/asomiyapratidin/media/media_files/2025/10/30/79-2025-10-30-17-40-38.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসমত অনুসূচিত জাতিৰ অধিকাৰ লুণ্ঠন কৰি আহিছে একাংশ অনা-অনুসূচিত জাতিৰ লোকে ৷ সেয়া জলজল-পটপট ৷ বহু কলেজৰ প্ৰৱক্তা, চিকিৎসক, আমোলা, কৰ্মচাৰীয়ে অনা-অনুসূচিত জাতি প্ৰমাণপত্ৰ উলিয়াই চাকৰি কৰি গৈছে৷ আনকি প্ৰাক্তন বিধায়কেও ভুৱা জাতিগত প্ৰমাণপত্ৰ উলিয়াইছে ৷
ইতিমধ্যে অনুসূচিত জাতিৰ সংগঠনসমূহৰ অভিযোগৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গঠিত ৰাজ্যিক পুনৰীক্ষণ সমিতিয়ে বহু লোকৰ জাতিগত স্থিতি স্পষ্ট কৰিছে ৷ অনুসূচিত জাতিৰ নহয় কোৱাৰ পিছতো বিভিন্ন পদত চাকৰি কৰি আছে ৷
এইবাৰ ৰাজ্যিক পুনৰীক্ষণ সমিতিয়ে ৰাজনৈতিক দলৰ প্ৰভাৱশালী নেত্ৰীক অনুসূচিত জাতিৰ নহয় বুলি ঘোষণা কৰিছে ৷ নেত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ভিত্তিৰ নিজকে অনুসূচিত জাতিৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে ৷ এই নেত্ৰীগৰাকী হৈছে মুন স্বৰ্ণকাৰ ৷
ৰাজ্যিক পুনৰীক্ষণ সমিতিয়ে চিআইডিৰ তদন্তৰ ভিত্তিত প্ৰকাশ কৰা এক নিৰ্দেশনাত মুন স্বৰ্ণকাৰে অনুসূচিত জাতিৰ নহয় সেয়া স্পষ্ট কৰিছে ৷ ১৮ ছেপ্টেম্বৰত দিছপুৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কাৰ্যালয়ত ৰাজ্যিক পুনৰীক্ষণ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷
ৰাজ্যিক পুনৰীক্ষণ সমিতিৰ অধ্যক্ষ তথা অসম চৰকাৰৰ বিশেষ সচিব কে জে হিলালী, সদস্য এ চি এছ কুলশ্ৰী নাথ, সদস্য আই পি এছ সুধাকৰ সিংহ, আৰু সদস্য গণেশ চন্দ্ৰ কাকতিৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ৷ পূৰ্বৰ ৭ জুলাইৰ বৈঠকত সিদ্ধান্ত মৰ্মে ইচিএই নং ৬২৯৪৭৬/৮৩৯ নিৰ্দেশনা যোগে মুন স্বৰ্ণকাৰসহ কিছু অভিযুক্তক নথি-পত্ৰ লৈ ১৮ ছেপ্টেম্বৰৰ শুনানিত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ৷
মুন স্বৰ্ণকাৰ নামৰ মহিলাগৰাকী শুনানিত উপস্থিত নাথাকিল ৷ বৈঠকৰ পিছতে ৰাজ্যিক পুনৰীক্ষণ সমিতিয়ে চিআইডিৰ তদন্তৰ ভিত্তিত প্ৰকাশ কৰা এক নিৰ্দেশনাত কৈছে যে মুন স্বৰ্ণকাৰে সমিতিত দাখিল কৰা নথিপত্ৰসমূহ পৰ্যালোচনা কৰা হয় ৷ কিন্তু তাৰ দ্বাৰা তেওঁ যে অনুসূচিত জাতিৰ হয় সেই দাবীক প্ৰমাণ কৰিব পৰা নাযায়।
