কোৰোনাৰ বিৰুদ্ধে বৃহৎ অভিযান, মুম্বাইৰ ধাৰাৱীত ৭.৫ লাখ লোকৰ কৰা হ’ব স্ক্ৰীণিং…

কোৰোনাৰ বিৰুদ্ধে বৃহৎ অভিযান, মুম্বাইৰ ধাৰাৱীত ৭.৫ লাখ লোকৰ কৰা হ’ব স্ক্ৰীণিং…

author-image
asomiyapratidin
New Update
কোৰোনাৰ বিৰুদ্ধে বৃহৎ অভিযান, মুম্বাইৰ ধাৰাৱীত ৭.৫ লাখ লোকৰ কৰা হ’ব স্ক্ৰীণিং…

ডিজিটেল ডেস্কঃ মুম্বাইৰ ধাৰাৱীত ২৫ৰো অধিক লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত শনিবাৰৰ পৰা এলেকাটোত স্ক্ৰীণিং আৰম্ভ কৰা হয়। ধাৰাৱীত বৰ্তমান বিএমচিৰ লগতে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকেও স্ক্ৰীণিঙৰ কাম আৰম্ভ কৰিছে। জানিব পৰা মতে, কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এলেকাটোৰ প্ৰায় ৭.৫ লাখ লোককে স্ক্ৰীণিং কৰা হ'ব।

Advertisment

ইফালে, স্ক্ৰীণিং কৰা এজন চিকিৎসকে কয়- 'আমি ঘৰে ঘৰে গৈ মানুহবোৰক স্ক্ৰীণিং কৰিছো। লগতে আমি মানুহবোৰ পূৰ্বৰে পৰা কফ বা আন কোনো ৰোগত আক্ৰান্ত হৈ আছিল নেকি সেয়া নজৰ ৰাখিছো। আৰু তেওঁলোকে কোৰোনাত আক্ৰান্ত কোনো লোকৰ সংস্পৰ্শলৈ আহিছিল নেকি আমি সুধিছো। যদি তেনে কোনো লোকৰ তথ্য আমি লাভ কৰো তেন্তে তেওঁলোকক আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰিছো।'

আনহাতে, সাংসদ ৰাহুল শ্বেৱালে কয় যে, 'বিএমচি আৰু আৰক্ষীৰ লগতে আৰু বহু লোকে ইয়াত কাম কৰি আছে। আমাৰ বিশ্বাস যে অহা ১০দিনৰ ভিতৰত আমি ধাৰাৱীত স্ক্ৰীণিং কৰাৰ পাছত পৰিস্থিতি পূৰ্বতকৈ ভাল হ'ব।'