/asomiyapratidin/media/media_files/2025/12/30/new-ap-web-11-11-24-new-2-2025-12-30-16-22-51.jpg)
ডিজিটেল ডেস্কঃ ১৯৯৬ চনত সমাজত এক বৌদ্ধিক পৰিমণ্ডল সৃষ্টিৰ উদ্দেশ্যেৰে গুৱাহাটীত নর্থ ইষ্ট ফাউণ্ডেশ্যন নামেৰে এটি বৌদ্ধিক দাতব্য ন্যাস গঢ়ি তোলা হৈছিল। ন্যাসে বিগত বছৰবোৰত প্ৰথম উত্তৰ-পূব সাহিত্য উৎসৱকে ধৰি বিভিন্ন বৌদ্ধিক, সাংস্কৃতিক কার্যসূচী, গ্রন্থ প্রকাশ ইত্যাদিৰ কাম কৰি অহাৰ লগতে ২০২১ চনত সাহিত্য আৰু সাহিত্যিকক স্বীকৃতি দিয়াৰ উদ্দেশ্য "ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ" নামৰ বঁটা প্ৰৱৰ্তন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-16-23-09.jpeg)
ইতিমধ্যে জাতীয় কবি আনিচ উজ্ জামান (২০২১), কবি উপন্যাসিক দিলীপ ফুকন (২০২২), গল্পকাৰ অনামিকা বৰা (২০২৩) আৰু সৌম্যদ্বীপ দত্ত (২০২৪)ক এই বঁটা প্রদান কৰা হৈছে।
এইবাৰ ২০২৫ চনৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ অসমৰ এগৰাকী চিন্তাশীল লিখক, সমালোচক আৰু গৱেষক মুনীন বায়নলৈ তেখেতৰ 'প্রজ্ঞাৰ যাতনা' গ্ৰন্থখনৰ বাবে আগবঢ়োৱা হৈছে। অসমৰ সমাজ জীৱনৰ আৰু সাহিত্যৰ লগতে ভাৰত আৰু বিশ্বৰ বিভিন্ন সাহিত্যিক, সামাজিক, ৰাজনৈতিক দর্শক আৰু মতাদৰ্শৰ বিষয়ে প্রাঞ্জলভাবে, হৃদয়গ্রাহী আৰু মাৰ্গদর্শক আলোচনা কৰি অসমীয়া চিন্তাশীল সাহিত্য আৰু সমালোচনাক সমৃদ্ধ কৰি তোলা এগৰাকী চিন্তাশীল ব্যক্তি মুনীন বায়নক এই বঁটাৰ বাবে নির্বাচিত কৰিবলৈ পাই নির্বাচক মণ্ডলী আৰু নৰ্থ ইষ্ট ফাউণ্ডেচনৰ ন্যাসৰক্ষী মণ্ডলী অত্যন্ত আনন্দিত তথা গৌৰৱান্বিত। নৰ্থ ইষ্ট ফাউণ্ডেশ্যনে মুনীন বায়নৰ এক সৃষ্টিশীল আৰু সমৃদ্ধজীবন কামনা কৰিছে। পুৰস্কৃত গ্ৰন্থখনৰ প্ৰকাশক অসমৰ এক অগ্রণী প্রকাশক প্রতিষ্ঠান "ভৱানী বুক্ প্রাইভেট লিমিটেড "কো অভিনন্দন জ্ঞাপন কৰিছে।
এই পুৰস্কাৰত আগবঢ়োৱা হয় গামোচা, চেলেং, স্মাৰক, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ পঞ্চাছ হাজাৰ টকা। ইপিনে ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত বিয়লি ৩ বাজি ৩০ মিনিটত গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ'ব বুলি নর্থ ইষ্ট ফাউণ্ডেশ্যনৰ সচিব পৰেশ কলিতাই জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-16-23-32.jpeg)
মুনীন বায়নৰ জীৱনপঞ্জী: মুনীন বায়ন বৃত্তিত সাংবাদিক-লেখক। ১৯৮৫ চনত 'আজিৰ সময়' নামৰ পষেকীয়া আলোচনীখনৰ জৰিয়তে সাংবাদিকতাত প্ৰৱেশ। তাৰ পাছত 'নতুন দৈনিক', 'দৈনিক অগ্রদূত' আৰু 'দৈনিক অসমত'ত বিভিন্ন দায়িত্বত কার্যনির্বাহ। সাহিত্য, সংস্কৃতিৰ লগতে তেওঁৰ আগ্ৰহ আৰু অধ্যয়নৰ অন্যতম বিষয় হৈছে ৰাজনীতি। গভীৰ সমাজ-মনস্কতা আৰু সমাজ-জিজ্ঞাসাই তেওঁৰ চাৰি দশকৰ সাংবাদিকাত আৰু লিখনিক সমৃদ্ধ কৰিছে। সাহিত্যৰ লগতে চলচ্চিত্ৰ আৰু সংগীতৰো তেওঁৰ অনুৰাগী।
মুনীন বায়নৰ প্ৰকাশিত গ্রন্থসমূহঃ ১. কিতাপ আৰু সংলাপ (১৯৯৯), ২. আন্টনিঅ' গ্ৰামছি জীৱন-সংগ্রাম-তত্ত্ব, (২০০০) ৩. জীৱনৰ স্বপ্ন দুর্নিবাৰ (২০০১), ৪. সংঘৰ্ষ আৰু সংলাপ (২০২৪), ৫ প্রজ্ঞাৰ যাতনা (২০২৪) ৬. চিনেমাৰ সুখ-দুখ, (২০২৫), সম্পাদিত কিতাপ ১. মধুপুৰৰ মধুকৰ শীলভদ্ৰ নিৰ্বাচিত গল্প (২০০০)।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us