পাকিস্তানৰ সৈতে মিলি অসম তথা উত্তৰ-পূব দখলৰ পৰিকল্পনা কৰিছে বাংলাদেশে!

অসম তথা উত্তৰ-পূবৰ ওপৰত বাংলাদেশৰ চকু আগৰে পৰাই আছিল। সময়ে সময়ে বাংলাদেশৰ এই কুটিল অভিসন্ধি পোহৰলৈ আহে। চিকেন নেকক লৈ বাংলাদেশৰ লোভনীয় দৃষ্টি দেশৰ খনৰ নেতাৰ কৰ্মকাণ্ডত প্ৰকাশ পায়।

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ-পূবৰ ওপৰত বাংলাদেশৰ চকু আগৰে পৰাই আছিল। সময়ে সময়ে বাংলাদেশৰ এই কুটিল অভিসন্ধি পোহৰলৈ আহে। চিকেন নেকক লৈ বাংলাদেশৰ লোভনীয় দৃষ্টি দেশৰ খনৰ নেতাৰ কৰ্মকাণ্ডত প্ৰকাশ পায়। শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ এক কাৰ্যত পুনৰ প্ৰকাশ পালে বাংলাদেশৰ এই কুটিল মনোভাৱ। 

কিছুদিনৰ পূৰ্বে বাংলাদেশৰ ভ্ৰমণলৈ অহা পাকিস্তান সেনাৰ জেনেৰল ছাহিৰ ছামছাদ মিৰ্জা। পাকিস্তানৰ জেনেৰল গৰাকী মহম্মদ ইউনুছে প্ৰদান কৰা বাংলাদেশৰ মানচিত্ৰত আছে উত্তৰ-পূবৰ লগতে অসম। ইয়াৰ পিছতে বাংলাদেশৰ এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰত তথা উত্তৰ পূবত।

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত শিৰোনাম দখল কৰিছে এই বাতৰিয়ে। যোৱা দেওবাৰে  ইউনুছে পাকিস্তানী জেনেৰেলৰ সৈতে হোৱা বৈঠকৰ ছবি টুইট কৰে। এই টুইটতে প্ৰকাশ পাইছে  বাংলাদেশৰ বিকৃত মানচিত্ৰ থকা ‘আৰ্ট অৱ ট্ৰাইমফ’ শীৰ্ষক এখন কিতাপ উপহাৰ দিয়াৰ ছবি। 

বৃহত্তৰ বাংলাদেশৰ কথা প্ৰায়ে কৈ থকা মহম্মদ ইউনুছে কিয় পাকিস্তানক এই ছবিখন উপহাৰ দিলে তাক লৈ এতিয়া কূটনীতিবিদসকলে ভিন্ন ধাৰণা কৰিছে। পাকিস্তানৰ জৰিয়তে বাংলাদেশে অসম তথা উত্তৰ-পূবৰ দখলৰ পৰিকল্পনা কৰিছে নেকি বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

চিকেন নেকক নিজৰ দেশত অন্তভূৰ্ক্ত কৰিবলৈ বহুদিনৰে পৰা বিশ্ব মঞ্চত নানান যুক্তি দৰ্শাই আছিল বাংলাদেশে। বাংলাদেশৰ এই অভিসন্ধি প্ৰতিবাৰেই বুমেৰাং কৰি আহিছে ভাৰতে। কিন্তু বাৰে বাৰে মহম্মদ ইউনুছে অসম তথা উত্তৰপূব দখলৰ বাবে চুবুৰীয়া দেশৰ পৰা প্ৰত্যক্ষ-পৰোক্ষভাৱে সহায় বিচাৰি আছে।

তেনেক্ষেত্ৰত এইবাৰ ভাৰত বৈৰী পাকিস্তানৰ সৈতে হাত মিলাই অসম তথা উত্তৰ-পূবৰ চিকেন নেক দখলৰ অভিসন্ধি ৰচাৰ কথাও একেবাৰে নুই কৰিব নোৱাৰি। 

মহম্মদ ইউনুছ বাংলাদেশ ভাৰত-বাংলাদেশ সীমান্ত