যোৰহাট লোকসভা সমষ্টিত সাংসদ 'খেল মহোৎসৱ ২০২৫-২৬'ৰ শুভাৰম্ভ

তৃণমূল পৰ্যায়ত ক্ৰীড়া সংস্কৃতি শক্তিশালী কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ৰাষ্ট্ৰজোৰা প্ৰচেষ্টাত নতুন গতি প্ৰদান কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট লোকসভা সমষ্টিত ‘সাংসদ খেল মহোৎসৱ ২০২৫-২৬’ উদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
FDFDFDFDF

ডিজিটেল সংবাদ, মাজুলীঃ তৃণমূল পৰ্যায়ত ক্ৰীড়া সংস্কৃতি শক্তিশালী কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ৰাষ্ট্ৰজোৰা প্ৰচেষ্টাত এক নতুন গতি প্ৰদান কৰি, বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট লোকসভা সমষ্টিত ‘সাংসদ খেল মহোৎসৱ ২০২৫-২৬’ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। দেশজুৰি ক্ৰীড়াৰ প্ৰসাৰ, সুস্থতাৰ প্ৰচাৰ আৰু যুৱ প্ৰজন্মৰ ব্যাপক অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মাজুলীত অনুষ্ঠিত এই অনুষ্ঠান এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সাংসদ মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত মাজুলীৰ বিধায়ক ভুৱন গাম, বিজেপিৰ মাজুলী জিলা সভাপতি দীপক গোস্বামী, বিজেপিৰ যোৰহাট জিলা সভাপতি শান্তনু পূজাৰীৰ লগতে স্থানীয় প্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

দেশৰ বিভিন্ন সমষ্টিত ক্ৰীড়া কাৰ্যসূচী আয়োজনৰ জৰিয়তে এই ‘সাংসদ খেল মহোৎসৱে’ ৰাইজৰ অংশগ্ৰহণক উৎসাহিত কৰা, ক্ৰীড়াসুলভ মানসিকতা গঢ়ি তোলা আৰু স্থানীয় উদীয়মান প্ৰতিভাসমূহক চিনাক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মাজুলীত অনুষ্ঠিত এই শুভাৰম্ভণি কাৰ্যসূচীৰ অংশ হিচাপে পুৰুষ আৰু মহিলাৰ দুটা পৃথক শাখাত ‘অৰ্ধ মাৰাথন’ (Half Marathon) প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিভিন্ন বয়সৰ প্ৰায় ১,০০০ প্ৰতিযোগীয়ে তিনিটা দূৰত্বৰ শ্ৰেণীত অংশগ্ৰহণ কৰি এই অনুষ্ঠানক এক উৎসাহজনক সঁহাৰি আগবঢ়ায়। অংশগ্ৰহণকাৰীসকলৰ নিষ্ঠা আৰু ক্ৰীড়া মনোভাৱক স্বীকৃতি দি পুৰুষ আৰু মহিলা উভয় শাখাতে বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। 

পুৰুষ শাখাত নাহতেই এন ৱাংনাওৱে শীৰ্ষ স্থান দখল কৰে আৰু পৰৱৰ্তী স্থানসমূহত ক্ৰমান্বয়ে যোৰহাটৰ ব্ৰজেন টাই, গোলাঘাটৰ তিখেশ্বৰ কুৰ্মী, মাজুলীৰ অনুজ পেগু আৰু ডিব্ৰুগড়ৰ ৰমেন ৰাজপুত বিজয়ী হয়। আনহাতে, মহিলা শাখাত অনিতা দাসে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে যোৰহাটৰ এবলিন মুণ্ডা, চৰাইদেউৰ ৰূপালী মুণ্ডা, মাজুলীৰ গীতামণি পগাগ আৰু ডিব্ৰুগড়ৰ মমতা ওৰাঙে ক্ৰমান্বয়ে পৰৱৰ্তী স্থানসমূহ লাভ কৰে।

WhatsApp Image 2025-12-21 at 7.24.24 PM

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মাজুলীৰ পবিত্ৰ ভূমিৰ পৰা এই মহোৎসৱৰ শুভাৰম্ভ কৰিবলৈ পোৱাটো অতিকৈ ডাঙৰ সন্মানৰ বিষয় বুলি অভিহিত কৰে। তেখেতে প্ৰধানমন্ত্ৰীৰ “খেলোগে তো খিলোগে” (Kheloge toh khiloge) বাৰ্তাৰ ওপৰত আলোকপাত কৰি কয় যে সাংসদ খেল মহোৎসৱে সমগ্ৰ ভাৰতবৰ্ষত এক সজীৱ, সৰ্বাত্মক আৰু আকাংক্ষিত ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে। তেখেতে লগতে কয় যে এই পদক্ষেপক এক নতুন উচ্চতাত উপনীত কৰাবলৈ আৰু যুৱক-যুৱতীসকলৰ ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই যোৱা হ'ব।

যোৰহাট লোকসভা সমষ্টিৰ এই সাংসদ খেল মহোৎসৱৰ লগত সংগতি ৰাখি অনাগত দিনবোৰত ফুটবল, ভলীবল আৰু অন্যান্য পৰম্পৰাগত খেলৰ কেইবাখনো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, যিয়ে প্ৰতিটো বৰ্গ-শ্ৰেণীৰ লোকক বিভিন্ন ক্ৰীড়া শাখাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব।  অহা ২৪ ডিচেম্বৰ, ২০২৫ তাৰিখে ইয়াৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে এই খেল মহোৎসৱৰ সামৰণি পৰিব। 

যোৰহাটত সাংসদ খেল মহোৎসৱৰ এই আয়োজনে অঞ্চলটোত সুস্থতা, যুৱ সৱলীকৰণ আৰু এক সৰ্বাত্মক ক্ৰীড়া সংস্কৃতিৰ প্ৰচাৰৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰাৰ লগতে সামাজিক ঐক্য আৰু স্থানীয় ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা