/asomiyapratidin/media/media_files/2025/08/11/ujjjd-2025-08-11-14-11-25.jpg)
অসমীয়া সাংস্কৃতিক জগতক মনে-প্ৰাণে ভাল পোৱা মানুহজন উভতি নহাৰ বাটেৰে চিৰদিনলৈ গ'লগৈ। অভিনেতা, নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে ৰাজ্য়বাসীক। বিশিষ্ট শিল্পীগৰাকীৰ সান্নিধ্য আৰু তেওঁৰ চিন্তা-চেতনাক লৈ অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি কুমাৰ দীপক দাসৰ এটি লেখা আজি 'মোৰ মত'ত প্ৰকাশ কৰা হ'ল...
এগৰাকী বিশিষ্ট নাট্যকাৰ ,পৰিচালক ,অভিনেতা তথা অতি আদৰৰ গীতিকাৰ আমাৰ অতি শ্ৰদ্ধাৰ হেমন্ত দত্তদেৱ আৰু নাই ৷ হেমন্ত দাৰ বিয়োগত আমি মৰ্মাহত হৈছো ৷ অসমৰ নাট্য আন্দোলনৰ আধুনিক যাত্ৰা এক বিৱৰ্ত্তনশীল প্ৰক্ৰিয়া আৰু এই যত্ৰাত এগৰাকী অতি প্ৰতিভাৱান কথা শিল্পী হেমন্ত দাৰ চিন্তা আৰু প্ৰয়োগৰ পৰশ চিৰ যুগমীয়া হৈ ৰ’ব ৷ আনহাতে এগৰাকী অতি সৌন্দৰ্যপ্ৰয়াসী সফল গীতিকাৰ হেমন্ত দত্ত আমাৰ সকলোৰে পথৰ পাথেয় হৈ ৰ’ব ৷
অতি মৰমীয়াল আৰু শান্ত প্ৰকৃতিৰ এইগৰাকী ব্যক্তি অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ উত্তৰণৰ বাবে আজীৱন কাম কৰাৰ লগতে বিশেষকৈ নাট্য শিল্প সাধনাৰে জড়িত হৈ ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা এই গৰাকী প্ৰথিতযশা নাট্যপ্ৰান হেমন্ত দত্তদেৱে এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে।
এই গীত সমুহৰ ভিতৰত ‘ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হয়। জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, চাৰু গোহাঁইকে প্ৰায় সকলো জনপ্ৰিয় শিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰে। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ বন্ধ কৰিব হাত, বন্ধ কৰিব মাত গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয়।অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ চলচ্চিত্ৰ খনো পৰিচালনা কৰিছিল ।
দত্তদেৱৰ উৎকৃষ্ট নাট সমুহৰ ভিতৰত ‘ এটা নষ্ট ল'ৰাৰ গল্প, পথ , টাইটানিক , সেন্দূৰ ,আকাশৰ দৰে মন, চক্ৰবেহু আদি উল্লেখযোগ্য নাট ।তেখেত এগৰাকী বিশিষ্ট অভিনেতা হিচাবে ‘ শেৱালি, অনিৰ্বাণ, মন-মন্দিৰ, বাৰুদ ইত্যাদি ছবিত অভিনয় কৰে। ভ্ৰাম্যমাণৰ নাটক টাইটানিকত তেওঁ কেপ্টইনৰ চৰিত্ৰত অভিনয় কৰি সমগ্ৰ অসমৰ ভ্ৰামমান থিয়েটাৰ দৰ্শকৰ হিয়াৰ আমঠু হৈ পৰিছিল ।
এই গৰাকী সাংস্কৃতিক মহানুভৱৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ ৷ ওৰেটো জীৱন শিল্প সাধনা কৰা আমাৰ অতি শ্ৰদ্ধাৰ হেমন্ত দত্তদেৱৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই শোক সন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগীহৈ সমবেদনা জ্ঞাপন কৰিলোঁ।