/asomiyapratidin/media/media_files/2026/01/23/cxdaaza-2026-01-23-16-49-27.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ পৰা নদীপথেৰে গোৱালপাৰাৰ জ্বলেশ্বৰলৈ যাত্ৰা কৰি থকা এখন যন্ত্ৰচালিত যাত্ৰীবাহী নাওঁ কুন্তিৰ চৰ এলেকাত দুৰ্ঘটনাত পতিত হোৱা বুলি খবৰ পোৱা গৈছে। উক্ত নাওঁখনত প্ৰায় ৬০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/capdfsds-2026-01-23-17-02-27.jpg)
প্ৰাপ্ত তথ্য অনুসৰি, নৈৰ পানী যথেষ্ট পৰিমাণে শুকাই যোৱাৰ ফলত যাত্ৰীবাহী নাওঁখন লাগি ধৰে। পিছত নাওঁখন খুন্দা মৰাৰ ফলত বহু যাত্ৰী নৈৰ পানীত পৰি যায়। তথাপিও সৌভাগ্যক্ৰমে কোনো হতাহত বা প্ৰাণহানিৰ ঘটনা সংঘটিত নহয় আৰু সকলো যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/capturexxzxzxz-2026-01-23-17-02-40.jpg)
জানিব পৰা মতে, উক্ত যন্ত্ৰচালিত নাওখন ধুবুৰীৰ নৈৰ ঘাটৰ পৰা জ্বলেশ্বৰৰ পীৰবাবাৰ দৰগাহলৈ যোৱাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল। ইফালে, ঘটনাস্থলীত আতংকৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে স্থানীয় লোকৰ সহায়ত যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। ঘটনাক লৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us