/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-21-47-34.jpg)
ডিজিটেল ডেস্কঃ মনত অদম্য হেপাঁহেৰে সাঁচিপাতক লৈ কাম কৰা নগাঁৱৰ এজন বিশেষ ব্যক্তি। গুৰুজনাৰ সৃষ্টিৰাজি ধৰি ৰখাৰ প্ৰয়াস এই শিল্পীগৰাকীৰ। ধিঙৰ আঠগাৱঁৰ মৃদু মৌচম বৰাৰ কৰ্মৰাজি এতিয়া সকলোৰে বাবে হৈ পৰিছে আৰ্দশ। প্ৰায় দুটা দশকৰো অধিককাল চিত্ৰকলাৰ লগতে সাঁচি পাতৰ পুথিত চিত্ৰ অংকন কৰি আহিছে এই গৰাকী শিল্পীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-21-42-49.jpeg)
সাঁচিপাতৰ পুথি চিত্ৰ অংকন কৰি শিল্পী গৰাকীয়ে লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি। ইতিমধ্যে নেপাল,শ্ৰীলংকা আৰু জাপানতো প্ৰৰ্দশিত হৈছে তেখেতৰ চিত্ৰ। নৱপ্ৰজন্মৰ মাজত সাঁচিপতীয়া পুথি অংকণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰি মৃত প্ৰায় শিল্পটো পুনৰুদ্ধাৰৰ ক্ষেত্ৰতো অহৰহ চেষ্টা কৰি আহিছে শিল্পী মৃদু মৌচম বৰাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-21-44-32.jpeg)
শেহতীয়াভাৱে মৃদু মৌচম বৰাৰ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ গোৱৰৰ কাগজ, পৰম্পৰাগত মুগা ৰেচম কাপোৰ আৰু সোণৰ ঢাকি থোৱা পাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা ৰামলালৰ এখন প্ৰতিচ্ছবি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্পণ কৰিছিল। ইয়াৰ ওপৰিও জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ প্ৰৱেশ দ্বাৰত দুইজনা শিল্পী ছবিও এই বিশেষ খাম পদ্ধতিৰে কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsap-2026-01-03-21-44-14.jpeg)
উল্লেখযোগ্য যে, ২০২১ চনত এই বিশেষ খাম পদ্ধতিৰে নিজকে সংযুক্ত কৰিছিল বৰাই। কিন্তু চাৰিটা বৰ্ষৰ ভিতৰতে মা কামাখ্যা, অসম গৌৰৱ এশিঙীয়া গঁড়, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাকে ধৰি খাম পদ্ধতিৰে প্ৰায় ১৮ পৰা ২০ খন ছবি অসম ভ্ৰমণত অহা ৰাজ্যৰ চৰকাৰৰ অতিথিক প্ৰদান কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে এই তালিকাত জাপানৰ স্পিকাৰ নুকাগা শুকুশ্বৰ'কো মৃদু মৌচম বৰাই খাম পদ্ধতিৰে নিৰ্মাণ কৰা প্ৰট্ৰেইট অসম চৰকাৰে প্ৰদান কৰিছে। লগতে ধিঙ আঠগাৱঁৰ এইগৰাকী শিল্পীয়ে বহুদিন ধৰি পৰম্পৰাগত মুখা,কাঠ খোদাই শিল্প আৰু টেৰাকোটাৰ ক্ষেত্ৰতো কাম কৰি আহিছে। ইয়াৰোপৰি তেখেতে পাণ্ডুলিপি ৰক্ষক হিচাপে অসমৰ প্ৰায় ত্ৰিশ শতাধিক দুষ্প্ৰাপ্য পুৰণি পুথিও সংৰক্ষণ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-imag-2026-01-03-21-45-24.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us