/asomiyapratidin/media/media_files/2025/09/06/mur-mot-new-njgwhn-1-2025-09-06-09-08-29.png)
আজি শগুণ সচেতনতা দিৱস। শগুণৰ প্ৰাকৃতিক গুৰুত্ব, শগুণ বিলুপ্তিৰ গৰাহলৈ যোৱা আৰু সংৰক্ষণৰ তীব্ৰ প্ৰয়োজনীয়তা বিষয়ে বিশ্ববাসীৰ মাজত সজাগতা বিস্তাৰ কৰাৰ লক্ষ্যৰে পালন কৰি অহা হৈছে এই দিৱস। ১৯৮০ ৰ দশকৰ ৪ কোটি শগুণ, ২০১৭ ত ১৯ হাজাৰলৈ হ্ৰাস পোৱা বিষয়টোৱেই স্পষ্ট কৰে এই দিৱসৰ গুৰুত্ব কিমান। এই সন্দৰ্ভতে ডলিমা শৰ্মাৰ এই লেখা মোৰ মত শিতানত আগবঢ়োৱা হ'ল।
প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ প্ৰথমটো শনিবাৰে পালন কৰা হয় আন্তর্জাতিক শগুণ সচেতনতা দিৱস। এই দিৱস পালন কৰাৰ মূল উদ্দেশ্যম হ’ল শগুণৰ প্ৰাকৃতিক গুৰুত্ব, তেওঁলোকৰ দ্ৰুত হাৰত হ্ৰাস পোৱা জনসংখ্যা, আৰু সংৰক্ষণৰ তীব্ৰ প্ৰয়োজনীয়তা বিষয়ে বিশ্ববাসীৰ মাজত সজাগতা বিস্তাৰ কৰা।
শগুণ হৈছে Accipitridae পৰিয়ালৰ অন্তৰ্গত বৃহৎ চিকাৰী চৰাই, যাক প্ৰায়ে “প্ৰকৃতিৰ পৰিষ্কাৰক” বুলি কোৱা হয়। শগুণৰ প্ৰায় ২৩টা প্ৰজাতি বিশ্বজুৰি পোৱা যায়, যাৰ ভিতৰত ৯টা প্ৰজাতি ভাৰততন পোৱা যায়। শ্বেত-পৃষ্ঠ শগুণ (Gyps bengalensis),ভাৰতীয় শগুণ/দীঘলঠোঁ (Gyps indicus), সৰুকণ্ঠ শগুণ (Gyps tenuirostris), লাল-মূৰ শগুণ (Sarcogyps calvus, হিমালয়ন গৃফন শগুণ(Gyps himalayensis), ইউৰেচিয়ান গৃফন শগুণ(Gyps fulvus), মিশৰীয় শগুণ(Neophron percnopterus), মহান শগুণ/চিনেৰিয়াছ শগুণ(Aegypius monachus), বেৰীয় শগুণ/ দাড়ীযুক্ত শগুণ (Gypaetus barbatus)|
এই প্ৰজাতি সমূহৰ ভিতৰত শ্বেত-পৃষ্ঠ, ভাৰতীয় আৰু সৰুকণ্ঠ শগুণ প্ৰজাতিসমূহ একেবাৰে সংকটাপন্ন অৱস্থাত আছে আৰু IUCN Red Listত “Critically Endangered” হিচাপে স্থান পাইছে। দক্ষিণ এছিয়াৰ পৰিস্থিতি অতি চিন্তাজনক। ১৯৮০ দশকত প্ৰায় ৪ কোটি শগুণৰ উপস্থিতি আছিল, কিন্তু ২০১৭ চনত সেই সংখ্যা হ্ৰাস পাই মাত্ৰ ১৯ হাজাৰলৈ নামি আহিছে।
অৰ্থাৎ, শগুণৰ জনসংখ্যা ৯৯ শতাংশতকৈও অধিক হ্ৰাস পাইছে।শ্বেত-পৃষ্ঠ শগুণ (Gyps bengalensis) সংখ্যা ১৯৯২ৰ পৰা ৯৯.৯ শতাংশ হ্ৰাস পাইছে। ভাৰতীয় শগুণ (Gyps indicus) আৰু সৰুকণ্ঠ শগুণ(Gyps tenuirostris) সংখ্যা ৯৭–৯৯ শতাংশ হ্ৰাস পাইছে, ২০০০-২০০৭ চনৰ ভিতৰত প্ৰতি বছৰে শগুণৰ ১৬ শতাংশ পৰ্যন্ত হ্ৰাস ধৰা পৰিছিল।
শগুণৰ এই ভয়ংকৰ হ্ৰাসৰ মুখ্য কাৰণ হৈছে পশুখাদ্যত ব্যৱহৃত কিছুমান ক্ষতিকৰ বেদনানাশক ঔষধ। বিশেষকৈ ডাইক্ল’ফেনাক (Diclofenac) নামৰ ঔষধ প্ৰয়োগ কৰা পশুৰ মৃতদেহ খালে শগুণৰ বৃক্ক বিকল হৈ মৃত্যু হয়।
