/asomiyapratidin/media/media_files/2025/10/27/grgrtr-2025-10-27-14-04-26.jpg)
ডিজিটেল ডেস্কঃ আকৌ এবাৰ অসম তথা উত্তৰ-পূবক বাংলাদেশৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰিলে মহম্মদ ইউনুছে। শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে এই বিতৰ্কিত মানচিত্ৰখন।
এই বিতৰ্কিত মানচিত্ৰখন ইউনুছে উপহাৰ দিলে পাকিস্তানৰ যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ জেনেৰেল ছাহিৰ শ্বামছাদ মিৰ্জাক। দুয়োৰে ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। অৱশ্যে, সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্তমানলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনোধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
উল্লেখযোগ্য যে, জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাই যোৱা সপ্তাহত ঢাকা ভ্ৰমণৰ সময়ছোৱাত ইউনুছক লগ কৰিছিল। দেওবাৰৰ দিনা ইউনুছে পাকিস্তানী জেনেৰেলৰ সৈতে হোৱা বৈঠকৰ ছবি টুইট কৰিছিল। সেই টুইটত নতুন মানচিত্ৰখন দেখি হতভম্ব হৈ পৰিছে সকলো। এই মানচিত্ৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কি স্থিতি গ্ৰহণ কৰে, সেইয়া হব লক্ষ্যণীয়।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us