/asomiyapratidin/media/media_files/2025/11/26/ujjjdd-2025-11-26-14-08-18.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰত নামঘৰে-নামঘৰে ন-লগোৱা অনুষ্ঠান। অসমীয়াৰ এটি পুৰণিকলীয়া পৰম্পৰা হৈছে "আঘোনৰ ন-খোৱা বা ন-লগোৱা পৰম্পৰা" । অতীতৰ পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি বুধবাৰ চৰাইদউ জিলাৰ মথুৰাপুৰ উজনি কোঁৱৰ গাঁৱৰ নামঘৰৰ লগতে অঞ্চলৰ চুবুৰীয়া নামঘৰ সমূহতো ন-লগোৱা অনুষ্ঠানভাগ সুকলমে সম্পন্ন হৈ যায় বুলি জনায় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/f1ae4584-2402-4d56-aad1-03a6deccd362-2025-11-26-14-09-22.jpeg)
এই উপলক্ষে নামঘৰত দিনৰ ভাগত গাঁৱৰ সকলো ৰাইজ গোট খাই মাহ- প্ৰসাদ ,তামোল পান আদি নৈৱদ্যৰ লগতে কীৰ্তন পাঠ আৰু গুৰুসেৱা কৰি নামঘৰতে নতুন চাউলৰ পায়স আগবঢ়াই পৰম্পৰা ৰক্ষা কৰি ন-লগোৱা কৰ্মভাগ সুন্দৰকৈ পালন কৰে ৷
উল্লেখ্য যে,আঘোণ মাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ আঘোণ মাহৰ ন দিনৰ দিনা ন- লগোৱা প্ৰথা প্ৰচলিত হৈ আহিছে ৷ এই ন- লগোৱা অনুষ্ঠান কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us