মুম্বাইৰ ক্ৰুজ জাহাজত এনচিবিৰ অভিযান, শ্বাহৰুখ খানৰ পুত্ৰসহ ৮জনক সোধ-পোছ…

মুম্বাইৰ ক্ৰুজ জাহাজত এনচিবিৰ অভিযান, শ্বাহৰুখ খানৰ পুত্ৰসহ ৮জনক সোধ-পোছ…

author-image
asomiyapratidin
New Update
মুম্বাইৰ ক্ৰুজ জাহাজত এনচিবিৰ অভিযান, শ্বাহৰুখ খানৰ পুত্ৰসহ ৮জনক সোধ-পোছ…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানক গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে। শনিবাৰে মুম্বাইৰ সাগৰৰ পাৰত এখন ক্ৰুজ জাহাজত অভিযান চলোৱাৰ পাছত নাৰ্ক'টিকছ কন্ট্ৰল ব্যুৰ চমুকৈ এনচিবিয়ে গ্ৰেপ্তাৰ কৰে ২২ বছৰীয়া আৰ্য়ানক। শ্বাহৰুখ খানৰ পুত্ৰৰ লগতে ৭জনকো গ্ৰেপ্তাৰ কৰা হয়। এই খবৰ লাভ কৰাৰ পাছতে অভিনেতা গৰাকীয়ে নিজৰ অধিবক্তাৰ কাৰ্যালয়লৈ যোৱা পৰিলক্ষিত হৈছে।

এনচিবিয়ে প্রথমে কয় যে- আৰ্য়ান খানসহ গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে সোধ-পোছ কৰি থকা হৈছে। তাৰপাছত পৰৱৰ্তী তদন্ত আৰম্ভ কৰা হ'ব। আৰু গ্ৰেপ্তাৰ কৰা কেইজনৰ ভিতৰত দুগৰাকী যুৱতীও আছে। উল্লেখ্য যে, এনচিবিয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে- মুনমুন ধমেছা, নুপুৰ সাৰিকা, ইছমীট সিং, মোহক জেচৱাল, বিক্ৰান্ত ছোকৰ, গোমিত চৌপ্ৰা, আৰ্য়ান খান আৰু অৰবাজ মচেন্ট।