মা...

সাঁজ লগাৰ সময়। গাওঁখনৰ ন চুবুৰীটোত নিলগে-নিলগে গঢ় লৈ উঠা দুই-চাৰিটা ঘৰ। মানুহ-দুনুহ কম, দিনতেই নিমাও-মাও পৰিৱেশ। গধুলি হৈ অহাৰ লগে-লগে পৰিৱেশটো জয়াল হৈ উঠে।

author-image
Asomiya Pratidin
New Update
new ap web =3

আইৰ সমান কোন হ'ব পাৰে! এগৰাকী মাতৃৰ পৰাই সন্তানে শিকে জীৱনৰ আদিপাঠ। জীৱন সংগ্ৰামৰ ঘাত-প্ৰতিঘাট নেওঁচি আগুৱাই যোৱাৰ মন্ত্ৰয়ো আয়ত্ত কৰে মাতৃৰ পৰাই। কিছুদিনৰ পূৰ্বে BBCৰ Asia Pacific, Editorial Lead  শচীন গগৈয়ে হেৰুৱাইছে মাতৃক। মাতৃক হেৰুওৱাৰ বেদনা আৰু মাতৃয়ে শিকাই থৈ যোৱা জীৱনবোধক লৈ তেওঁৰ এতি লেখা আজি মোৰ মতত প্ৰকাশ কৰা হ'ল...

Advertisment

সাঁজ লগাৰ সময়। গাওঁখনৰ ন চুবুৰীটোত নিলগে-নিলগে গঢ় লৈ উঠা দুই-চাৰিটা ঘৰ। মানুহ-দুনুহ কম, দিনতেই নিমাও-মাও পৰিৱেশ। গধুলি হৈ অহাৰ লগে-লগে পৰিৱেশটো জয়াল হৈ উঠে। ওচৰ-পাজৰৰ গাওঁকেইখনৰ পৰা উঠি আহি নতুনকৈ ঘৰ বন্ধা মানুহখিনিয়ে টিপ-চাকি, কেৰোচিন লেম্পৰ ঢিমিক-ঢামাক পোহৰত নতুন এক ভৱিষ্যতৰ সপোন দেখে।

সেই সন্ধিয়াতে জিলিৰ মাতক তল পেলাই আমাৰ নতুনকৈ বন্ধা বাঁহৰ ঘৰটোৰ বাহিৰৰ পৰা কাৰোবাৰ মাত এটা ভাঁহি আহিল - "কোনোবা আছ' নে?" ঘৰত সেইসময়ত মা, সত্তৰোৰ্ধৰ ককা, পাঁচ-ছয় বছৰমান বয়সীয়া মই আৰু মোতকৈ দুই বছৰ সৰু ভন্টী। দেউতা কিবা সকামত বাহিৰত। অসময়ত অচিনাকী যেন লগা কন্ঠ শুনি আমিবোৰ কিছুপৰিমাণে শংকিত হৈ উঠিলোঁ। মায়ে ভিতৰৰ পৰাই মাত লগালে - "আছোঁ। বহকচোন বাহিৰতে।" আগন্তুক বাৰাণ্ডাত পাৰি থোৱা বেঞ্চখনত বহি পৰাৰ উমান পোৱা গ'ল। ঘৰৰ ভিতৰৰ পৰাই "আপুনি কোন" বুলি সুধিবলৈও মাৰ সংকোচ - জানোচা কোনোবা আত্মীয় হয় আৰু তেখেতে বেয়াই পায়!

পিছৰ মুহূৰ্তখিনিত মায়ে বহুবোৰ সম্ভাৱনা চালি-জাৰি চালে। কোন অচিনাকী মানুহ আহিব পাৰে এই সময়ত? পুৰণি গাওঁৰ পৰা কোনোবা অহাৰ কথা তো নাছিল! কোনো চোৰ-ডকাইত নহয় তো? কেইমিনিটমান যোৱাৰ পিছত মায়ে দুৱাৰখন সাৱধানে খুলি চোৱাৰে সিদ্ধান্ত ললে। দুৱাৰখন সামান্য খুলি বাহিৰলৈ জুমি চাই তেওঁ আস্বস্ত হ'ল। আগন্তুক ওচৰৰ গাওঁ এখনৰ পৰা অহা ককাৰ এগৰাকী বৰ্ষীয়ান সংগী।

