/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/902d6fd7-3daf-4dd8-b974-4126246c8256.jpg)
ডিজিটেল সংবাদ, মোৰাঝাৰঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কোৰোনা মহামাৰীৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ফলত শ্ৰমজীৱী লোকসকলৰ লগতে আৰ্থিকভাৱে দুৰ্বল লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত তীব্ৰ নাটনিৰ সন্মুখীন হৈছে৷ এনে সময়তে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংগঠন সমাজ কল্যাণ যুৱ সংঘৰ সভাপতি সমাজ সেৱী চুহেল আহমেদ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বেচ্ছাসেৱী সংগঠনটোৱে এই উদ্যোগ গ্ৰহণ কৰে৷ মোৰাঝাৰ আৰক্ষীৰ সহযোগত মোৰাঝাৰ অঞ্চলৰ সুতাৰপুৰ, জয়নগৰ,স্বপুৰগাও,স্বাহাৰান, নোৱাবিল,মাটিখোলা,চাবাজপুৰ,মোৰঝাৰ,আৰু অকচেকপথাৰ মুঠ ২০০০ টা দৰিদ্ৰ পৰিয়ালক চাউল ৫কেজি, দাইল১কেজি, পিয়াজ১কেজি, আলু ৩কেজি মিঠাতেল৫০০গ্ৰাম, নিমখ১কেজি নহৰু২৫০গ্ৰাম,বিস্কুট আৰু ডেটল চাবোন বিতৰণ কৰে।
এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিৰ সিং লেম্বুয়ে৷ এই সংকটৰ সময়ত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে স্বেচ্ছাসেৱী সংগঠন টোৱে সহায় কৰিবলৈ লোৱা এনে প্ৰচেষ্টাক অঞ্চল বাসীয়ে শলাগ লয়৷