/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-4-23-2026-01-17-11-21-11.jpg)
ডিজিটেল ডেস্কঃ অদম্য ইচ্ছা শক্তি থাকিলে যে দৰিদ্ৰতা বা অভাৱে কেতিয়াও বাধা হৈ থিয় দিব নোৱাৰে, তাকেই প্ৰমাণ কৰি দেখুৱালে খোৱাঙৰ এগৰাকী যুৱতীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজলিল তেল ডিপোত কৰ্মৰত মুনমী বৰা। লাগৰী খেলত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰিলে সোণৰ পদক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-2-2026-01-17-11-08-16.jpeg)
উল্লেখ্য় যে, তেল ডিপোৰ দৰে এক ব্যস্ত আৰু প্ৰত্যাহ্বানমূলক স্থানত কাম কৰিও নিজৰ সপোনক জীয়াই ৰাখিছিল মুনমী বৰাই। আৰ্থিকভাৱে পিছ পৰা পৰিয়ালৰ সন্তান মুনমীৰ মনত থকা উদ্যম আৰু সাহসে নিজৰ ঘৰখনৰ লগতে ডিব্ৰুগড়বাসীক গৌৰৱান্বিত কৰি তুলিছে।
শেহতীয়াকৈ যোৱা ২০২৫ বৰ্ষৰ ২৯ৰ পৰা ৩১ ডিচেম্বৰলৈ তামিলনাডুৰ আমেট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা 11th Senior National lagori Sports Championshipsত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰে সোণৰ পদক।মুনমীৰ এই সাফল্য লাভৰ পাছতে কৰ্মস্থলীৰ সমান্তৰালকৈ সমগ্ৰ অঞ্চলটোত আনন্দময় পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন দল-সংগঠনে মুনমীক এই বিৰল কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-i-2026-01-17-11-08-34.jpeg)
প্ৰণিধানযোগ্য যে, চৰাইদউৰ সাপেখাতী লখিমীপামৰ মিনেশ্বৰ বৰা আৰু প্ৰতিভা বৰাৰ সন্তান মুনমী বৰাই নিজৰ উপাৰ্জনৰ বাবে খোৱাঙৰ স্বৰ্ণ তেল ডিপোত কেইবাটাও বছৰৰ ধৰি কৰ্মৰত হৈ আছে যদিও নিজক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখি সফলতাৰ শিখৰ চুবলৈ সক্ষম হ'ল। ক্ৰীড়াৰ জৰিয়তেও যে মানুহে সফলতাৰ শিখৰ চুব পাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে খোৱাঙৰ তেলৰ ডিপোত কৰ্মৰত মুনমীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-imag-2026-01-17-11-08-54.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us