/asomiyapratidin/media/media_files/2025/10/10/ujjjdd-2025-10-10-18-04-49.jpg)
ডিজিটেল ডেস্কঃ জাতি বাচি বাচি আপুনি ৰাজনীতি নকৰিব৷ আপুনি এজন জ্ঞানী মানুহ, ডক্টৰেট ডিগ্ৰীধাৰী এজন ৰাজনীতিবিদ, আইনজ্ঞ, আপুনি ৰাজধৰ্ম পালন কৰক৷- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আহ্বান জনালে এগৰাকী মৌলনাই৷ মৌলনা মুফতি ছাইফুদ্দিন বুলবুলিয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে আপুনি ৰাজধৰ্ম পালন কৰক৷ ৰাজধৰ্ম পালন কৰি সকলো ধৰ্মৰ মানুহক মৰম কৰি আপুনি ৰাজনীতি কৰি যাওক, সকলোৰে দোৱা পাব, সেই দোৱাত আপোনাক ৰাজনীতিৰ পৰা কোনেও আঁতৰাব নোৱাৰে৷
মৌলনাগৰাকীয়ে জাতি বাচি বাচি কোনো ধৰণৰ উচ্ছেদ নচলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে যি ঠাইত উচ্ছেদ কৰিব লগা আছে তাত চৰকাৰী নিয়ম মতে উচ্ছেদ কৰিবলৈ আহ্বান জনায়৷ ‘বাংলাদেশীক উচ্ছেদ কৰিলো’ বুলি কৈ আমাক আৰু দুখ নিদিব বুলি মুখ্যমন্ত্ৰীক তেওঁ বিনম্ৰতাৰে অনুৰোধ জনায়৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী চালাক মানুহ বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে যদি মুছলমানক ভাল নাপায় জনাবসকলৰ আগত সেই কথা মুকলিকৈ মুখ্যমন্ত্ৰীক ক’বলৈও তেওঁ আহ্বান জনায়৷ আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত মৌলনাগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ ন্যায় গোটেই অসমে বিচাৰিছে৷ ইয়াত মিঞা-অসমীয়া বুলি ভাগ-বটোৱাৰা নকৰিব৷
মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলে জুবিন গাৰ্গক ন্যায় খুব সোনকালে ন্যায় দিব পাৰিব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে মিঠাতেলৰ দাম কমোৱাৰ কথা আপুনি ক’ব নালাগে, আপুনি মাত্ৰ জুবিন গাৰ্গক ন্যায় দিয়ক৷ জুবিন গাৰ্গৰ লগত উচ্ছেদৰ কি সম্পৰ্ক আছে বুলিও তেওঁ প্ৰশ্ন কৰে৷ তেওঁ কয় যে জুবিনৰ ন্যায়টো আমাক লাগে৷ কাৰণ যি জুবিনে ৩৮ হাজাৰ গীত গাইছে, ৪০ টাতকৈ অধিক ভাষাত গীত পৰিৱেশন কৰিছে, সেইগৰাকী শিল্পীৰ ন্যায় আমাক দিয়ক৷
আনহাতে, আন এগৰাকী মৌলনাই জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বিষয়টোত হিন্দু-মুছলমানক টানি নানিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়৷ লগতে ইয়াত উচ্ছেদৰ প্ৰসংগকো টানি নানাবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰীক উদ্দেশ্যি মৌলনাগৰাকীয়ে কয় যে প্ৰথমে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে৷ মানৱ ধৰ্মক প্ৰাধান্য দি আজি অসমৰ ৰাইজ ওলাই আহিছে জুবিনৰ ন্যায়ৰ দাবীত৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰথমে আপুনি ন্যায় দিয়ক, তাৰ পিছত উচ্ছেদ চলাওক, তাত আমাৰ ক’ব লগা একো নাই৷