/asomiyapratidin/media/media_files/2025/09/05/pb-5-2025-09-05-11-46-50.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ সুবিধাৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এটি উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক জেনেৰেটৰ ছেট আগবঢ়ায়। আজি মাংগলিক অনুষ্ঠানৰ মাজেৰে ফিটা কাটি, নাৰিকল ভাঙি সাংসদগৰাকীয়ে এই জেনেৰেটৰ ছেটটো স্থাপন কৰে।
এই জেনেৰেটৰ ছেট প্ৰদান কাৰ্যসূচীত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, বটদ্ৰৱা থানৰ নামলগোৱা ডম্বৰুধৰ গায়নকে আদিকৰি ভকত বৈষ্ণৱসকলে অংশ গ্ৰহণ কৰে। এই জেনেৰেটৰ ছেট প্ৰদান কৰা কাৰ্যসূচীৰ পাছত সাংসদগৰাকীয়ে থানৰ পৰা প্ৰস্থান কৰি সাংবাদিক সম্বোধন কৰে।
সাংসদগৰাকীয়ে সাংবাদিকৰ আগত পবিত্ৰ ভাদ মাহত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ সুবিধাৰ বাবে মই সামান্য অৰিহণা আগবঢ়াই নিজকে ধন্য মানিছো বুলি উল্লেখ কৰে। তাৰোপৰি তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাকো সমালোচনা কৰে।
তেওঁ কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক ৰজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। কেৱল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহকেহে উচ্ছেদ কৰিছে।
লগতে সাংসদগৰাকীয়ে কয়, যি বিলাক সংৰক্ষিত বনাঞ্চল আছে বা ৰিজাৰ্ভ আছে এইবিলাকত কোনো ধৰণৰ বেদখল হ’ব নোৱাৰে। আমাৰ চৰকাৰৰ দিনতো এনেকুৱা ধৰণৰ উচ্চেদ কৰিছিলো। কিন্তু এতিয়া উচ্ছেদক ৰজনৈতিক আহিলা হিচাবে লৈ তেওঁলোকে বাচি বাচি কেৱল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহকে উচ্ছেদ কৰিছে।