ৰাষ্ট্ৰীয় একতা দিৱস আৰু চৰ্দাৰ পেটেলৰ চিন্তা...

চৰ্দাৰ পেটেলে এক উমৈহতীয়া উদ্দেশ্য লৈ এখন শক্তিশালী ভাৰত গঠনৰ বাবে পদক্ষেপ লৈছিল। তেওঁ লগতে প্ৰতিখন ৰাজকীয় ৰাজ্যৰ নিজস্ব ঐতিহ্য, সংস্কৃতি, ভাষা, প্ৰশাসন ব্যৱস্থাৰ প্ৰতি স প্ৰদৰ্শন কৰি সকলো প্ৰদেশক একেলগ কৰা মিছনত ব্ৰতী হৈছিল।

author-image
Asomiya Pratidin
New Update
MUR MOT 31

সমগ্ৰ দেশজুৰি এইবাৰৰ ৩১ অক্টোবৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে। ইয়াৰ লগতে এই দিনটোতেই চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিছে সমগ্ৰ দেশে। এই দিনটোৰ লগত সংগতি ৰাখি দেশৰ ঐক্যতা আৰু ঐতিহ্যক শক্তিশালী কৰাৰ পণ লোৱা হৈছে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজিৰ 'মোৰ মত' শিতানত সাংবাদিক শোণিত কুমাৰ গোস্বামীৰ এই লেখা আগবঢ়োৱা হ’ল। 

ৰাষ্ট্ৰৰ স্বাধীনতাৰ দিনটোৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ গোলকীয় আৰু আঞ্চলিক প্ৰত্যাহ্বান প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেশৰ ঐক্যতাই বিশেষভাৱে ক্ৰীড়া কৰি আহিছে।এই ঐক্যতা স্বয়ংক্ৰিয় নাছিল বা অপ্ৰত্যাহ্বানমূলকো নাছিল, ইয়াৰ বাবে প্ৰয়োজন হৈছিল চৰ্দাৰ বল্লৱভাই পেটেলৰ দৰে দূৰদৰ্শী আৰু কঠিন সিদ্ধান্তক কাৰ্য্যকৰী কৰিব পৰা ব্যক্তিত্ব। ভাৰতীয় ঐক্যতাৰ ফচল এতিয়া সমগ্ৰ দেশবাসীয়ে ভালকৈ অনুভৱ কৰিব পাৰিছে আৰু সেয়া প্ৰতিফলিত হৈছে এক শক্তিশালী ৰাষ্ট্ৰৰ ৰূপত।

ৰাষ্ট্ৰীয় সংহতিৰ প্ৰক্ৰিয়া

ঔপনিৱেশিক শাসনৰ পৰা ১৯৪৭ চনত ভাৰত যেতিয়া স্বাধীন হৈছিল তেতিয়া এক নতুন ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়াটোত আহি পৰিছিল যথেষ্ট প্ৰত্যাহ্বান। স্বাধীনতাৰ পূৰ্বৰে পৰা সমগ্ৰ ভাৰতীয় উপমহাদেশত থকা ৫৬০খন ৰাজকীয় ৰাজ্য তথা এই ৰাজ্যবোৰৰ ভৌগলিক দিশত ভিন্ন অৱস্থান, ভিন্ন সংস্কৃতি তথা প্ৰশাসনীয় নীতি-নিয়মবোৰ বৃটিছ শাসনৰ সমান্তৰালকৈ চলি আছিল। বৃটিছ চৰকাৰে ভাৰতক আনুষ্ঠানিক স্বাধীনতা ঘোষণাৰ পাছত প্ৰশ্ন উত্থাপিত হৈছিল যে দেশত থকা ইমানসংখ্যক ৰাজকীয় ৰাজ্যই নিজৰ সাৰ্বভৌমত্বক পৰিহাৰ কৰি এখন শক্তিশালী ভাৰতৰ অংশ হৈ একত্ৰিত হৈ পৰিব নে? তেনে সময়ত চৰ্দাৰ বল্লৱভাই পেটেলে ব্যক্তিগত প্ৰচেষ্টাৰে এক মহান উদ্দেশ্যক সাৰ্থক কৰাৰ বাবে উঠিপৰি লাগিছিল।