গৱেষণা অনুসৰি মৃতদেহত কেৱল ০.৮ শতাংশ এই ঔষধ উপস্থিত থাকিলেই শগুণৰ জনসংখ্যা ধ্বংস হোৱাৰ বাবে যথেষ্ট। ভাৰতত ২০০৬ চনত ইয়াক নিষিদ্ধ কৰা হৈছিল, যদিও মানুহৰ বাবে নিৰ্মিত ডাইক্ল’ফেনাক অবৈধভাৱে এতিয়াও পশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
ডাইক্ল’ফেনাকৰ লগতে ‘Fatal Four’ বুলি জনাজাত আন তিনিটা ঔষধ — এচিক্ল’ফেনাক (Aceclofenac), নিমেছুলাইড (Nimesulide), আৰু কিট’প্ৰ’ফেন (Ketoprofen) — শগুণৰ বাবে একেইভাৱে বিপজ্জনক।
দ্ৰুত গতিত শগুণৰ সংখ্যা হ্ৰাস হোৱাৰ ফলত মৃত পশু-পক্ষীৰ দেহবোৰ পচি পৰিৱেশত নতুন ৰোগৰ উৎস হৈ পৰিছে। গৱেষণা অনুসৰি ২০০০ৰ পৰা ২০০৫ চনৰ ভিতৰত কেৱল ভাৰততেই প্ৰতি বছৰে প্ৰায় এক লাখ অতিৰিক্ত মানুহৰ মৃত্যু ঘটিছিল, যাৰ অৰ্থনৈতিক ক্ষতি প্ৰায় ৬৯ বিলিয়ন ডলাৰ সমতুল্য আছিল।
লগতে ফেৰেল কুকুৰৰ সংখ্যা বৃদ্ধি পাই জলাতঙ্কৰ ৰোগৰ ঘটনা উল্লেখযোগ্যভাৱে বাঢ়ি গৈছিল।আফ্ৰিকাতো শগুণৰ অৰ্থনৈতিক মূল্য অসীম। Bird Life Internationalৰ মতে, মৃতদেহ নিষ্কাশন, ৰোগ নিয়ন্ত্ৰণ আৰু চিকাৰ বিৰোধী কাৰ্যত সহায় কৰি শগুণে প্ৰতি বছৰে দক্ষিণ আফ্ৰিকাৰ অৰ্থনীতিৰ প্ৰায় ১.৮ বিলিয়ন ডলাৰ সঞ্চয় কৰে।
আশাৰ কথা এই যে, শগুণ সংৰক্ষণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ইতিমধ্যেকই গ্ৰহণ কৰা হৈছে। ২০০৬ চনত ভাৰত, নেপাল আৰু পাকিস্তানে পশুৰ বাবে ডাইক্ল’ফেনাক নিষিদ্ধ কৰে আৰু মেল’ক্সিকামক সুৰক্ষিত বিকল্প হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়।
দক্ষিণ এচিয়াত Vulture Safe Zone গঢ়ি তোলা হৈছে, লগতে বন্দী প্ৰজনন আৰু পুনৰপ্ৰবেশ প্ৰকল্প আৰম্ভ হৈছে। নেপালত এই প্ৰচেষ্টাৰ ফলত এতিয়া প্ৰায় ২০ হাজাৰ শগুণ দেখা যায়।“Vulture Restaurant”ৰ জৰিয়তে শগুণৰ বাবে সুৰক্ষিত আৰু ঔষধমুক্ত মৃত পশুৰ খাদ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে লগতে সচেতনতা অভিযান আৰু বৈজ্ঞানিক গৱেষণাও চলি আছে।
অসমৰ বাবে অতি গৌৰৱৰ বিষয়,২০২৫ চনত অসমত ভাৰতৰ প্ৰথম শগুণ সুৰক্ষা প’ৰ্টেল( India’s first vulture conservation portal)আৰম্ভ হৈছে| WE Foundation India আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ (zoology Department) যৌথ উদ্যোগত এই প’ৰ্টেল আৰম্ভ হৈছে, যাৰ লক্ষ্য শগুণ সুৰক্ষাৰ ক্ষেত্ৰত তথ্য, গৱেষণা, সচেতনতা আৰু প্ৰচেষ্টাক একমুঠ কৰি তোলা।
এটা সময়ত যি আকাশত শগুণৰ উৰণে আভা দিছিল, আজিৰ দিনত সেই আকাশ প্ৰায় শূন্য। ইয়াৰ লগে লগে পৰিৱেশ আৰু মানুহৰ স্বাস্থ্য দুয়োটাই বিপদসম্পন্ন। আন্তর্জাতিক শগুণ সচেতনটা দিৱসে আমাক মনত পেলাই দিয়ে — শগুণ প্ৰকৃতিৰ অমূল্য ৰক্ষক। শগুণৰ সুৰক্ষা মানেই আমাৰ পৰিৱেশ, জীৱবৈচিত্ৰ্য আৰু আগন্তুক প্ৰজন্মৰ সুস্থ জীৱনৰ নিশ্চয়তা।