মানৱতাৰ বিৰল নিদৰ্শনঃ মোৰাঝাৰত দৰিদ্ৰ লোকৰ মাজত বি এছ এফ জোৱানে বিলালে খাদ্য সামগ্ৰী…

মানৱতাৰ বিৰল নিদৰ্শনঃ মোৰাঝাৰত দৰিদ্ৰ লোকৰ মাজত বি এছ এফ জোৱানে বিলালে খাদ্য সামগ্ৰী…

author-image
asomiyapratidin
New Update
মানৱতাৰ বিৰল নিদৰ্শনঃ  মোৰাঝাৰত দৰিদ্ৰ লোকৰ মাজত বি এছ এফ জোৱানে বিলালে খাদ্য সামগ্ৰী…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ সমগ্ৰ দেশত লকডাউন অব্যাহত থকাত এমুঠি আহাৰৰ বাবে হাহাকাৰ অৱস্থা দীন দৰিদ্ৰ পৰিয়ালৰ মাজত । এনে মহাদূৰ্যোগৰ সময়ত মহানুভৱতাৰ পৰিচয় দি এজন বি এছ এফ জোৱানে দাঙি ধৰিলে বিৰল নিদৰ্শন । সমগ্ৰ বিষয়টো পোহৰলৈ মোৰাঝাৰ অঞ্চলত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।

Advertisment

এনে সময়তে, মোৰাঝাৰ বজাৰত আৰক্ষীৰ লগতে ৬ বিএন বি এছ এফ বি কোম্পানীৰ জোৱানে নিয়মীয়াকৈ টহলৰত অৱস্থাত আছিল । সেই সময়ত খাদ্যৰ অভাৱত কেইজনী দৰিদ্ৰ পৰিয়ালৰ মহিলাই মোৰাঝাৰ বজাৰত খাদ্যৰ সন্ধান কৰে ।

বিষয়টো কেনেবাকৈ জানিব পাৰি উক্ত বি এছ এফ কোম্পানীৰ ছেলিম শেখ নামৰ জোৱান জনে উপস্থিত কেবাগৰাকী মহিলালৈ নিজৰ জেপৰ টকাৰে খাদ্য ক্ৰয় কৰি বিলাই দি মানৱতাৰ নিদৰ্শন দাঙি ধৰে । আমাৰ সীমান্ত সুৰক্ষা বাহিনী কেৱল সীমা সুৰক্ষাত সীমাবদ্ধ নহয় বিপদৰ সময়ত যে আমাৰ পৰম বন্ধু সেয়া কৰ্মৰ যোগেদি প্ৰমাণ দিলে । বি এছ এফ জোৱানৰ লগতে বিএছ এফ কোম্পানীটোৰ মহানতাক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় সচেতন ৰাইজে ।