অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ নৌ সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ দেৱনাথ

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মৰিগাঁও চহৰৰ লঠাবৰিৰ মুনীন্দ্ৰ দেৱনাথ সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈ

author-image
Asomiya Pratidin
New Update
AP FOR WEB APSCt

ডিজিটেল সংবাদ, মৰিগাঁও : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মৰিগাঁও চহৰৰ লঠাবৰিৰ মুনীন্দ্ৰ দেৱনাথ সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। অসম লোকসেৱা আয়োগৰ অধীনত হোৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা নাথে অসম বিত্তীয় সেৱাৰ বিষয়া পদত অধিষ্ঠিত হ'ব।

মৰিগাঁও চহৰৰ ১ নং ৱাৰ্ডৰ লঠাবৰিৰ নিবাসী সুৰেন্দ্ৰ কুমাৰ নাথ আৰু স্বৰ্ণলতা দেৱীৰ কনিষ্ঠ পুত্ৰ মুনীন্দ্ৰ দেৱনাথ ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত  বিষয়া। সৰুৰে পৰা মেধাসম্পন্ন মুনীন্দ্ৰ দেবনাথে নৌ সেনাৰ চাকৰিৰ পৰা অৱসৰ লৈ  লক্ষ্য স্থিৰ কৰি কঠোৰ অধ্যয়ন কৰি প্ৰথমবাৰৰ বাবে অসম লোকসেৱা আয়োগ পৰীক্ষাত অৱতীৰ্ণ হৈ এই সাফল্য লাভ কৰিবলৈ সক্ষম হয় ।

apsc