ভিতৰলৈ আদৰি অনাৰ পিছ মুহূৰ্ততে মায়ে বটাত তামোল-পান লৈ আলহীক সেৱা ধৰে আৰু ৰূক্ষভাৱে বাহিৰত বহিবলৈ কোৱাৰ বাবে ক্ষমা বিচাৰে। প্ৰসন্নচিত্ত বয়োজেষ্ঠ্য ব্যক্তিগৰাকীৰ চেহেৰাত ফুটি উঠা আশীৰ্বাদৰ অভিব্যক্তি লেম্পৰ পোহৰতো জিলিকি উঠিছিল।

জীৱনৰ অযুত-অজস্ৰ অভিজ্ঞতাৰ পিছতো এই সৰু ঘটনাটো মোৰ মনৰ পৰা কেতিয়াও আঁতৰি নগ'ল। কেতিয়াবা মোৰ ভাৱ হয় মায়ে হয়তো সেইদিনা আলহী গৰাকীক ক্ষমা নোখোজা হলেও একো মহাভাৰত অশুদ্ধ নহ'লহেঁতেন। কিন্তু সেইদিনা সেই ফুকলীয়া বয়সতে মই বুজি উঠিছিলোঁ আত্মসমালোচনা আৰু সদাচাৰ মাৰ ব্যক্তিত্ব আৰু পৰিচয়ৰ অংশ আছিল। আচাৰ-আচৰণত সামাণ্যতম ত্ৰুটিও তেওঁৰ বাবে গ্ৰাহ্য নাছিল। আনৰ প্ৰতি আচাৰ-ব্যৱহাৰত অলপমানো ৰূঢ়তা নাছিল। কঠিন পৰিস্থিতিতো তেওঁ ত্যাগ কৰা নাছিল নিজস্ব পৰিচয়।

মাৰ সেই গুণেই আমাৰ সৰু পৰিয়ালটোক পথ দেখুৱাই আহিছে আৰু বহুবোৰ ধুমুহাৰ মাজতো দিকভ্ৰান্ত নোহোৱাকৈ স্থিৰ কৰি ৰাখিছে। বহুবোৰ ঘাট-প্ৰতিঘাটৰ মুহূৰ্ত্ততো মাৰ স্থিতপ্রজ্ঞতাত আমি গতি আৰু ভাৰসাম্য দুয়োটাই বিচাৰি পাইছোঁ।

মা পঢ়া-শুনাত মেধাৱী আছিল বুলি একে আষাৰে কব পাৰি। পিছে বিবাহোত্তৰ সময়খিনিত চাকৰি-বাকৰিৰ সন্ধানত লাগি থকাতকৈ ঘৰখন নিয়াৰিকৈ চলাই নিয়াত আৰু মোক-ভন্টীক ভালদৰে পঢ়াই-শুনাই ডাঙৰ কৰাতেই তেওঁ মনোনিৱেশ কৰিলে। তাৰ মাজতো কেইটামান বছৰ অসম চৰকাৰৰ এক আঁচনিৰ অধীনত বিদ্যালয় ত্যাগ কৰা কিছু শিশুক শিক্ষাদানৰ কামত মা নিয়োজিত হৈছিল। পিছে পঢ়া-শুনাৰ প্ৰতি থকা মাৰ গভীৰ আগ্ৰহৰ সৰ্বাধিক লাভ ভন্টী আৰু ময়েই লাভ কৰিছিলোঁ। মায়েই আছিল আমাৰ জীৱনৰ প্ৰথম শিক্ষাগুৰু। কেৱল বিদ্যালয়ৰ পাঠ্যক্ৰমেই নহয়, তেওঁৰ পৰা আমি শিকিছিলোঁ জীৱন আৰু জীৱনবোধৰ পাঠ।