চৰ্দাৰ পেটেলে এক উমৈহতীয়া উদ্দেশ্য লৈ এখন শক্তিশালী ভাৰত গঠনৰ বাবে পদক্ষেপ লৈছিল। তেওঁ লগতে প্ৰতিখন ৰাজকীয় ৰাজ্যৰ নিজস্ব ঐতিহ্য, সংস্কৃতি, ভাষা, প্ৰশাসন ব্যৱস্থাৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰি সকলো প্ৰদেশক একেলগ কৰা মিছনত ব্ৰতী হৈছিল। চৰ্দাৰ পেটেলে লোৱা পৰ্য্যয়ক্ৰমে কৰা আলোচনা, স্থিৰ একত্ৰিকৰণ নীতি, তথা য’ত প্ৰয়োজন হৈছে তেনে ঠাইন কঠোৰ প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ কৰি সকলো ৰাজকীয় প্ৰদেশক একত্ৰিকৰণত সফল হৈছিল। পেটেলৰ প্ৰচেষ্টাতে আমি বৰ্তমানৰ শক্তিশালী ভাৰত ৰাষ্ট্ৰ পাবলৈ সক্ষম হৈছোঁ।

ৰাষ্ট্ৰীয় সংহতিৰ এই প্ৰক্ৰিয়া কেৱল ভৌগলিক নাছিল, লগতে এয়া আছিল কেন্দ্ৰ চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰৰ সমণ্বয় আৰু জনতাৰ সৈতে চৰকাৰৰ সম্প্ৰীতিৰ ভেটি তৈয়াৰ কৰাৰ এক প্ৰতিষ্ঠানগত প্ৰক্ৰিয়া। সেয়া চৰ্দাৰ পেটেলৰে প্ৰচেষ্টা আছিল যাৰ ফলত দেশত এক কঠিন লোৰ কবচ সদৃশ সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ এক ধাৰা সৃষ্টি হৈছিল, ইয়াৰ অধীনত থকা প্ৰশাসনিক সেৱা, আৰক্ষী সেৱা আদিবোৰে ৰাষ্ট্ৰৰ সংহতিক অধিক শক্তিশালী কৰিছে তথা দেশৰ গণতন্ত্ৰক সুস্থিৰ কৰি ৰাখিছে।

অনৈক্যৰ মাজত ঐক্যতা

চৰ্দাৰ পেটেলৰ সফলতা পৰ্য্যায়ক্ৰমে লাভ কৰা সফলতা আছিল। অৱশ্যে দেশৰ সংহতি কেৱল মানচিত্ৰত ৰেখা অংকন বা চুক্তি স্বাক্ষৰৰ জৰিয়তে সম্ভৱ নাছিল, সেয়া সম্ভৱ হৈছিল সমণ্বয়ৰ জৰিয়তে যি আমি আমাৰ উৎসৱ পাৰ্বন, উমৈহতীয়া সফলতাৰ আনন্দ বা ভাষা আৰু নাগৰিকৰ মনৰ শান্তিৰ জৰিয়তে অনুভৱ কৰিব পাৰোঁ।

ভাৰত হৈছে অনৈক্যৰ মাজত ঐক্য তথা এক বহুৰঙী দেশ। সহস্ৰাধিক ভাষা, সংস্কৃতি, উৎসৱ-পাৰ্বন, অনেক পৰম্পৰাই ভাৰতৰ সূত্ৰ নিৰ্ধাৰণ কৰে। সেয়েহে ভাৰতীয় উমৈহতীয়া শক্তিক অধিক শক্তিশালী কৰি ৰাখিবলৈ অনৈক্যও উদযাপন হ’ব লাগিব। সেয়েহে ভাৰতত আমি অনৈক্যৰ মাজত ঐক্যতা দেখিবলৈ পাঁও আৰু লগতে এই দেশৰ সহস্ৰাধিক উৎসৱ পাৰ্বনবোৰত শক্তিশালী ভ্ৰাতৃত্বৰ বাণী অনুভৱ কৰিব পাৰি।

সংস্কৃতি আৰু কলা হৈছে এক প্ৰকাৰৰ সামাজিক সংযোগবিন্দু যাৰ জৰিয়তে ভিন্ন সম্প্ৰদায়বোৰৰ মাজত ঐক্যতাৰ সৃষ্টি হয়। আৰু লগতে সুৰক্ষাকেন্দ্ৰিক প্ৰতিষ্ঠান যেনে আৰক্ষী সেৱা, কেন্দ্ৰীয় আৰক্ষী, সেনাই প্ৰদান কৰা সুৰক্ষাজনিত পৰিৱেশে সকলো সম্প্ৰদায়, জাতিৰ মাজত শান্তি, সম্প্ৰীতি তথা সংস্কৃতিৰ উত্তৰণত সহায় কৰি আহিছে।

শান্তি আৰু স্থিতিস্থাপকতাৰ স্তম্ভবোৰ

ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিয়ে কেৱল সাংস্কৃতিক সম্প্ৰীতিকে নুবুজায়। দেশৰ অখণ্ডতা, ঐক্যতাৰ বাবে প্ৰয়োজন হয় কেতবোৰ শক্তিশালী প্ৰশাসনিক সংস্থা যাৰ জৰিয়তে সমাজত সমণ্বয় মজবুত হৈ থাকে। আৰক্ষী বিভাগ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বলৰ (চিএপিএফ) প্ৰচেষ্টাত সমাজত বৰ্তি থকা শান্তিৰ পৰিৱেশে দেশৰ সংহতিক কটকটীয়া কৰি ৰাখিছে।

