চলিহা ছাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি...

অসমীয়া পৌৰণিক সাহিত্যৰ বিশিষ্ট সাহিত্যিক, অধ্যাপক, শিক্ষাবিদ ভৱ প্ৰসাদ চলিহাৰ বিয়োগৰ পাছতে তেওঁলৈ একাজলি শ্ৰদ্ধাঞ্জলি যাচি প্ৰাক্তন সাংসদ, অগপ নেতা তথা সাংস্কৃতিক কৰ্মী কুমাৰ দীপক দাসৰ এটি লেখা আজি 'মোৰ মত'ত প্ৰকাশ কৰা হ'ল...

author-image
Asomiya Pratidin
New Update
চলিহা ছাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি...

অসমৰ বৈষ্ণৱ আন্দোলন আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু অৱদানৰ লগতে সাম্প্ৰতিক সময় সাপেক্ষ প্ৰয়োজনীয়তাৰ ওপৰত সঠিক বিস্তৃত বৈজ্ঞানীক বিশ্লেষণ আগবঢ়াই বৃহত্তৰ অসমীয়া সমাজ খনক চহকী কৰি থৈ যোৱা বিশিষ্ট শিক্ষাবিদ ভৱপ্ৰসাদ চলিহা ছাৰৰ বিয়োগৰ বাতৰি পাই মৰ্মাহত হ'লো।

Advertisment

বৈষ্ণৱ পণ্ডিত, শ্ৰীমন্ত শঙ্কৰদেৱ বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গৰাকীৰ বিয়োগত আমাৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি হ’ল। এগৰাকী বিৰল প্ৰতিভাধাৰী সৰল সহজ আৰু মৰমীয়াল শিক্ষাবিদক আমি হেৰুৱালো ।

১৯৩৪ চনত নাহৰকটীয়াত জন্ম গ্ৰহন কৰা ভৱ প্ৰসাদ চলিহাদেৱে শংকৰী সংস্কৃতিৰ অধ্যয়ন,শংকৰী সাহিত্যৰ সমীক্ষা,মাধৱদেৱৰ সাহিত্য,মাধৱদেৱ অধ্যয়নৰ ভূমিকা,মহাপুৰুষীয়া ধৰ্ম,ৰুক্মিণী হৰণ নাটকে ধৰি অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰি থৈ গৈছে ।চলিহা ছাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ছাৰৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক ।

ভৱপ্ৰসাদ চলিহা