বিটিআৰত চাকৰি দিয়াৰ নামত ১৫ লাখ টকা পৰ্যন্ত ঘোচ লোৱাৰ অভিযোগ

শেহতীয়াকৈ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে বন বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ VCDCৰ সচিব নিযুক্তিকলৈ অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
fere

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ শেহতীয়াকৈ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে বন বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ VCDCৰ সচিব নিযুক্তিকলৈ অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ টিপকাই প্ৰাইমাৰী সমিতিৰ দলীয় কাৰ্য্যালয়ত অনুষ্ঠিত এখন যোগদান সভাত স্থানীয় পাৰিষদ মুন মুন ব্ৰহ্মই উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ। 

Advertisment

মুন মুন ব্ৰহ্মই উল্লেখ কৰে যে, "এজন ব্যক্তিক দুটা ৰোল নম্বৰ দি নিযুক্তি দিয়া দেখিছোঁ। প্ৰতিটো চাকৰিৰ বাবে ৭-৮ লাখৰ পৰা ১৫ লাখ টকা পৰ্যন্ত ঘোচ লৈ নিযুক্তি দিয়াৰ লগতে ইউপিপিএল দলৰ নেতা সকলৰ অঙহী-বঙহী, ঘনিষ্ঠ সকলকহে নিযুক্তি দিছে। সেইবাবে বিষয়টো লৈ অভিযোগ দাখিল কৰা গৈছে, তাৰ ওপৰত তদন্ত আৰম্ভ হৈছে, সকলো তদন্তৰ আওতালৈ আহিব।"

Capture

ইফালে, প্রমোদ বড়োক কটাক্ষ কৰি কয় যে, "প্ৰমোদ বড়োই শিক্ষিত যুৱক সকলৰ ভৱিষ্যতকলৈ যি খেল খেলিলে সেয়া অতিকৈ দুৰ্ভাগ্যজনক।" একেদৰে হাগ্ৰামা মহিলাৰীয়ে ক্ষমতাত নাথাকিলে জ্বৰ হয় বুলি প্রমোদ বড়োৱে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুন মুন ব্ৰহ্মই কয় যে, "হাগ্ৰামা মহিলাৰী ৰাইজৰ লগত সদায় আছে, বিটিচিৰ সকলো ৰাইজৰ অন্তৰত হাগ্ৰামা মহিলাৰী আছে আৰু ৰাইজৰ সেৱা কৰি আহিছে। হাগ্ৰামা মহিলাৰীয়ে এইবাৰ চৰকাৰ গঠন কৰি দুগুণ শক্তিত কাম কৰিব" বুলিও তেওঁ উল্লেখ কৰে।

প্ৰমোদ বড়ো