New Update
/asomiyapratidin/media/media_files/2025/12/05/410-2025-12-05-11-35-29.jpg)
ডিজিটেল ডেস্ক : দেশত চলি আছে ঘৰুৱা ক্ৰিকেট চৈয়দ মুস্তাক আলী টি- ২০ প্ৰতিযোগিতা। ভাৰতৰ বিভিন্ন চহৰৰ ষ্টেডিয়ামসমূহত বি চি চি আইৰ তত্বাৱধানত এই প্ৰতিযোগিতা চলি আছে।
প্ৰতিযোগিতাত ভালেকেইগৰাকী উদীয়মাণ খেলুৱৈ উজলি উঠিবলৈ সক্ষম হোৱাৰ উপৰিও জ্যেষ্ঠ ক্ৰিকেটাৰেও দাঙি ধৰিছে আশানুৰূপ প্ৰদৰ্শন। সম্প্ৰতি জাতীয় দলৰ পৰা বাহিৰত থকা মহম্মদ ছামীয়ে ঘৰুৱা ক্ৰিকেটত উইকেট পাবলৈ সক্ষম হৈছে।
একেদৰে বেটিঙত ঈশান কিষাণে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে। তেওঁ ৫খন মেচত সংগ্ৰহ কৰিছে ২৬৯ ৰান। তেওঁৰ গড় ৰান হৈছে ৬৭. ২৫।
ছামী আৰু ঈশান কিষাণে এই প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাট একপ্ৰকাৰ মুকলি কৰিছেই। আনহাতে কমলেশ নাগৰকটিয়েও সুন্দৰ বলিং আক্ৰমণেৰে এতিয়ালৈকে ৫খন মেচত ১১টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে।
একেদৰে ছাৰ্দুল ঠাকুৰেও পাইছে উইকেট। দেৱদত্ত পাডিকল, অভিষেক শৰ্মা, দীপক হুদায়ো বেটত ৰান পাবলৈ সক্ষম হৈছে। সম্প্ৰতি ব্যক্তিগত সৰ্বাধিক ৰানেৰে তালিকাৰ শীৰ্ষত আছে অভিষেক শৰ্মা। পঞ্জাৱৰ হৈ তেওঁ ১৪৮ ৰানৰ দৰ্শনীয় ইনিংছ খেলি জাতীয় দলত স্থান নিগাজি কৰিবলৈ সক্ষম হৈছে।
কিন্তু ইয়াৰ বিপৰীতে জাতীয় দলৰ আন এজন সদস্য ৰিয়ান পৰাগ চূড়ান্ত পৰ্যায়ত ব্যৰ্থ হৈছে। কোনো এখন মেচতে তেওঁ উজলি উঠিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ বিদৰ্ভৰে হোৱা মেচখনতো ৰিয়ানৰ অৱদান মাত্ৰ ৫ৰানৰ।
তাৰ মাজতে ঘৰুৱা ক্ৰিকেটাৰ মুখতাৰ হুছেইন উজলি উঠিবলৈ সক্ষম হৈছে। দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে অসমৰ মুখ্য বলাৰ মুখতাৰে। তালিকাৰ দ্বিতীয় স্থানত আছে মুখতাৰ হুছেইন।
৫খন মেচত তেওঁ দখল কৰিছে ১৩টা উইকেট। দেশৰ আগশাৰীৰ বলাৰৰ ভিৰৰ মাজত তালিকাৰ দ্বিতীয় স্থান দখল কৰাটো অসম ক্ৰিকেটৰ লগতে মুখতাৰৰ বাবেও আশাব্যঞ্জক খবৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us