/asomiyapratidin/media/media_files/2025/12/30/557-2025-12-30-19-53-49.jpg)
ডিজিটেল ডেস্কঃ ১৯৯৬ চনত সমাজত এক বৌদ্ধিক পৰিমণ্ডল সৃষ্টিৰ উদ্দেশ্যেৰে গুৱাহাটীত নর্থ ইষ্ট ফাউণ্ডেশ্যন নামেৰে এটি বৌদ্ধিক দাতব্য ন্যাস গঢ়ি তোলা হৈছিল। ন্যাসে বিগত বছৰবোৰত প্ৰথম উত্তৰ-পূব সাহিত্য উৎসৱকে ধৰি বিভিন্ন বৌদ্ধিক, সাংস্কৃতিক কার্যসূচী, গ্রন্থ প্রকাশ ইত্যাদিৰ কাম কৰি অহাৰ লগতে ২০২১ চনত সাহিত্য আৰু সাহিত্যিকক স্বীকৃতি দিয়াৰ উদ্দেশ্য "ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ" নামৰ বঁটা প্ৰৱৰ্তন কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-16-23-09.jpeg)
ইতিমধ্যে জাতীয় কবি আনিচ উজ্ জামান (২০২১), কবি ঔপন্যাসিক দিলীপ ফুকন (২০২২), গল্পকাৰ অনামিকা বৰা (২০২৩) আৰু সৌম্যদ্বীপ দত্ত (২০২৪)ক এই বঁটা প্রদান কৰিছে উক্ত ন্যাসে। এইবাৰ তথা ২০২৫ চনৰ বাবে 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ' ৰাজ্যৰে এগৰাকী চিন্তাশীল লিখক, সমালোচক তথা গৱেষক মুনীন বায়নলৈ আগবঢ়াব।
প্ৰণিধানযোগ্য যে, বায়নৰ 'প্রজ্ঞাৰ যাতনা' গ্ৰন্থখনৰ বাবে আগবঢ়োৱা হৈছে শীৰ্ষক সন্মান। অসমৰ সমাজ জীৱন আৰু সাহিত্যৰ লগতে ভাৰত আৰু বিশ্বৰ বিভিন্ন সাহিত্যিক, সামাজিক, ৰাজনৈতিক দর্শক আৰু মতাদৰ্শৰ বিষয়ে হৃদয়গ্রাহী আৰু মাৰ্গদর্শক আলোচনা কৰি অসমীয়া চিন্তাশীল সাহিত্য আৰু সমালোচনাক সমৃদ্ধ কৰি তোলা এগৰাকী চিন্তাশীল ব্যক্তিক উক্ত বঁটাৰ বাবে নির্বাচিত কৰিবলৈ পাই নির্বাচক মণ্ডলী আৰু নৰ্থ ইষ্ট ফাউণ্ডেচনৰ ন্যাসৰক্ষী মণ্ডলী অত্যন্ত আনন্দিত তথা গৌৰৱান্বিত বুলি মতপোষণ কৰে।
একেদৰে এক বিবৃতিত ইয়াকো উল্লেখ কৰে যে, নৰ্থ ইষ্ট ফাউণ্ডেশ্যনে মুনীন বায়নৰ এক সৃষ্টিশীল আৰু সমৃদ্ধজীৱন কামনা কৰিছে। তাৰোপৰি যিখন গ্ৰন্থৰ বাবে বায়নলৈ এই সন্মান আগবঢ়োৱা হৈছে নিৰ্দিষ্ট গ্ৰন্থখনৰ প্ৰকাশক ভৱানী বুক্ প্রাইভেট লিমিটেডকো অভিনন্দন জ্ঞাপন কৰে ন্যাস কৰ্তৃপক্ষই।
উল্লেখযোগ্য যে, এই বঁটাত আছে এখন গামোচা, চেলেং, স্মাৰক, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ পঞ্চাছ হাজাৰ টকা। ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত বিয়লি ৩-৩০ বজাত গুৱাহাটীত অনুষ্ঠিতব্য এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব বুলি নর্থ ইষ্ট ফাউণ্ডেশ্যনৰ সচিব পৰেশ কলিতাই জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-16-23-32.jpeg)
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মুনীন বায়ন বৃত্তিগতভাৱে এগৰাকী সাংবাদিক তথা লেখক। ১৯৮৫ চনত 'আজিৰ সময়' নামৰ পষেকীয়া আলোচনীখনৰ জৰিয়তে সাংবাদিকতাত প্ৰৱেশ কৰিছিল তেওঁ। তাৰ পাছত 'নতুন দৈনিক', 'দৈনিক অগ্রদূত' আৰু 'দৈনিক অসমত'ত বিভিন্ন দায়িত্বত কার্যনির্বাহ কৰিছিল।
মুনীন বায়নৰ প্ৰকাশিত গ্রন্থসমূহ হৈছে : ১) কিতাপ আৰু সংলাপ (১৯৯৯), ২) আন্টনিঅ' গ্ৰামছি জীৱন-সংগ্রাম-তত্ত্ব, (২০০০) ৩) জীৱনৰ স্বপ্ন দুর্নিবাৰ (২০০১), ৪) সংঘৰ্ষ আৰু সংলাপ (২০২৪), ৫) প্রজ্ঞাৰ যাতনা (২০২৪) ৬) চিনেমাৰ সুখ-দুখ, (২০২৫), সম্পাদিত কিতাপ ১. মধুপুৰৰ মধুকৰ শীলভদ্ৰ নিৰ্বাচিত গল্প (২০০০)।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us