মৰ্ণিং ষ্টাৰ ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট, ৰবটিকছ চাইন্স পাঠ্যক্ৰমৰ শুভাৰম্ভ

গহপুৰ সমজিলাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ আগশাৰীৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শৈক্ষিক ব্যৱস্থাত আজি নতুনকৈ সংযোজিত হয় আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট আৰু ৰবটিকছ চাইন্স পাঠ্যক্ৰমৰ।

author-image
Asomiya Pratidin
New Update
hdvgyuasgsyuqw

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ আগশাৰীৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শৈক্ষিক ব্যৱস্থাত আজি নতুনকৈ সংযোজিত হয় আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট আৰু ৰবটিকছ চাইন্স পাঠ্যক্ৰমৰ।

আধুনিক প্ৰযুক্তিগত শৈক্ষিক ব্যৱস্থাৰ লগত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলে সৰুৰে পৰাই যাতে ফেৰ মাৰি যাব পাৰে তাৰ ওপৰত গুৰুত্ব দি বিদ্যালয়খনৰ পৰিচালন সঞ্চালক যাদৱ চলিহা আৰু অধ্যক্ষ দীনেশ কুমাৰ কেচিৰ বিশেষ তৎপৰতাত বিদ্যালয়খনত সংযোজিত কৰা হৈছে এই প্ৰযুক্তিগত পাঠ্যক্ৰম। সেই উপলক্ষে আজি মৰ্ণিং ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উক্ত পাঠ্যক্ৰমৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই।

উক্ত পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰি দিয়া ভাষণত বিধায়ক উৎপল বৰাই কয় যে, অসমৰ গ্ৰামাঞ্চলৰ ছাত্র-ছাত্ৰী সকলে যি সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট আৰু ৰবটিকছ চাইন্সৰ বিষয়ে জানিবলৈ উৎসুক হৈ আছে ঠিক সেই সময়তে গ্ৰাম্য অঞ্চলত অৱস্থিত মৰ্ণিং ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে উক্ত পাঠ্যক্ৰমৰ বিষয়বস্তু ছাত্র-ছাত্ৰী সকলৰ মাজলৈ লৈ অনাটো সঁচাকৈয়ে আদৰণীয়।

পৰিচালন সঞ্চালক যাদৱ চলিহাই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটোত বিধায়কগৰাকীয়ে লগতে কয় যে, গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণৰ কাম চলি থকা কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট, ৰৱটিকছ চাইন্স, মেচিন লাৰ্নিংৰ দৰে আধুনিক প্ৰযুক্তিগত পাঠ্যক্ৰম সংযোজিত হ'ব। তেনেক্ষেত্ৰত মৰ্ণিং ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এতিয়াৰে পৰা আৰম্ভ কৰা আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট আৰু ৰবটিকছ চাইন্স পাঠ্যক্ৰমে নতুন প্ৰজন্মৰ মাজত ইতিবাচক প্ৰভাৱ পেলাৱ বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইফালে, অধ্যক্ষ দীনেশ কুমাৰ কেচিয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বিধায়ক উৎপল বৰাই গহপুৰৰ ১০ খন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত মৰ্ণিং ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলো এখন অন্যতম শৈক্ষিক প্ৰতিষ্ঠান বুলি উল্লেখ কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ নিয়মানুবৰ্তিতা আৰু সচেতনতাৰ শলাগ লয়।

উল্লেখযোগ্য যে-বিদ্যালয়খনে আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট, ৰবটিকছ চাইন্সৰ উপৰিও ক'ডিং,ৱেব ডিজাইনিং,গেমিঙৰ ওপৰতো গুৰুত্ব দিছে। চাইবাৰ সুৰক্ষাৰ ইণ্ডিয়া বিজনেজ হেড্ সনোজ এনপি আৰু চাইবাৰ সুৰক্ষাৰ প্ৰশিক্ষক মকবুল মহম্মদে ছাত্ৰ-ছাত্ৰী সকলক বৰ্তমান উক্ত পাঠ্যক্ৰমৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰিব।

তদুপৰি লণ্ডনৰ পৰা চাইবাৰ সুৰক্ষাৰ প্ৰশিক্ষক এমপি হৰিশেও ছাত্র-ছাত্ৰী সকলৰ লগত অন-লাইন মাধ্যমেৰে প্ৰশিক্ষণ বাবে যোগাযোগ ৰাখিব বুলি পৰিচালন সঞ্চালক যাদৱ চলিহাই জানিবলৈ দিছে। ক্ৰীড়া প্ৰশিক্ষক অপূৰ্ব সিংহই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ সিং ৰাজপুত,হেলেম(ক) জিলা পৰিষদৰ সদস্য নিৰণ হাজৰিকা, শংকৰলাল আগৰৱালা, শিৱ শৰ্মা, সাংবাদিক ভাস্কৰ জ্যোতি ভূঞা, নৱজিৎ শইকীয়া প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে।

গহপুৰ