/asomiyapratidin/media/media_files/2025/09/10/294-2025-09-10-18-25-24.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ অন্তৰ্গত বৰঙাবাৰী নিবাসী, বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি তথা মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুখেশ বৰা (৯০) আৰু নাই। বাৰ্ধক্যজনিত কাৰণত জীৱন মৃত্যুৰে যুঁজি মঙলবাৰে নিশা প্ৰায় প্ৰায় ২-০০ বজাত বৰঙাবাৰীৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ মুখেশ বৰাই।
শিক্ষকতাৰ সমান্তৰাল কৈ এগৰাকী বলিষ্ঠ অভিনেতা হিচাপে সুপৰিচিত মুখেশ বৰাই বৰঙাবাৰীৰ কনকলতা নাট্য কলা ভৱনত মঞ্চ নাটকত কৰা দূৰ্দান্ত অভিনয় আজিও সজীৱ হৈ আছে ৰাইজৰ মনত। ভাওনাৰো এগৰাকী সুদক্ষ অভিনেতা আছিল মুখেশ বৰা।
তদুপৰি এগৰাকী প্ৰতিভাৱান খেলুৱৈও আছিল তেওঁ। বৰঙাবাৰী কনকলতা নাট্য কলা ভৱনত, সুৰভি সাহিত্য সমাজ, ছয়দুৱাৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, বৰঙাবাৰী ৰাস উদযাপন সমিতিকে ধৰি বিভিন্ন সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল মুখেশ বৰা।
মৃত্যুৰ সময়ত দুই পুত্ৰ সহ দুগৰাকী বোৱাৰী, এগৰাকী বিবাহিত জীয়ৰী আৰু কেইবাটিও নাতি নাতিনীক ইহ সংসাৰত এৰি থৈ যায় তেওঁ। বৰঙাবাৰী কনকলতা নাট্য কলা ভৱন সমিতি, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰ্নিং ষ্টাৰ হাইস্কুল, সুৰভি সাহিত্য সমাজ, অগ্ৰণী মহিলা সামাজিক অনুষ্ঠান 'নবৰূপা', তেলীয়া চুক গাঁও উন্নয়ন সমিতি, ছয়দুৱাৰ ক্ৰীড়া সন্থা, গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান,দল-সংগঠন আৰু ব্যক্তিয়ে শিক্ষাবিদ গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
বৃহত্তৰ অঞ্চলটোৰ সকলোৰে প্ৰিয়ভাজন মুখেশ বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধ আৰু স্থানীয় ৰাইজ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। পিছত এক শোকাকুল পৰিৱেশত তেওঁৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।জীৱনৰ সুদীৰ্ঘ দিন শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ অঞ্চলটোক জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আজি বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলে বিদ্যালয়ৰ সমূহ পাঠ দান কাৰ্য্যসূচী বন্ধ ৰাখে।
তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা আৰু অধ্যক্ষ দীনেশ কুমাৰ কেচিয়ে।