/asomiyapratidin/media/media_files/2025/09/21/mur-mot-new-ghrehrh-2025-09-21-21-03-50.png)
সমগ্ৰ অসমৰ লগতে জুবিনৰ অকাল বিয়োগত মৰ্মাহত তেওঁৰ বন্ধু তথা নগাওঁ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও। জুবিনৰ অতি ঘনিষ্ঠ বন্ধু ৰূপক শৰ্মাই জুবিনৰ সৈতে স্থাপন হোৱা তেওঁৰ বন্ধুত্ব আৰু তাৰ পাছৰ সময়ছোৱাত কিদৰে ঘনিষ্ঠ হৈ পৰিছিল আৰু কিদৰে জুবিনৰ প্ৰভাৱ তেওঁৰ জীৱনত পৰিছিল সেই সন্দৰ্ভত তেওঁৰ এই লেখা 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল।
"এন্ধাৰ হ'ব নোৱাৰো
মচি দিব নোখোজো
পাখি মেলা অতীতক
কিদৰে পাহৰো........"
অসমীয়াৰ প্ৰাণৰ আপোন জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগ সমগ্ৰ অসমবাসীৰ বাবে আটাইতকৈ দুখ:জনক খবৰ । ১৯ ছেপ্টেম্বৰৰ বিয়লি ছিংগাপুৰত শিল্পী জুবিন গাৰ্গে আকস্মিক ভাবে মৃত্যুক সাৱটি ললে। এয়া যেন অকল্পনীয় । অবিশ্বাস্য। আমাৰ কাৰো হৃদয়ে মানি ল'ব পৰা নাছিল এই নিৰ্মম সত্য।
মাথো অসমেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন স্থান আনকি বিদেশতো জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিক লৈ জুবিন প্ৰেমী সকল শোকত ভাগি পৰিছে। মোৰ অন্তৰংগ বন্ধু জুবিন চিৰদিনৰ বাবে নোহোৱা হৈ যোৱা কথাটো মই নিজও এই মুহূৰ্তলৈকে মানিব পৰা নাই। নিজকে দেখোন সান্ত্বনা দিব পৰা নাই।বাৰে বাৰে জুবিনৰ শিশুসূলভ মুখখন মোৰ মনলৈ ভাহি আহিছে।
সি কৰা কামবোৰ,সি যোগোৱা সাহসবোৰ,এই সকলোবোৰে আজি মোক চাৰিওফালৰ পৰা জুমুৰি দি ধৰিছে।মনত এক অসহনীয় বেদনা। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত(Youth Festival) জুবিনৰ সৈতে মোৰ প্ৰথম চিনাকি।
সেইবাৰ জুবিনে যুৱ মহোৎসৱত পাশ্চাত্য সংগীতত সোণৰ পদক লাভ কৰিছিল। মই সেই সময়ত নগাঁও মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি যুৱ মহোৎসৱত যোগদান কৰিছিলো। আমাৰ সেই চিনাকি বন্ধুত্বলৈ ৰূপান্তৰিত হৈ পৰে।
বন্ধু মানে আনক বুজাব নোৱৰা এক নিভাজ আন্তৰিকতা। ৩৩ বছৰ অতিক্ৰমী আমাৰ এই বন্ধুত্বৰ ক'ত মিঠা মিঠা কাহিনী! সুখ-দুখ সকলোতে মোৰ কাষত জুবিন । আমাৰ ৰুমী-ৰূপক প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী কিম্বা আমি আৰম্ভ কৰা বিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠান আদিকে ধৰি মই আয়োজন কৰা প্ৰায়বোৰ অনুষ্ঠানৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল বন্ধু জুবিন ।
সময়ত মোক সাহস দিছে, পৰামৰ্শ দিছে , সহযোগ কৰিছে। মই ৰাজনৈতিক জগতত খোজ পেলোৱাৰ সময়তো বন্ধু জুবিন গাৰ্গে উৎসাহ যোগাইছিল । প্ৰতিটো নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আমাৰ বাসগৃহত উপস্থিত হৈ মোক শুভেচ্ছা জ্ঞাপন কৰিছিল।
