
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এখন কোভিড হস্পাতালত সূত্ৰপাত হোৱা অগ্নিকাণ্ডক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। এই ভয়ংকৰ অগ্নিকাণ্ডত এতিয়ালৈকে ১০গৰাকী ৰোগীৰ মৃত্যু হোৱা খবৰ পোৱা হৈছে। নিহতসকলৰ পৰিয়াললৈ ৫লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰি মুখ্যমন্ত্ৰী থাকৰেই নিহতৰ পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। তেওঁ লগতে কয় যে,কিছুদিনৰ আগেয়ে এই হস্পাতালখনক কোভিড হস্পাতাল হিচাপে ঘোষণা কৰা হৈছিল। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।