/asomiyapratidin/media/media_files/2025/09/03/mm-3-2025-09-03-18-21-25.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ নিজৰ অফুৰন্ত ক্ৰীড়া প্ৰতিভাৰ বলতে তেজপুৰৰ এগৰাকী সন্তানে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ভলীবল খেলুৱৈ হিচাপে উত্তৰ প্ৰদেশৰ ভলীবল লীগত অংশগ্ৰহণ কৰি বেষ্ট ব্লকাৰ হিচাপে কৃতিত্বৰ পৰিচয় দি সমগে অসমৰ ক্ৰীড়াক্ষেত্ৰখনলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ্য যে তেজপুৰ বাৰহলীয়া নিবাসী প্ৰয়াত অপূৰ্ব মহন্ত আৰু অসম চৰকাৰৰ লোকসেৱা বঁটাৰে বিভূষিত দক্ষ ক্ৰীড়াবিদ লনিতা বৰাৰ পুত্ৰ মৃত্যুঞ্জয় মহন্তই সৰুৰে পৰা ভলীবল খেলত কৃতিত্বৰ পৰিচয় দি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাৰ পিছত অলপতে অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশ ভলীবল লীগত স্থান লাভ কৰে।
উৰিষ্যাৰ কীট বিশ্ববিদ্যালয়ৰ স্নাতক অন্তিম ষান্মাসিকৰ ছাত্ৰ মৃত্যুঞ্জয় মহন্তই শেহতীয়াকৈ ভলীবল খেলৰ কৃতিত্বৰ বাবে বেংগালুৰুৰ নেচনেল চেন্টাৰ অব এক্সিলেন্সত অধ্যয়নৰ সুবিধা লাভ কৰিবলৈয়ো সক্ষম হৈছে।