/asomiyapratidin/media/media_files/2025/12/09/437-2025-12-09-16-07-38.jpg)
ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।পকৰীয়া নৈৰ ওপৰত সিধাগুৰি আৰু খলাভূঞা গাঁৱৰ মাজত আছে কাঠৰ দুৰ্বল দলঙখন।
উল্লেখযোগ্য যে, চাৰিখন গাঁও পঞ্চায়তৰ ৰাইজক সামৰি আছে দলঙখনে। কাষতে এখন পকী দলং আছে যদিও এইখন বিধ্বস্ত কাঠৰ দলঙৰ বাবে পকী দলঙখন থাকিও নথকাৰ দৰেই হৈছে। কাৰণ এখনো গধুৰ যান বাহন পাৰ কৰিব নোৱাৰে এই দলঙখনেৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/whatsapp-im-2025-12-09-16-03-56.jpeg)
প্ৰণিধানযোগ্য যে, দুমাহ পূৰ্বে কোনোবা এজন ঠিকাদাৰে অলপ চূণ-তেল ঘহি নামতহে মেৰামতি কৰিছিল। এতিয়া সোলোক- ঢোলোক হৈ পৰিছে। ই- ৰিক্সা বা বাইক এখন পাৰ হ'লেই কপি উঠে ইমূৰৰ পৰা সিমূৰলৈ। একপ্ৰকাৰ যমৰ যাতনা ভুগি আছে বুৰগাও, পাভকাতিৰ ৰাইজে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/whatsapp-imag-2025-12-09-16-04-09.jpeg)
স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কৃষক চাকৰিয়াল, ব্যবসায়ী সকলোৱেই দুৰ্ভোগ ভূগি আহিছে। তাৰ পিছতো কিন্তু বিভাগীয় বিষয়া, অভিযন্তাই খবৰ নলয় কোনোদিনেই। যি কোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।
দলঙৰ তলত আছে ৫০/৬০ ফুট গভীৰতাৰ পানী। জানিব পৰা ৰাইজৰ দুখ দুৰ্গতিৰ কথা বুজি মন্ত্ৰীয়ে দলঙখনৰ মেৰামতিৰ বাবে ধন ঠিকেই আবন্টন দি আহিছে যদিও ঠিকাদাৰে খীৰতী গাই বনাই লোৱা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us