/asomiyapratidin/media/media_files/2025/09/25/zubeen-hitesh-baruah-2025-09-25-09-15-06.jpeg)
জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ আছিল তেওঁ। তেওঁৰ হাস্পতালতে যোৱা বছৰসমূহত অসুস্থ জুবিনৰ চিকিৎসা হৈছিল। বাৰে বাৰে তেওঁলোকে কৈছিল জুবিনক জিৰণিৰ কথা। অসমৰ সম্পদ জুবিনক অতি আদৰ আৰু যতেনেৰে থকাটো বিচাৰিছিল হিতেশ বৰুৱাৰ দৰে চিকিৎসকসকলে। জুবিন কিমান মহান গুণৰ অধিকাৰী সেয়াও ভালকৈয়ে জানিছিল তেওঁ। জুবিনৰ মহানুভৱতা, মানৱীয় প্ৰমূল্যবোধক ওচৰৰ পৰা দেখা আৰু চিনা ডাঃ হিতেশ বৰুৱাৰ এই লেখা এইবাৰৰ মোৰ মতৰ শিতানত আগবঢ়োৱা হ’ল।
"দাদা, মই এজন ৰোগী পঠিয়াইছো, একেবাৰে দুখীয়া। ঔষধ কিনিবলৈকে পইচা নাই । চিকিৎসা কৰি দিয়ক না। বিলৰ কথা চিন্তা নকৰিব। মই পৰিশোধ কৰিম।" জুবিন গাৰ্গে মোক প্ৰায়ে ফোন কৰিছিল কোনো দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সহায় কৰাৰ উদ্দেশ্যে ।
কেতিয়াবা আকৌ ফোন কৰে,"দাদা অমুকৰ বেড চাৰ্জ ফ্ৰী কৰি দিব পাৰিব নেকি ?" প্ৰথমে ভাবিছিলো এই ৰোগীবোৰ তেওঁৰ আত্মীয় নেকি। সাধাৰণতে আমাক যেতিয়া কোনো মানুহে এনে কাৰণত ফোন কৰে তেতিয়া কাৰোবাৰ চিনাকি মানুহৰ বাবেহে অনুৰোধ কৰে; কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত কথাটো আছিল বিপৰীত।
এই শিল্পীগৰাকীয়ে যে আমাক ফোন কৰে তেওঁ সহায় কৰা বেছিভাগ ৰোগীক চিনিয়েই নাপায়। মানে কোনোবা দুখীয়া লোকে যদি তেওঁৰ ওচৰত সহায়ৰ বাবে আহে কাকো নিৰাস নকৰে। তেওঁৰ বাবে সকলো আপোন।
চিনাকী মানুহজনক যিমান সহায় কৰে, অচিনাকী কোনোবাই সহায় বিচাৰিলেও সমানেই সহায়ৰ হাত আগবঢ়ায়। এয়া আছিল আমাৰ সকলোৰে অতি মৰমৰ প্ৰাণৰো প্ৰাণ মহান শিল্পীগৰাকীৰ গুণ।
জুবিন গাৰ্গৰ সৈতে আমাৰ বহু দিনীয়া সম্পৰ্ক আছে। কেৱল মোৰ লগতে ব্যক্তিগতভাৱে নহয়, আমাৰ নেমকেয়াৰ পৰিয়ালৰ সৈতে সম্পৰ্ক আছিল ওতঃপ্ৰোত। জুবিনৰ কেতিয়াবা অসুখ-বিসুখ হ'লে পোনচাতে নেমকেয়াৰ হাস্পতাললৈকে আহে।
আমাৰ প্ৰায়ভাগ চিকিৎসকৰ সৈতে আছিল সু-সম্পৰ্ক। বিশেষকৈ বিগত তিনি বছৰমানৰ পৰা সঘনাই আমাৰ হাস্পতাললৈ আহিছিল চিকিৎসাৰ বাবে। জুবিনক শোৱা আৰু জিৰণি ল'বলৈ চিকিৎসকে সদায় পৰামৰ্শ আগবঢ়াইছিল।
কাৰণ এই মহান শিল্পীগৰাকীক শেহতীয়াভাৱে জিৰণিৰ খুবেই প্ৰয়োজন আছিল। জুবিন গাৰ্গ আছিল অসমৰ সম্পদ। এই সম্পদবিধক আমি সকলোৱে আদৰ আৰু যতনেৰে ৰখাৰহে দায়িত্ব আছিল। জুবিন অসমৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল সেই কথা তেওঁৰ মৃত্যুৰ পিচত সমবেত হোৱা ৰাইজে প্ৰমান কৰিছে।
পৃথিবীত মাইকেল জেকচনৰ পিচত একমাত্ৰ জুবিনৰ মৃত্যুৰ পিছত ইমান লোকে একেলগে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে। কোনেও কল্পনা কৰিব নোৱাৰাকৈ হিলদল ভাঙি ওলাই আহিছে জনতা। জাতি, ধৰ্ম ,বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে।
