন,গীতাৰ বাদন,সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য প্ৰদৰ্শন কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,উৰিয়াগাঁওঃ  নগাঁৱৰ বঢ়মপুৰৰ মূৰ্চ্চনা নৃত্য মঞ্জৰী সংগীত বিদ্যালয়ৰ ত্রয়োদশ সংখ্যক প্ৰতিষ্ঠা দিৱস বঢ়মপুৰ শ্বহীদ ভৱন আৰু কেন্দ্ৰীয় পুথিভঁড়ালত উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নৃত্য-গীত আৰু নাটৰ আবেলি শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। কাৰ্যসূচী অনুসৰি জনতাৰ শিল্পী ড॰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে শিল্পী পেঞ্চনাৰ তথা নাট্য কৰ্মী কানু গোস্বামীয়ে।

WhatsApp Image 2026-01-11 at 8.04.15 PM

প্ৰণিধানযোগ্য় যে- ইয়াৰ পাছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী লাইআটী সত্ৰৰ সত্ৰাধিকাৰ তথা লেখক যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে।সংগীত বিদ্যালয়খনিৰ তত্বাবধায়ক জয়ন্ত শৰ্মা আৰু সমাজকৰ্মী যুৱক দিগন্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত অনাতাঁৰ শিল্পী অনুপ হাজৰিকা,লোকবাদ্যৰ শিল্পী ৰাজু শইকীয়া আৰু সমাজকৰ্মী নলিনী বৰাক সম্বৰ্ধনা জনোৱা হয়।

WhatsApp Image 2026-01-11 at 8.04.16 PM

এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা গীত মাত,তবলা বাদন,গীতাৰ বাদন,সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য প্ৰদৰ্শন কৰা হয়।সন্ধ্যা অনিত্য ভূঞা,শুভজিৎ শইকীয়া আৰু বিজয়লক্ষী গোস্বামীৰ পৰিচালনাত বিদ্যালয় খনৰ ছাত্ৰী সকলৰ দ্বাৰা অংকীয়া নাটক "ৰাম বিজয়" মনস্থ কৰা হয়। অনুষ্ঠানত অনাতাঁৰ শিল্পী অনুপ হাজৰিকা,প্ৰণামী কলিতা আৰু মূৰ্চ্চনা গোস্বামীয়ে গীত পৰিবেশন কৰে।

WhatsApp Image 2026-01-11 at 8.05.55 PM

বঢ়মপুৰ