মুম্বাইত বড়ো লিখক সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন...

মুম্বাইৰ ৰাজস্থান ভৱনত অহা ১৭ মাৰ্চত  বড়ো লিখক সন্থাৰ ৪১ তম প্ৰতিষ্ঠা দিৱসক সংগতি ৰাখি ১৬ আৰু ১৭ মাৰ্চত মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থাৰ সহযোগত বড়ো সাংস্কৃতিক ও সাহিত্য উৎসৱ অনুষ্ঠিত হ’ব।

author-image
Asomiya Pratidin
New Update
jij্্

ডিজিটেল ডেস্কঃ মুম্বাইৰ ৰাজস্থান ভৱনত অহা ১৭ মাৰ্চত  বড়ো লিখক সন্থাৰ ৪১ তম প্ৰতিষ্ঠা দিৱসক সংগতি ৰাখি ১৬ আৰু ১৭ মাৰ্চত মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থাৰ সহযোগত বড়ো সাংস্কৃতিক ও সাহিত্য উৎসৱ অনুষ্ঠিত হ’ব। কাৰ্যসূচী অনুসৰি ১৬ মাৰ্চত আবেলি ৫ বজাত অসম আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যৰ পৰা অহা অংশগ্ৰহনকাৰী লিখক আৰু কবি সকলৰ পঞ্জীয়ন।  আবেলি ৬ বজাত বড়ো লিখক সন্থাৰ আজীৱন সদস্য সন্মিলন ।

১৭ মাৰ্চৰ পুৱা ৮ বজাত প্ৰতিনিধি সকলৰ পঞ্জীয়ন,  পুৱা ৯ বজাত বড়ো লিখক সন্থাৰ ৪১ তম প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন।  পুৱা ৯.৩০ বজাত বড়ো লিখক সন্থাৰ সাহিত্য বটা প্ৰদান, মুখপত্ৰ আৰু বিভিন্ন বড়ো পুথি  উন্মোচন । উক্ত সভাখন উদ্বোধন কৰিব পদ্মশ্ৰী মংগলসিং হাজোৱাৰীয়ে ।

বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সঞ্চালনা সভাত  অতিথি হিচাপে উপস্থিত থাকিব বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, মহাৰাষ্ট্ৰৰ ADGP IPS শিৰীষ জৈন, লিখক খ্ৰৌমসাৰ বসুমতাৰী, Film maker ৰাজনী বসুমতাৰী, লিখক তথা সমাজ সেৱক উপেন দেউৰী, মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থাৰ সভাপতি বীৰেন্দ্ৰ স্বৰ্গীয়াৰীয়ে ।

পুৱা ১০ বজাত বহুভাষি কবি সন্মিলন । কবি সন্মিলনত অংশগ্ৰহণ কৰিব মাৰাঠী ভাষাৰ ড০ প্ৰাধান্য দয়া পাৱাৰ,  ড০ নীতিন ৰিন্ধে,  প্ৰণৱ চাখাদেও,  চন্দ্ৰশেখৰ চানেকাৰ,  সংকেত মাহট্ৰে,  হেমাত ডিভাতে,  বড়ো ভাষাৰ পৰা বৈদ্যনাথ বসুমতাৰী, খ্ৰৌমসাৰ বসুমতাৰী,  বিনোদ কুমাৰ ব্ৰহ্ম,  অকণ চন্দ্ৰ বড়ো, দেবেন্দ্ৰজীত বসুমতাৰী সকল ।

দুপৰীয়া ১২.৩০ বজাত বড়ো লিখক সন্থাৰ উপ সভাপতি সাৰদা প্ৰসাদ মুছাহাৰীৰ সঞ্চালনাত  " Contributions of Bodo News papers, Journal, Magazines to the Bodo Literature " শীৰ্ষক আলোচনাচক্ৰত পাঠ পঢ়িব মতিন্দ্ৰ দৈমাৰীয়ে । আবেলি ৩ বজাত Literary program of Bodo Story telling.  পাঠ পঢ়িব মেছেং আজোলা ব্ৰহ্ম গয়াৰী,  ৰঞ্জয় ব্ৰহ্ম,  উমেশ ব্ৰহ্ম,  সদানন্দ দৈমাৰী, শ্যামচৰণ নাৰ্জাৰী আৰু নৱ কুমাৰ ব্ৰহ্মই। সলাগৰ শৰাই আগবঢ়াব বড়ো লিখক সন্থাৰ সাধাৰণ সম্পাদক আনন্দ ৰাম ৱাৰীয়ে।

মুম্বাই