/asomiyapratidin/media/media_files/2025/09/04/ujjj-2025-09-04-11-27-40.jpg)
ডিজিটেল সংবাদ, হাজোঃ পুত্ৰ সন্তান নথকাৰ বাবেই স্বামীয়ে পত্নীক বিচাৰিছে বিবাহ বিচ্ছেদ। কেৱল এয়াই নহয়, পত্নীক এৰি মচগুল হৈছে পৰকীয়া প্ৰেমত। কামৰূপৰ ডিমুৰ এই ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ অঞ্চল। পুত্ৰ সন্তান জন্ম দিব নোৱাৰা বাবেই স্বামীয়ে পত্নীক চলাইছে নিৰ্মম অত্যাচাৰ।
কামৰূপৰ ডিমু ডোৱক গাঁৱৰ স্বামী মৃদুল আলীয়ে নিজ পত্নীক অত্যাচাৰ চলোৱা বুলি গুৰুতৰ অভিযোগ আনিছে স্বয়ং নিজ পত্নীয়ে। উল্লেখযোগ্য যে দুটি কন্যা সন্তান থকাৰ পিছতো স্বামী মৃদুল আলীয়ে প্ৰতিদিনে চলাই গৈছে শাৰীৰিক মানসিক অত্যাচাৰ।
মূলত পুত্ৰ সন্তান নথকাৰ বাবেই মৃদুল আলীয়ে অন্য এগৰাকী মহিলাৰ সৈতে গঢ়ি তুলিছে অবৈধ সম্পৰ্ক। দুই কন্যা সন্তান আৰু পত্নীক এটা ফুটাকড়িও নিদিয়া মৃদুল আলীয়ে মছগুল অন্য এগৰাকী মহিলাৰ সৈতে চলাই গৈছে অবৈধ প্ৰেম। পত্নীয়ে বাধা প্ৰদান কৰাৰ বাবেই স্বামী মৃদুলে এতিয়া বিবাহ বিচ্ছেদ বিচাৰিছে পত্নীৰ পৰা।
উপায়ন্তৰ হৈ পত্নী দুই সন্তানক লগত লৈ উপস্থিত হল আৰক্ষী থানাত। এজাহাৰ দাখিল কৰিলে নিজ স্বামীৰ বিৰুদ্ধে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।