মহম্মদ ইউনুছৰ পুতুলা দাহ কৰি গৰজি উঠিল বাঙালি পৰিষদ অসম

বাংলাদেশত সঘনাই হিন্দু সম্প্ৰদায়ক আক্ৰমণ আৰু সম্প্ৰতি হিন্দু যুৱকৰ হত্যাৰ প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে বাংলাদেশক কঠোৰ সকীয়নি প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বাংলাদেশ সীমান্তত বিক্ষোভ প্ৰদৰ্শন আৰু মহম্মদ ইউনুছৰ  পুতুলা দাহ কৰি গৰজি উঠিল বাঙালি পৰিষদ অসম।বাংলাদেশত সঘনাই হিন্দু সম্প্ৰদায়ক আক্ৰমণ আৰু সম্প্ৰতি হিন্দু যুৱকৰ হত্যাৰ প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে বাংলাদেশক কঠোৰ সকীয়নি প্ৰদান কৰে। 

2c5e2aa5-84f1-414d-b902-593e75f88267

উল্লেখ্য যে- শ্ৰীভূমি জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিসৰ্জন ঘাটত বিক্ষোভ প্ৰদৰ্শন কৰি ভাৰত-বাংলাদেশ সীমান্তত মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হয়। লগতে বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে প্ৰতিবাদকাৰীসকলে।বৰ্বৰ দেশটোৰ সৈতে সকলো ধৰণৰ বাণিজ্য বন্ধ ৰখাৰ আহ্বান জনোৱা হয় শ্ৰীভূমিৰ আমদানি ৰপ্তানি সংস্থাক।চুবুৰীয়া দেশ বাংলাদেশত বৰ্তমানে অস্থিৰ পৰিৱেশ । দেশখনত এগৰাকী হিন্দু যুৱকক জীৱন্তে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি ইয়াৰ বিৰোধিতা অব্যাহত আছে বৰাক‌ উপত্যকাৰ বিভিন্ন ঠাইত। 

image (50)


ঘটনাৰ পাছৰে পৰাই শ্ৰী ভূমি জিলাৰ ভিন্ন প্ৰান্তত হিন্দু সংঘটনৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।‌ এইবাৰ ভাৰত বাংলাদেশ সীমা নিৰ্ধাৰণ কৰা কুশিয়াৰা নৈৰ পাৰত বাঙালী পৰিষদ অসম'ৰ ফালৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান মহম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মকৰ্তা সকলে। 

image (51)

আনকি মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিশেষকৈ বাংলাদেশত হিন্দু সকলৰ ওপৰত হোৱা অত্যাচাৰ তথা দেশখনৰ একাংশ লোকে ভাৰত বিৰোধী মন্তব্যৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে বাঙালী পৰিষদ অসমৰ কৰ্মকৰ্তা সকলে।

শ্ৰীভূমি