মানুহৰ হিতৰ হকে কাম কৰি যাৱলৈ পৰামৰ্শ দিছিল।জুবিন আছিল জ্ঞানৰ ভৰাঁল।এনে কোনো দিশ নাছিল যে সি নাজানে।সকলো ক্ষেত্ৰতে পজিটিভ আছিল।এক বিশাল হৃদয় আৰু শিশুসুলভ মনৰ গৰাকী জুবিনে কেতিয়াও কাকো বেয়া পাব নিশিকিলে ।
তেওঁৰ দৃষ্টিত সকলোবোৰে ভাল, সকলোকে যিমান পাৰে সহায় কৰাৰ চেষ্টা কৰে। মানুহৰ প্ৰতি জুবিনৰ প্ৰেম অতুলনীয়। সেয়ে হয়তো তেওঁৰ মিঠা সুৰৰ যাদুৰে সকলোৰে হৃদয় সন্মোহিত কৰি ৰাখিছিল। নগাঁৱৰ নেহৰুবালিত সৃষ্টিৰ উদ্যোগত অনুষ্ঠিত হৈ অহা "বসন্ত উৎসৱ"ত জন্মলগ্নৰ পৰা জুবিন আমাৰ লগত জড়িত আছিল।
"বসন্ত উৎসৱ" বুলিলেই যেন জুবিন গাৰ্গ। জুবিন অবিহনে বসন্ত উৎসৱৰ কথা ভাবিবই নোৱাৰি। জুবিনক লৈ নগঞা ৰাইজৰ কিমান যে উৎসাহ! নগাঁওখন জুবিনৰো বৰ আপোন আছিল। যুৱ প্ৰজন্মৰ অতিকৈ আকৰ্ষণ কন্ঠশিল্পী জুবিন গাৰ্গে অসমীয়া সংগীতলৈ এক নৱজাগৰণ আনি এক নতুন ধাৰাৰ সৃষ্টি কৰিলে।
যাৰ গীতে যুৱপ্রজন্মৰ লগতে সকলোকে সন্মোহিত কৰি ৰাখিছে ।যি সময়ত যুৱ সমাজ পাশ্চাত্য সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল সেই সময়ত জুবিনে ব্যতিক্ৰমী সংগীত আৰু সমুধুৰ কন্ঠৰে প্ৰজন্মৰ পাছত প্ৰজন্মক অসমীয়া গীতৰ মাজত বান্ধি ৰাখিবলৈ সক্ষম হৈছিল।
জুবিনৰ সংগীত যাত্ৰাৰ বিশ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত "ৰক" এলবামটো মুকলি কৰিছিল । সেই সময়তে জুবিনে অসমৰ ২০ গৰাকী বন্ধুক সম্বৰ্ধনা জনাইছিল।এই সম্বৰ্ধনাৰ তালিকাত মোৰ নামটোও অন্তৰ্ভুক্ত হোৱাৰ সৌভাগ্য হৈছিল আৰু মই গৌৰৱান্বিত হৈছিলো।
জুবিনৰ "শব্দ-অনুভূতি"নামৰ একমাত্ৰ কবিতা পুথি খনি আমাৰ ৰূমী -ৰূপক প্ৰতিষ্ঠানৰ পৰাই প্ৰকাশ কৰা হৈছিল। সেই জুবিন আজি আমাৰ মাজত নাই।সাগৰতলিত এখন গানৰ পৃথিৱীক বুকুত সাৱতি চিৰদিনৰ বাবে গুছি গল জুবিন ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/r1-2025-09-21-20-56-16.jpg)
এটা যুগৰ পৰিসমাপ্তি ঘটিল।অসমে এটি সম্পদ হেৰুৱালে।অসমীয়া জাতিটোৰ বাবে এয়া এক অপূৰনীয় ক্ষতি। অসমীয়া জাতিৰ বুকুৰ মাজত বন্ধু জুবিন সদায় জীয়াই থাকিব। স্মৃতিৰ মণিকোঠাত সজীৱ হৈ আছে জুবিনৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত। অনবৰতে মাথো সেই মুহূৰ্ত বোৰেই চকুলৈ আহি আছে।কিদৰে পাহৰিম তোক,বন্ধু জুবিন! তোক বিদায় নিদিও।সদায় অন্তৰত থাকিবি।
তলত জুবিনৰ শব্দ অনুভূতি কবিতা পুথিৰ কেইটামান কবিতা
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/zubeen-2025-09-21-20-58-22.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/zubeen-2025-09-21-20-59-00.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/zubeen-2025-09-21-20-57-35.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/zubeen-2025-09-21-20-57-52.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us