/asomiyapratidin/media/media_files/2025/02/23/3WTghgO20HMmplsCaQwh.jpg)
মানস ৰবীন. Photograph: (মানস ৰবীন.)
অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তি সম্পৰ্কীয় এক বিতৰ্কই অসমৰ সামাজিক-ৰাজনৈতিক জীৱন চানি ধৰা দেখা পাইছোঁ। এইসম্পৰ্কত কিবা ক'বলগীয়া আছে বুলি অনুভৱ কৰা নাছিলো, কাৰণ বিষয়টোৰ সৈতে জড়িত হৈ আছিল গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সৰৱ বিধায়ক অখিল গগৈ নিজেই।
কিন্তু কালি এগৰাকী বিধায়কে গীতাশ্ৰী তামুলীয়ে উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিষয়টো পোহৰলৈ আনিলে। তাকে লৈ সামাজিক মাধ্যমত তীৰ্যক মন্তব্যৰ ঢল উঠিল। ঠাট্টা-মস্কৰাই এনে পৰ্যায় পালেগৈ যেন উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাটো এটা মহাপাপহে! এইখিনি কথাৰ সম্পৰ্কে আমাৰ ক'বলগীয়া আছে।
দৃশ্যপটটো বুজিবলৈ আমি আজিৰ পৰা কিছু বছৰৰ আগলৈ ঘূৰি যাব লাগিব। এটা সময় আছিল যেতিয়া এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিকত অংক-বিজ্ঞানত ভাল নম্বৰ পালেই অভিভাৱকে বিজ্ঞান শাখাত নামভৰ্তি কৰাই দিছিল। ইয়াৰো আছে এক দীঘলীয়া কাৰণ। এটা অপ্ৰিয় সত্য এয়ে যে অসমত চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰায়ক্ষেত্ৰতেই নিকা নাছিল
এনেক্ষেত্ৰত বিজ্ঞান শাখাৰ পৰা গৈ চিকিৎসক-অভিযন্ত্ৰাৰ "লাইন"টোত যাব পৰাটো অসমৰ অধিকাংশ অভিভাৱকৰ বাবেই আছিল এটা ডাঙৰ সকাহ। বোধহয় গীতাশ্ৰী তামুলীও এনেধৰণৰ এক সামাজিক স্থিতাৱস্থাৰেই চিকাৰ। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞানৰ অধ্যয়ন বিশেষীকৃত অধ্যয়ন। এনেক্ষেত্ৰত বহুতো ছাত্ৰ-ছাত্ৰী, যিসকল দৰাচলতে কলা শাখাৰ বাবেহে উপযুক্ত তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ পৰ্যায়ত গৈ উজুটি খায়। এনে অলেখ উদাহৰণ আমাৰ সমাজত আছে।
গীতাশ্ৰী তামুলী এই ব্যৱস্থাটোৰ চিকাৰ বুলি এইবাবেই কৈছো, কিয়নো তেওঁ "অসমীয়া" বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিও দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হৈছিল। ইয়েই প্ৰমাণ কৰে যে তেওঁ মূলতঃ এগৰাকী কলা শাখাৰ ছাত্ৰী আছিল আৰু ভুলবশত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল।
এগৰাকী চিৰিয়াছ ছাত্ৰৰ বাবে এই ৰিজাল্টটো নিশ্চয়কৈ অসহনীয়। এই যুদ্ধখন যি যুঁজিছে তেওঁহে বুজি পায়। সমাজৰ কটাক্ষ, ঠাট্টা-মস্কৰা, অসহায় হুমুনিয়াহ কঢ়িয়াই এনেকুৱা ঘটনাৰ পাছত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই হতাশাৰ চিকাৰ হৈ ছাত্ৰজীৱনৰ সৰলৰৈখিক গতিৰ পৰা অৱনমিত হয়। ইয়াৰে গোটেছেৰেক ব্যতিক্ৰমৰ মাজত ডঃ গীতাশ্ৰী তামুলী অন্যতম বুলি জানি সুখী হৈছোঁ।
এটা জীয়া সপোনৰ ধংসস্তুপৰ পৰা নিজকে চম্ভালি পুনৰ কলা শাখালৈ ঘূৰি আহি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতক ডিগ্ৰী লাভ কৰি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শ্ৰেণীত পুনৰ প্ৰথম শ্ৰেণী লাভ কৰি কলেজৰ অধ্যাপিকা হিচাপে নিয়োজিত হোৱাটো এতিয়াৰ প্ৰজন্মৰ বাবে এক অতি প্ৰেৰণাদায়ক কাহিনী। এই কথাটো জনাৰ পাছত ব্যক্তিগতভাৱেও গীতাশ্ৰী তামুলীৰ প্ৰতি সন্মান অধিক বৃদ্ধি পালে।
বাকী আগতেও কৈছো গীতাশ্ৰী তামুলীৰ নিযুক্তি সম্পৰ্কে আমাৰ ক'বলগীয়া একো নাই। সেইদৰে বিশ্বজিত ফুকন ডাঙৰীয়াৰ পত্নীয়েও এখন মহাবিদ্যালয়ত অধ্যক্ষৰ পদ কেনেকৈ লাভ কৰিলে সেই সম্পৰ্কেও আমাৰ ক'বলগীয়া নাই, কিন্তু সামাজিক মাধ্যমত বহুতে তেওঁৰ বিষয়ে অশালীন মন্তব্য কৰাও দৃষ্টিগোচৰ হৈছে- এয়া আশাতীত ঘটনা।
শেষত আমাৰ আহ্বান এয়াই যে স্বামীসকলৰ ৰাজনৈতিক অভিলিস্পা পূৰণ কৰিবলৈ কোনেও যেন পত্নীসকলক দ্ৰৌপদী নসজায়। এয়া অসমৰ সমাজ-ৰাজনীতিৰ বাবে এক অশনি সংকেত। যিয়েই যিমান চাফাই নিদিয়ক কিয় ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া কাহানিও নিকা নাছিল। অৱশ্যে বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া কিছু নিকা হোৱা প্ৰত্যক্ষ কৰিছোঁ।