ডবকাত মহাম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ আমছুৰ...

সোমবাৰে হোজাই জিলা আমছু’ৰ উদ‍্যোগত ডবকাত দিনৰ ২-০০ বজাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাংলাদেশৰ ধৰ্মীয় সংখ‍্যালঘু হিন্দু লোকৰ ওপৰত চলি থকা নিৰন্তৰ অত‍্যাচাৰ, নিপীড়ন আৰু গুৰুতৰ নিৰাপত্তাহীনতাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ, ডবকা : সোমবাৰে হোজাই জিলা আমছু’ৰ উদ‍্যোগত ডবকাত দিনৰ ২-০০ বজাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাংলাদেশৰ ধৰ্মীয় সংখ‍্যালঘু হিন্দু লোকৰ ওপৰত চলি থকা নিৰন্তৰ অত‍্যাচাৰ, নিপীড়ন আৰু গুৰুতৰ নিৰাপত্তাহীনতাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

লগতে বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এজন যুৱকক কিছু মৌলবাদী চিন্তা দ্বাৰাৰ উগ্ৰবাদী লোকে নিৰ্মম বাবে প্ৰহাৰ কৰি গছত ওলমাই, গাত জুই লগাই হত্যা কৰা ঘটনাক তীব্ৰ নিন্দা কৰে। তাৰোপৰি বাংলাদেশৰ একাংশ ৰাজনৈতিক নেতাৰ ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলবিৰোধী উচটনিমূলক মন্তব‍্য তথা বক্তব‍্য আগবঢ়াই থকা কাৰ্য‍্যৰ বিৰুদ্ধে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ‍্য উপদেষ্টা মহাম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে হোজাই জিলা আমছুৱে।

জিলা আমছুৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন -জিলা সভাপতি কবিৰ আহমেদ লস্কৰৰ নেতৃত্বত ডবকা ৩৬ নং ৰাষ্ট্ৰীয় পথত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে ৰেলী কৰি ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হয় ৷

ডবকা