অভিযুক্তমুক্ত হ'ল অৰবিন্দ কেজৰিৱাল

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ চকুত চকুলো। কিয়নো অভিযুক্তমুক্ত হ'ল কেজৰিৱাল।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ চকুত চকুলো। কিয়নো অভিযুক্তমুক্ত হ'ল কেজৰিৱাল। দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰিলে ৰাউজ এভিনিউ আদালতে। শুক্ৰবাৰে কেজৰিৱাল,মনীষ ছিছ'দিয়াসহ ২৩ জন লোকক অভিযোগমুক্ত ঘোষণা কৰে। ৰাউজ এভিনিউ আদালতে আটাইকেইগৰাকীক দিলে ক্লীনশ্বীট। CBIৰ তথ্য-প্ৰমাণক অতি দুৰ্বল আখ্যা দিয়ে আদালতে। 

Delhi Excise policy case

দিল্লীৰ ৰৌজ এভিনিউ আদালতে উল্লেখ কৰে যে- দিল্লীৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী হিচাপে কেজৰিৱালে গ্ৰহণ কৰা আবকাৰী বিভাগৰ নীতিত কোনো আসোঁৱাহ নাছিল বা ইয়াৰ আঁৰত নাছিল কোনা অপৰাধমূলক উদ্দেশ্য় ৷ তাৰ পাছতে সংবাদমাধ্যমৰ আগত চকুপানী টুকি অৰবিন্দ কেজৰিৱালে মন্তব্য প্ৰকাশ কৰি কয় যে-- 'মই কোনো ভ্ৰষ্টাচাৰী নহয়। এয়া সংবিধানৰ জয় বুলি অভিহিত কৰো।'

অৰবিন্দ কেজৰিৱাল