বিগত বৰ্ষবোৰৰ একতা দিৱস সকলোৱে দেখিছে যে কেনেদৰে প্ৰশাসনিক বিষয়া আৰু নাগৰিক একেলগ লৈ তথা আৰক্ষী আৰু সম্প্ৰদায় একগোট হৈ ৰাষ্ট্ৰীয় সংহতিৰ পণ লৈছে। চৰকাৰী প্ৰশাসন যন্ত্ৰৰ এই সুৰক্ষা সেৱাৰ অহৰহ প্ৰচেষ্টাৰ ফলতেই সমাজত সৃষ্টি হোৱা বা সৃষ্টি হ’ব পৰা যিকোনো অসূয়া-অমংগল কুশক্তিক মষিমূৰ কৰি অহা হৈছে। এই চৰকাৰী সংস্থাৰ অহৰহ প্ৰচেষ্টাৰ ফলত চৰ্দাৰ পেটেল মিছন হিচাপে লোৱা ভাৰত ৰাষ্ট্ৰৰ সুসংহত ৰূপ আজি আমি দেখিবলৈ পাইছোঁ। চৰ্দাৰ পেটেলৰ প্ৰচেষ্টা তথা সুৰক্ষা আৰু চোৰাংচোৱাৰ দিশটোত বিশেষ আৰক্ষী সেৱাৰ বলে লোৱ প্ৰচেষ্টাৰ ফলতেই ভাৰতৰ বৰ্তমানৰ উত্তৰণ সম্ভৱ হৈছে।

সংহতিৰ নিৰন্তৰ প্ৰক্ৰিয়া

ৰাষ্ট্ৰীয় একতা দিৱসৰ ক্ষণত আমি সকলোৱে এতিয়া দেশৰ ঐক্যতাক অধিক শক্তিশালী কৰি ৰাখিবলৈ পণ লোৱা উচিত। চৰ্দাৰ পেটেলে স্বাধীনতাৰ পাছৰ ভাৰতক কূটনীতি আৰু সমণ্বয়ৰ মাজেৰে আজিৰ ভাৰতৰ ছবিখন দিবলৈ সক্ষম হোৱাৰ ফলতে আজি আমি ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ। চৰ্দাৰ পেটেলে প্ৰদৰ্শন কৰা বিচক্ষণতা, দূৰদৰ্শিতাই ভাৰতক এক হৈ থাকি বিশ্বৰ সম্মুখত চমকি থাকিবলৈ প্ৰেৰণা দিছে।

৩১ অক্টোবৰৰ দিনটোত ৰাষ্ট্ৰীয় একতা দিৱস পালনেৰে ৰাষ্ট্ৰই নাগৰিকক এয়া বুজাব বিচাৰিছে যে চৰ্দাৰ পেটেলে বাট দেখুৱাই যোৱা ৰাষ্ট্ৰীয় সংহতি স্থিৰ ধাৰণা নহয়, এয়া হৈছে এক গতিশীল ধাৰণা। এই গতিশীলতাই ৰাষ্ট্ৰৰ নাগৰিকক একত্ৰিত হৈ থাকিবলৈ উদ্বুদ্ধ কৰি আহিছে। চৰ্দাৰ পেটেলৰ কথাত, “কৰ্মই হৈছে ধৰ্ম, শ্ৰম হৈছে স্বৰ্গীয়, আৰু যি ব্যক্তিয়ে ইতিবাচক হৈ কৰ্মোদ্যম প্ৰদৰ্শন কৰে তেওঁ সদায় সুখ আৰু শান্তিত থাকে।” এই কথাই প্ৰতিটো ভাৰতীয় প্ৰজন্মক ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি উৎসৰ্গিত হৈ থাকিবলৈ প্ৰেৰণা দিয়ে।

চৰ্দাৰ বল্লভ ভাই পেটেলে প্ৰদৰ্শন কৰা ৰাষ্ট্ৰীয় সংহতিৰ বাৰ্তা এতিয়া প্ৰতিবছৰে ৩১ অক্টোবৰৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ মাধ্যমত দেশবাসীৰ মাজত বিয়পি পৰিছে। এই দিৱসে ভাৰতীয় নাগৰিকক বিদেশী অপশক্তিক প্ৰতিহিত কৰি এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰি যাবলৈ উৎসাহ দি থাকিব।

চৰ্দাৰ বল্লভভাই পেটেল