মাৰ মাজত আমি দেখি আহিছোঁ অসীম ধৈৰ্য্য আৰু বিপদৰ সন্মুখতো স্থিৰ হৈ থাকিব পৰাৰ ক্ষমতা। যোৱা কেইটামান বছৰ তেওঁ কেইটামান শাৰীৰিক সমস্যাত ভোগি আছিল। কিন্তু বেমাৰ-আজাৰে গতি ৰুদ্ধ কৰাটো তেখেতৰ বাবে গ্ৰাহ্য নাছিল। অসুস্থ অৱস্থাতো বিচনাত পৰি থকাটো তেখেতৰ বাবে অসহ্য আছিল। নিজৰ কাম সদায়ে নিজে কৰিব বিচাৰিছিল। পাকঘৰত সহায় কৰাৰ বাবে কেতিয়াবা মই বাচন-বৰ্তন ধুবলৈ ললে তেওঁ খুউব বেয়া পাইছিল। আনকি খোজকঢ়াত অসুবিধা হয় বুলি কেতিয়াবা আমি ধৰিব খুজিলেও তেওঁ মানা হে কৰিছিল। দেউতাৰ যত্ন লোৱাতো তেওঁ কোনোদিনে পিছপৰি ৰোৱা নাছিল। এতিয়া ভাৱ হৈছে মায়ে আমাক বিশেষ একো সুযোগেই নিদিলে তেওঁক আল-পৈচান ধৰাৰ।

আমাৰ জীৱনে লাভ কৰা গতি আৰু যতসামান্য সাফল্যত তেওঁৰ সন্তুষ্টি আছিল। গুচি যোৱাৰ মাত্ৰ কেইটামান দিনৰ পূৰ্বে এদিন মাক দেখা পাইছিলোঁ সামাজিক মাধ্যমত মোলৈ বান্ধৱ-শুভাকাংক্ষীয়ে আগবঢ়োৱা উৎসাহপূৰ্ণ মন্তব্য কিছুমান দেউতাক পঢ়ি শুনাই থকা। মায়ে নিজৰ হেণ্ডবেগত সদায়ে মোৰ এটা ভিজিটিং কাৰ্ড ৰাখি থৈছিল। ভন্টী আৰু তাইৰ স্বামীৰ পৰিয়ালটোক লৈও মাৰ বহুখিনি সন্তুষ্টি আছিল। নিজৰ মৰমৰ জীয়ৰীক মৰমীয়াল ঘৰ এখনলৈ পঠিয়াই তেওঁ সম্পূৰ্ণ আস্বস্ত হৈছিল। পিছে সন্তুষ্টি আৰু অহংকাৰৰ পাৰ্থক্য মায়ে ভালদৰেই জানিছিল। সফলতাত উৰুলীকৃত হোৱাটো তেওঁৰ স্বভাৱবিৰুদ্ধ আছিল। আমাকো বাৰণ কৰিছিল আত্মাভিমানক অহংকাৰৰ পৰ্য্যায়লৈ লৈ যাবলৈ।

মায়ে পৰিপাটীকৈ থাকি ভাল পাইছিল। পৰিষ্কাৰ-পৰিচ্ছন্নতা, ফুলসজ্জা, ভাল ৰন্ধা-বঢ়া - এইবিলাক তেওঁৰ স্বভাৱগত পচন্দ আছিল। মায়ে আচলতে সকলো কামেই খুউব ধুনীয়াকৈ কৰাৰ ওপৰত গুৰুত্ব দিছিল। এতিয়া তেওঁ যোৱাৰ পিছত মাংগলিক কাৰ্য্যসমূহ ধুনীয়াকৈ সম্পন্ন কৰিবলৈ চেষ্টা কৰি ভাৱ হৈছে মাৰ লগত আৰু অলপ সময় কিয় নকটালোঁ, কিয় আৰু অলপ কথা নাপাতিলোঁ, কিয় মাজে-মাজে কুঁচি-মুচি শুই নপৰিলোঁ একেলগে, কিয় নুতুলিলোঁ ধেৰ ফটো, কিয় নকলো তেওঁক কিমান ভাল পাওঁ। 

মায়ে গঢ় দি যোৱা এই জীৱনটোত তেওঁক সম্পূৰ্ণৰূপে বিদায় দিয়াৰ ক্ষমতা আৰু ইচ্ছা কোনোটোৱেই মোৰ নাই। এটা সময়ত যি য'ৰ পৰা আহে তালৈকে উভতি যায়। মোক্ষ আৰু পুনঃজন্মৰ বৈচিত্ৰময় ধাৰণাসমূহৰ উৰ্ধত মোৰ সৃষ্টি আৰু ধ্বংসও আপোনাৰ মাজতেই বিচাৰিম - অনাদি, অনন্ত কাললৈ। সদায়ে আপোনাকে মা হিচাপে বিচাৰিম। মা, সময়ৰ শেষলৈকে আৰু সময়ৰ সিপাৰতো আপুনি মোক নিজৰ কৰি ৰাখে যেন।

অসম