/asomiyapratidin/media/media_files/2025/11/17/ap-web-2-6-2025-11-17-20-04-03.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বাৰ্থত বাতৰি সংগ্ৰহ কৰিব গৈ ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহ কৰাৰ ঘটনা সংঘটিত হৈছে । চিৰাং জিলাৰ বাসুগাঁও চহৰত অস্বাস্থ্যকৰ পৰিৱেশত মুড়ি প্ৰস্তুতিকৰণ ভিডিও সংগ্ৰহ কৰাৰ বাবেই অসাধু মুড়ি ব্যবসায়ী তথা অশোকা মুড়ি ফেক্টৰীৰ স্বত্বাধিকাৰী অৰুপ দে ওৰফে টগাই ৰাজহুৱা স্থানত অপদস্থ কৰে চিৰাঙৰ প্ৰতিদিন টাইমৰ ব্যুৰ' তথা অসমীয়া প্ৰতিদিনৰ সাংবাদিক জয়ন্ত দেবনাথক।
জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বাৰ্থত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ অসাধু ব্যৱসায়ীৰ দ্বাৰা সাংবাদিক নিগ্ৰহ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ লগতে সাংবাদিক সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি বাসুগাঁও পৌৰসভাৰ নতুন সমিতিৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সাংবাদিক জয়ন্ত দেবনাথে তেখেতৰ বাহন পাৰ্কিং কৰিবলৈ হঠাতে প্ৰত্যক্ষ কৰে যে বাসুগাঁও পৌৰসভা কাৰ্য্যালয়ৰ সন্মুখতে থকা অশোকা মুড়ি ফেক্টৰীৰ পকী মজিয়াত দুজন শ্ৰমিকে অস্বাস্থ্যকৰ পৰিৱেশত খালি ভৰিৰে চাউল মোহাৰি আছে।
সেই দৃশ্য প্ৰত্যক্ষ কৰি সাংবাদিক গৰাকীয়ে সকলো দৃশ্য কেমেৰা বন্দী কৰে । কেমেৰাৰ সন্মুখত শ্ৰমিক সকলে কয় যে তেওঁলোকে মুড়ি ভজাৰ বাবে অনা চাউলত নিমখ মিহলাই আছে । এই দৃশ্য সংগ্ৰহ কৰাৰ পিছত এই দৃশ্য অন্যান্য সতীৰ্থ সাংবাদিক সকলক অৱগত কৰি বাসুগাঁও পৌৰসভাৰ শপতগ্ৰহণ অনুষ্ঠানত ব্যস্ত হৈ পৰে।
সেই বাতৰি সংগ্ৰহ কৰাৰ পিছত সাংবাদিক জয়ন্ত দেবনাথে পাৰ্কিং কৰি থোৱা নিজৰ বাহনখন আনিবলৈ যাওঁতে অসাধু মুড়ি অৰূপ দে ওৰফে টগা সাংবাদিক জয়ন্ত দেবনাথক আগচি ধৰি কাৰ পৰা অনুমতি লৈ ফেক্টৰীত প্ৰৱেশ কৰিছে ? কিয় ভিডিও বনাইছে ? আদি প্ৰশ্ন কৰাৰ লগতে গালিগলাজ কৰিবলৈ আৰম্ভ কৰে আৰু শাৰীৰিক ভাবে আক্ৰমণ কৰিবলৈ উদ্যত হয়।
সেয়া দেখি ওচৰতে থকা সতীৰ্থ সাংবাদিক সকল আগবাঢ়ি অহাত অৰূপ দে ওৰফে টগাই সকলো সংবাদকৰ্মী সকলক সাঙুৰি লৈ ৰাজহুৱা ভাবে অশালীন মন্তব্য কৰি থাকে। অৰূপ দে ওৰফে টগাৰ এই কৰ্মকাণ্ড দেখি উপস্থিত ৰাইজ হতভম্ব হৈ পৰে । ঘটনা সংক্ৰান্তত বাসুগাঁও প্ৰেছ ক্লাৱৰ সতীৰ্থ সকলক লৈ সাংবাদিক জয়ন্ত দেবনাথে অসাধু ব্যৱসায়ী অৰূপ দে ওৰফে টগাৰ বিৰুদ্ধে বাসুগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
কাইলৈ এই সন্দৰ্ভত চিৰাং জিলা আয়ুক্ত আৰু জিলা খাদ্য সুৰক্ষাৰ চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগলৈ এখনকৈ ৰাজহুৱা স্বাৰ্থজড়িত স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সকলো নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই এক অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ বাতৰি সংগ্ৰহ কৰাৰ বাবেই সাংবাদিক জয়ন্ত দেবনাথ সহ উপস্থিত অন্যান্য সাংবাদিক সকলক নানা ধৰনে অপবাদ জাপি দি অপমান কৰা কাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে আৰু অসাধু ব্যৱসায়ী জনৰ বিৰুদ্ধে বিভাগীয় ভাবে বিহীত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন বাসুগাঁও প্ৰেছ ক্লাৱৰ সভাপতি ভৃগুমুণি ৰায় আৰু সাধাৰণ সম্পাদক প্ৰসেনজিত কুমাৰ ৰায়ে ।
জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক বিভিন্ন দল সংগঠনে গৰিহণা দিয়ে আৰু জিলা আয়ুক্ত দৃষ্টি আকৰ্ষণ কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এইধৰনৰ কাৰ্য্যৰ বিৰুদ্ধে বিহীত ব্যবস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় বিশিষ্ট সমাজসেৱী পিযুষ কান্তি বৰ্মনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us