এই জনতাই প্ৰমান কৰিছে জুবিন গাৰ্গ আমাৰ বাবে কেনে ধৰণৰ মূল্যবান সম্পদ আছিল। আজি পৃথিবীৰ ১১৪ খন দেশত ইন্টাৰনেটত চাৰ্ছ কৰিছে জুবিনৰ বিষয়ে। এয়া কিন্তু কম কথা নহয়। বলিউডত হাহাকাৰ কৰিছে, আক্ষেপ কৰিছে কিয় জুবিনক মুম্বাইত ৰাখিব নোৱাৰিলে।
সংগীত হৈছে জীৱনক প্ৰকাশ কৰাৰ আহিলা। সংগীত জীৱনৰ শব্দৰ ৰেখা। সংগীত শক্তিশালী বাবে মানুহে শুনি থকাৰ লগে লগে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে। তেওঁলোকে সঁহাৰি দিয়ে।
সংগীতত আছে নিৰাময় শক্তি। ইয়াত মানুহক কেইঘণ্টামানৰ বাবে নিজৰ পৰা আঁতৰাই নিয়াৰ ক্ষমতা আছে। সেই কথা জুবিনে আজি প্ৰমাণ কৰি থৈ গ'ল। আজি সকলোৰে মনত কেৱল জুবিনৰ নাম আৰু গান। মানুহৰ হৃদয় জিনিব পাৰিছে বাবে তেওঁ আজি মৰিও অমৰ।
বিগত তিনি দশকত য'ত শব্দ বিফল হৈছে তাতেই সংগীতেৰে জুবিন গাৰ্গে সলনি কৰিছিল সমাজৰ ছবিখন। সেইবাবে এটা গান যে প্ৰাৰ্থনা হ'ব পাৰে সেইকথা প্ৰমাণ কৰিলে জুবিন গাৰ্গে।
জীৱনৰ অন্তিম শয়নৰ সময়ত লাখ লাখ অনুৰাগীয়ে সমস্বৰে যে আপোন শিল্পী গৰাকীৰ এটা গানেই গাব পাৰে সেয়া জুবিন গাৰ্গে প্ৰমাণ কৰিলে। যিগৰাকী শিল্পীয়ে মৃত্যুৰ পূৰ্বেই নিজৰ অন্তিম শয়ণৰ বাবে গান গাব পাৰে তেওঁৰ অন্তৰ কিমান বহল আৰু পৰিষ্কাৰ হ'ব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি।
বিশ্বৰ এয়া এক বিৰল ঘটনা। মুখাগ্নিৰ সময়তো পুৰোহিতৰ মন্ত্ৰচাৰণৰ সমানেই প্ৰতিধ্বনি হ'ল শিল্পীগৰাকীয়ে নিজেই গোৱা গীত- ‘’ মায়াবিনী ৰাতিৰ বুকুত/দেখা পালোঁ তোমাৰ ছবি/ধৰা দিলা গোপনে আহি/হিয়াৰ কোণত…/তুমি যে মোৰ শুকান মনত/নিয়ৰৰে চেঁচা টোপাল/নামি অহা, ৰ’দৰে নৈ/মোৰ দেহত প্ৰতি পুৱা/ধুমুহাৰ স’তে মোৰ/ বহু যুগৰে নাচোন/এন্ধাৰো সঁচা মোৰ/বহু দিনৰে আপোন/নিজানৰ গান মোৰ/শেষ হ’ব/ভাবোঁ তোমাৰ বুকুত...’’।
সংগীতে কথা কয়। সংগীতে পৃথিৱীখন সলনি কৰিব পাৰে, কাৰণ পৃথিৱীত কেৱল সংগীতেই মানুহক সলনি কৰিব পাৰে। জুবিন গাৰ্গ আছিল তেনে এগৰাকী মহান শিল্পী আছিল।
জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ প্ৰেম-ভালপোৱাই ৰাজপথক জনসমুদ্ৰৰ ৰূপ দিছিল। সেই শোভাযাত্রাত আছিল কেৱল মানুহ আৰু মানুহ। কান্দি উঠিছিল সমগ্ৰ ৰাজ্য। আজিও কান্দি আছে প্ৰতিগৰাকী অসমীয়া।
পৰিয়ালৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰ পৰ্ব সমাপ্ত কৰাৰ পাছতে চিতাৰ কাষলৈ অনা হয় জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। লগে লগে আকাশে-বতাহে উচ্চাৰিত 'জয় জুবিন দা', 'জুবিন দা অমৰ হওক' । এই ধ্বনি দিওতে তাত নাছিল কোন-হিন্দু, মুছলমান, খ্ৰিষ্টান সকলোবোৰেই আছিল।
তাত কেৱল মানৱতাৰহে জয়গান গাইছিল সকলোৱে। সেই কথা জানিয়েই মৃত্যুৰ আগতেই জুবিনে কৈছিল-মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা..."। ৰীল লাইফৰ দৰে বাস্তৱ জীৱনতো যেন মুক্ত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ।
সকলো দেখিলে বিশ্ববাসীয়ে । হয়তো ভৱিষ্যতেও সকলোৱে এই আশাই কৰি থাকিব। সকলোৱে বিচাৰিছে এইগৰাকী মহান শিল্পী সদায় আমাৰ মাজত জীয়াই থাকক আৰু গাই থাকিব মৃত্যু জিনাৰ গান।