/asomiyapratidin/media/media_files/2026/01/30/zubeengauirag-2026-01-30-20-33-54.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰযোগে কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ বাবে আহ্বান জনায়।
এই পত্ৰখনত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে শোকস্তব্ধ হৈ পৰিছে। ২০২৫ৰ ৩ ডিচেম্বৰতো সাংসদগৰাকীয়ে জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ বাবে সদনত দাবী উত্থাপন কৰাৰ কথা জনায় প্ৰধানমন্ত্ৰীগৰাকীক।
মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ উপযুক্ত ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হ’ব বুলি পত্ৰখনত উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us