/asomiyapratidin/media/media_files/2025/12/04/ikkkkd-2025-12-04-09-12-24.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ অসমৰ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত , অৰ্ধশতাধিক গ্ৰন্থ প্ৰণেতা, সুবক্তা,দৰংৰত্ন মঙলদৈৰ মতিদেৱ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ খৱৰে গুণমুগ্ধ সকলক শোকৰ সাগৰত পেলাই। বুধবাৰে ৰাতি ৭ মান বজাত শাস্ত্ৰীৰ গা বেয়া লগাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও প্ৰাথমিক চিকিৎসা কৰাৰ পিছতে ৮-৩৫ বজাত শাস্ত্ৰী ইহলীলা সম্বৰণ কৰে।
মৃত্যুৰ সময়ত মতিদেৱ শাস্ত্ৰী বয়স আছিল ৯৩ বছৰ । কোনোদিনে কোনো গুৰুতৰ ৰোগ নোহোৱা শাস্ত্ৰীৰ মৃত্যুত জিলা খনৰ লগতে ৰাজ্যখনৰ সাহিত্য জগতত শোকৰ ছাঁ পৰে। প্ৰয়াত মতিদেৱ শাস্ত্ৰী আছিল এখন অভিধান সদৃশ ব্যক্তি । মৃত্যুৰ এদিন আগলৈকে শাস্ত্ৰীয়ে খোজ কাঢ়ি বজাৰ সমাৰ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us