চিআইডিৰ অনুসন্ধানৰ প্ৰতিবেদনৰ সৈতে একমত হৈ মুন স্বৰ্ণকাৰ অনুসূচিত জাতিৰ নহয় বুলি ঘোষণা কৰি মুন স্বৰ্ণকাৰৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰিবলৈ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগক পৰামৰ্শ দিছে সমিতিয়ে ৷ শিৱসাগৰ জিলাৰ দেহাজানৰ বাসিন্দা তথা গুৱাহাটীৰ জয়ানগৰৰ বসবাস কৰা মুন স্বৰ্ণকাৰৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ উত্থাপন কৰি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে অভিযোগ দাখিল কৰিছিল ৷
অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু উপদেষ্টা পৱিত্ৰ হাজৰিকাই এই বিবৃতিত মুন স্বৰ্ণকাৰক উচ্চতম ন্যায়ালয়ে দি থোৱা নিৰ্দেশনা অনুসৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ সঞ্জীৱ দাস আৰু পৱিত্ৰ হাজৰিকাই কয় যে এইগৰাকী মুন স্বৰ্ণকাৰে নিজকে ৰাজনৈতিক দলৰ বহু ডাঙৰ নেত্ৰী বুলি জাহিৰ কৰি ফুৰে ৷
ডাঙৰ ডাঙৰ নেতাৰ সৈতে থকা ফটো প্ৰচাৰ কৰি প্ৰভাৱ বিস্তাৰ কৰে ৷ কিন্তু নেত্ৰী হ’বলৈ তেওঁ বক্ৰ পথৰ আশ্ৰয় লৈছিল ৷ শাসকীয় বিজেপি দলত সহমৰ্মিতা আদায়ৰ বাবে নিজকে অনুসূচিত জাতিৰ বুলি জহাই প্ৰথমে বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী পদ দখল কৰিছিল ৷
এতিয়া সেই সহমৰ্মিতা আদায় কৰিয়েই বৰ্তমান অসম ৰাজ্যিক বিজেপিৰ ৰাজ্যিক উপ-সভানেত্ৰী পদত বহি আছে ৷ আমি ইতিমধ্যে শাসকীয় দল আৰু বিৰোধীদলসমূহক কৈ আহিছো যে প্ৰকৃত অনুসূচিত জাতিৰ লোক নোহোৱাৰ পিছতো একাংশ লোকে দলত ভাল পদবী পাবলৈ নিজকে অনুসূচিত জাতিৰ লোক বুলি চিনাকী দি আহিছে ৷
ভুৱা প্ৰমাণপত্ৰ উলিয়াই লৈছে ৷ তেনে লোকৰ বাবে প্ৰকৃত অনুসূচিত জাতিৰ লোকসকল ৰাজনীতিৰ ক্ষেত্ৰখনত বঞ্চিত হৈছে ৷ আমি বাৰে বাৰে তেনে হৈ থাকিব নিদিও৷ সেয়েহে প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰয়োজন হ’লে হম ৷
একেটা বিবৃতি তেওঁলোকে কয় যে দেশৰ পৱিত্ৰ সংবিধানে অতি পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল অনুসূচিত জাতিৰ লোকসকলক চাকৰি, শিক্ষা আদিত সংৰক্ষণ দিছে৷ যাৰ বাবে অনুসূচিত জাতিৰ লোকক জাতিগত প্ৰমাণপত্ৰ দিয়া হয় ৷ দেখা গৈছে যে অনুসূচিত জাতিৰ লোক নোহোৱাৰ পিছতো অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াই একাংশ লোকে চাকৰি, শিক্ষা আদিত সংৰক্ষণ লাভ কৰি প্ৰকৃত অনুসূচিত জাতিৰ লোকসকলক বঞ্চিত কৰিছে ৷ অনুসূচিত জাতিৰ অধিকাৰ লুণ্ঠন কৰা এইসকল লোকক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us