/asomiyapratidin/media/media_files/2025/08/22/dddd-2025-08-22-15-07-19.jpg)
ডিজিটেল ডেস্কঃ দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ মাতৃৰ পছন্দৰ গাড়ীখন বাৰু কোনখন? মুকেশ আম্বানীৰ মাতৃ কোকিলাবেন আম্বানীৰ স্বাস্থ্য শেহতীয়াকৈ অৱনতি ঘটাত হস্পাতালত ভৰ্তি কৰা হৈছে। কোকিলাবেন আম্বানীৰ জীৱনশৈলীৰ বাবেও প্ৰায়ে সংবাদ শীৰ্ষত থাকে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, কোকিলাবেন আম্বানীৰ সবাতোকৈ প্ৰিয় গাড়ীখন হৈছে Mercedes Benz। এই বাহনখনতে বেছিভাগ সময় ভ্ৰমণ কৰে কোকিলাবেন আম্বানীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, এই গাড়ীখনৰ মূল্য প্ৰায় ৩.৭১কোটি টকা।
উল্লেখ কৰা প্ৰয়োজন যে, মুকেশ আম্বানীৰ ঘৰত বিশ্বৰ প্ৰায়বোৰ দামী বেণ্ডৰে বাহনৰ কালেকশ্যন আছে। ঘৰত থকা বাহনবোৰৰ ভিতৰত সবাতোকৈ আম্বানীৰ সবাতোকৈ প্ৰিয় বাহনখন হৈছে Rolls-Royce Cullinan। এই বাহনখনৰ মূল্য প্ৰায় ১৩কোটি টকা।
ইয়াৰোপৰি মুকেশ আম্বানীয়ে প্ৰায়ে ব্যৱহাৰ কৰে Mercedesৰ মায়বেক বেঞ্জ এছ ৬৬০। এই বাহনখনৰ মূল্য প্ৰায় ১০কোটি টকা। মুকেশ আম্বানীয়ে ব্যৱহাৰ কৰা প্ৰায়বোৰ বাহনেই হৈছে বুলেটপ্ৰুফ।