১. কাইলৈ বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…
মঙলবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হব। ৯৪খন আসনৰ বাবে অনুষ্ঠিত হব এই ভোটগ্ৰহণ। ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অন্ত পৰিছে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব ৭ নৱেম্বৰত ফলাফল ঘোষণা কৰা হব ১০নৱেম্বৰত।
২. গুৱাহাটীৰ পাছতে এইবাৰ ৰাজ্যত অন্য এটা ৰোপ ৱেৰ কাম অচিৰেই আৰম্ভ…
গুৱাহাটীৰ পাছতে এইবাৰ ৰাজ্যত অন্য এটা ৰোপ ৱেৰ কাম অচিৰেই আৰম্ভ হব। দেওবাৰে বিশ্বনাথত এই ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশ্বনাথ ঘাটৰ পৰা উমাটুমনিলৈ এই ৰোপ ৱেৰ কাম আৰম্ভ হব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে চলিত বৰ্ষৰ নবেম্বৰৰ শেষৰ ফালে বিশ্বনাথৰ মেডিকেল কলেজৰ কামৰো শুভাৰম্ভ কৰা হব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ।
৩. প্ৰদেশ কংগ্ৰেছৰ পত্ৰ পায়েই সুৰ সলনি হল বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ…
প্ৰদেশ কংগ্ৰেছৰ পত্ৰ পায়েই সুৰ সলনি হল বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ। মিঞা মিউজিয়াম প্ৰসংগক তেওঁৰ ব্যক্তিগত মত বুলি অভিহিত কৰিলে বিধায়কগৰাকীয়ে। তেওঁ কয় যে, মই মোৰ বাক স্বাধীনতাহে সাব্যস্ত কৰিছো। গণতান্ত্ৰিক দেশত সকলোৰে এই অধিকাৰ আছে। ইফালে হিমন্ত বিশ্ব শৰ্মাকো প্ৰত্যাহ্বান জনাই শ্বেৰমানে কলে, সাহস আছে যদি, মোক জেলত ভৰাই দেখুৱাওক।
৪. অহা ১০ নৱেম্বৰত স্তদ্ধ হৈ পৰিব মধ্য অসম…
অহা ১০ নৱেম্বৰত স্তদ্ধ হৈ পৰিব মধ্য অসম। কিয়নো অসম বন্ধৰ আহ্বান কৰিছে তিৱা ছাত্ৰ সন্থাই। তিৱাক বিজেপি চৰকাৰে দীৰ্ঘদিন উপেক্ষা কৰি অহাৰ অভিযোগ তুলি এই বন্ধৰ আহ্বান কৰিছে সংগঠনটোৱে। ছাত্ৰ সংগঠনটোৱে এই বন্ধ সফল ৰূপায়ন আৰু বিজেপিক এইবাৰ প্ৰতিহত কৰিবলৈ জনতাক আহ্বান জনাইছে।
৫. বৰঝাৰ বিমানবন্দৰত সোণসহ এজনক আটক…
বৰঝাৰ বিমানবন্দৰত সোণসহ এজনক আটক। গুৱাহাটীৰ পৰা বেংগললৈ নিবলৈ লৈছিল সোণখিনি। CISFৰ তালাচীত ধৰা পৰিল লোকজন। আটক কৰা লোকজনৰ নাম টাইজুদ্দিন।
৬. প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন দাবী ৰূপজ্যোতি কুৰ্মীৰ
প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন দাবী ৰূপজ্যোতি কুৰ্মীৰ। সভাপতি ৰিপুন বৰাৰ সন্মুখতে পৰিৱৰ্তন দাবী ৰূপজ্যোতিৰ। 'নেতৃত্ব সলনি হ'লেই কংগ্ৰেছৰ ভাল দিন আহিব'। 'যুৱ নেতাৰ হাতত কংগ্ৰেছক গতালে ভাল হ'ব' । নেতৃত্বৰ পৰিৱৰ্তন সময়ৰ আহ্বানঃ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি
৭. মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ
মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ। আই পি এলৰ পৰা সন্যাস নলয় ধোনীয়ে। শেহতীয়াকৈ এই কথা নিজেই ঘোষণা কৰিলে ক্ৰিকেটাৰগৰাকীয়ে। উল্লেখ্য যে, ধোনীৰ প্ৰদৰ্শন দেখি সকলোৱে ভাৱিছিল যে আই পি এলৰ পৰাও ধোনীয়ে অৱসৰ লব। কিন্তু এইসকলোবোৰ সন্দেহ নস্যাত কৰি ধোনীয়ে কলে যে, মই আই পি এল খেলি যাম আৰু এতিয়াই অৱসৰ লোৱাৰ কথা মই ভৱা নাই।
৮. এইবাৰ প্ৰকৃতিৰ কালৰূপত বিধ্বস্ত ফিলিপিন্স
এইবাৰ প্ৰকৃতিৰ কালৰূপত বিধ্বস্ত ফিলিপিন্স। ঘন্টাত ২২৫ৰ পৰা ৩১০ কিঃমিঃ বেগত বলিছে প্ৰলয়ংকাৰী ধুমুহা বতাহ গৌনী। ইতিমধ্যে এই ভয়ংকৰ ধুমুহাত নিহত হৈছে ৪গৰাকীকৈ লোক। এতিয়াও সন্ধানহীন হৈ আছে বহুলোক। আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰিস, প্ৰশাসনে ১০লাখ লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছে।
৯. অৰুণাচল প্ৰদেশৰ নামচাইত অসম আৰক্ষীৰ কমাণ্ডোৰ গুলীত এজন লোক নিহত…
অৰুণাচল প্ৰদেশৰ নামচাইত অসম আৰক্ষীৰ কমাণ্ডোৰ গুলীত এজন লোক নিহত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। মাৰণাস্ত্ৰৰ সন্ধানত তিনিচুকীয়া আৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে সংঘটিত হয় গুলীচালনাৰ ঘটনা।
১০. মিঞা মিউজিয়াম সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰতিক্ৰিয়া…
মিঞা মিউজিয়াম সন্দৰ্ভত মুখ খুলিলে সাহিত্য সভাই। ৰাজনৈতিক লাভালাভৰ বাবে কৰা এনে বিতৰ্কই অসমীয়াৰ বৰঘৰ কম্পিত কৰিব নোৱাৰে বুলি মন্তব্য কৰিলে সভাপতি কুল শইকীয়াই।