জি এম চি এইচত কেনে আছে বিশিষ্ট কাৰ্টুনিষ্ট মুবীন ৰাভা...

বিশিষ্ট কাৰ্টুনিষ্ট মুবীন ৰাভা বিগত এমাহ ধৰি চিকিৎসাধীন হৈ আছে। গল্ড ব্লাডাৰ ষ্টনৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰথমে দিছপুৰ জি এন আৰ চি হস্পাতালত ভৰ্তি হোৱা ৰাভাৰ ষ্টনৰ আকাৰ যথেষ্ট ডাঙৰ হোৱাৰ বাবে ইয়াৰ সংক্ৰমণে

author-image
Asomiya Pratidin
New Update
yjjjd

ডিজিটেল ডেস্কঃ বিশিষ্ট কাৰ্টুনিষ্ট মুবীন ৰাভা বিগত এমাহ ধৰি চিকিৎসাধীন হৈ আছে। গল্ড ব্লাডাৰ ষ্টনৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰথমে দিছপুৰ জি এন আৰ চি হস্পাতালত ভৰ্তি হোৱা ৰাভাৰ ষ্টনৰ আকাৰ যথেষ্ট ডাঙৰ হোৱাৰ বাবে ইয়াৰ সংক্ৰমণে পৰিস্থিতি জটিল কৰি তোলাত অসমীয়া প্ৰতিদিনৰ সাংবাদিক তথা বিখ্যাত কাৰ্টুনিষ্টগৰাকীক পিছত জি এম চি এইচলৈ স্থানান্তৰ কৰা হয়। 

বিগত প্ৰায় ১৫দিন জি এম চি এইচতে চিকিৎসা লৈ থকা ৰাভাৰ সংক্ৰমণৰ পৰিমাণ সম্পতি হ্ৰাস পাইছে। বৰ্তমান তেওঁ খোৱা-বোৱাও কৰিব পাৰিছে যদিও অতিকে দুৰ্বল হৈ থকাৰ বাবে তেওঁৰ অন্তিমটো অস্ত্ৰোপচাৰ কৰিব পৰা হোৱা নাই।

অৱশ্যে বৰ্তমান তেওঁ সংকটমুক্ত বুলি চিকিৎসকে পৰিয়ালক জানিবলৈ দিছে। চিকিৎসকে আশা কৰা মতে, তিনি-চাৰিদিনৰ পিছত পৰিস্থিতি একে থাকিলে তেওঁৰ শেষৰটো অস্ত্ৰোপচাৰ সম্পন্ন হ'ব। তাৰ পিছতহে তেওঁক ঘৰলৈ যাবলৈ দিয়া হ'ব। 

'অসমীয়া প্ৰতিদিন ডিজিটেল'